ছাকিৰা আহিব বকুল তলৰ বিহুলৈ…

0

সংস্কৃতিৰ পথাৰখন এক লাভজনক উদ্যোগলৈ ৰূপান্তৰিত হোৱাৰ অৱধাৰিত ফলশ্ৰুতি হিচাপে বৰ্তমানে গীত-মাত, নাটক, থিয়েটাৰ ইত্যাদিবোৰ তৃণমূল জনজীৱনৰ পৰা লাহে লাহে বিচ্ছিন্ন হৈ পৰাৰ এক প্ৰক্ৰিয়া ইতিমধ্যেই আৰম্ভ হৈছে। জনগণৰ বেদনা, সমস্যা বা আনন্দবিলাক আজিকালিৰ জনপ্ৰিয় সংস্কৃতিৰ উপাদানবোৰে প্ৰতিফলিত কৰা খুব কমেই দেখা যায়।
পিছে এনেকুৱা সময়তো সামাজিক দায়িত্ববোধেৰে উদ্বুদ্ধ কিছু সাংস্কৃতিক কৰ্মীয়ে আশাৰ বতৰা কঢ়িয়াই অনা পৰিলক্ষিত হৈছে।
তৃণমূল জনগণৰ পৰা বিচ্ছিন্ন নোহোৱাকৈ, আদৰ্শগত অৱস্থান অক্ষুন্ন ৰাখিও যে বিকল্প জনপ্ৰিয় সংস্কৃতি নিৰ্মাণ কৰিব পাৰি, তাকেই দেখুৱালে যোৱাকালি হিমাংশু প্ৰসাদ দাসে।
ৰবীন্দ্ৰ ভৱনত ঠাহ খাই পৰা দৰ্শকৰ আগত দুটাকৈ দৰ্শনীৰে তেখেতৰ ৰচনা আৰু পৰিচালনাত মঞ্চস্থ কৰা হ’ল নাটক “ছাকিৰা আহিব বকুল তলৰ বিহুলৈ”…
নাটকখন পৰীক্ষামূলক। আৰু পৰীক্ষাত সফল…
কাহিনীৰ পটভূমি এখন বানে ধোৱা গাওঁ, নাম- বকুলতল। বানে মথাউৰী ছিঙি ইতিমধ্যেই তাণ্ডৱ চলাই বহু লোকৰ প্ৰাণ কাঢ়ি নিছে। সেই গাঁৱৰে স্থানীয় ক্লাব নবজ্যোতি সংঘ। গাঁৱত বহাগী বিদায় পাতিব লাগে, জুবিনক মাতিব লাগে- সেই লৈ ক্লাবৰ ল’ৰাকেইটাৰ নানা চিন্তা। ইফালে বেলেগ এখন গাৱঁত হেনো পাপনক মাতিলেই।
জুবিন আহিব-বহাগী বিদায় হ’ব; এইবোৰ আয়োজনৰ মাজতে জুবিনৰ মেছেজ আহিল যে তেওঁ আহিব নোৱাৰে। ইফালে প‍ইচা পাতি তুলিলেই।
তেনেকুৱাতে অদ্ভুত বুধি এটা দিলে বাহিৰত পঢ়ি থকা সেই গাঁৱৰে মেধাবী যুবক মানসে। সি ক’লে, ছাকিৰাই হেনো বছৰেকত কোনোবা তৃতীয় বিশ্বৰ দেশত বিনা প‍ইচাই শ্ব কৰে। গতিকে এইবাৰ সেই শ্বটো সিহঁতৰ গাৱঁতে পতা যাওঁক। যিবোৰ সংগঠনে এনেকুৱা শ্ববোৰ আয়োজন কৰে সেই সংগঠনবোৰৰ লগত তাৰ ভাল। গতিকে জুবিন-পাপন গুলি মাৰা, ছাকিৰা আহিব বকুল তলৰ বিহুলৈ।
তেনেতে দৃশ্যপটলৈ আহে গাঁৱৰে প্ৰগতিশীল সাংস্কৃতিক কৰ্মীৰ এটা দল। দৰ্শকৰ মাজেৰে দলটি গান-বাজনা কৰি মঞ্চত উঠেগৈ। সিহঁতে পৰিবেশন কৰা গান সমূহ মূলতঃ ৰাইজৰ কথা কোৱা সংগ্ৰামসুলভ চেতনাৰ গান। সিহঁতে ৰাইজৰ পৰা টকা-সিকা সংগ্ৰহ কৰি মথাউৰিটো বান্ধিব।
এই দলটোৰ আগমনৰ লগে লগে নাটকখনে এটা নতুন মোৰ লয়।
যিখন গাৱঁত বানপানীয়ে বছৰে বছৰে মানুহৰ জীৱনকেই অনিশ্চিত কৰি তোলে সেইখন গাৱঁত ছাকিৰাক লৈ উলহ মালহ আয়োজন!
আমাৰ সমাজ ব্যৱস্থাৰেই যেন তাচ্ছিল্যসূচক প্ৰতিচ্ছবি এয়া।
কাহিনী এনেকৈয়ে আগবাঢ়ে।
মথাউৰি বান্ধিবলৈ ওলোৱা দলটোৱে পৰিবেশন কৰা গীত-মাত আদিয়ে ভালকৈয়ে সমাজব্যবস্থাটোক ভ্ৰুকূটি কৰে।
ইফালে মানুহবোৰৰ ছাকিৰাক লৈ উত্‍সাহৰ অন্ত নাই। মথাউৰি-বানপানী সেইবোৰ পাহৰিলেই। লাখে লাখে টকা ছাকিৰাৰ নামত উঠে, মথাউৰিৰ দানপাত্ৰ খালী হৈয়েই ৰয়।
একেবাৰে শেষত, ফাংচনৰ ৰাতি ছাকিৰা মঞ্চত নুঠে। মঞ্চত উঠে গাঁৱৰে চিনাকি মহিলা এগৰাকী, যি যোৱাটো বানত নিজৰ সন্তানক হেৰুৱাই মানসিক ভাৰসম্য হেৰুৱাই পেলাইছিল।
থুলমূলকৈ কাহিনীটো এনেকুৱাই।
পিছে এই কাহিনীটোক অৱলম্বন কৰি নাট্যকাৰ-পৰিচালকে যি বাৰ্তা দিব বিচাৰিছে, সেয়াই নাটকখনৰ মানদণ্ড ওপৰলৈ তুলি ধৰিছে।
ছাকিৰাৰ অনুষ্ঠানটোত হ’ব লগীয়া বিহু নৃত্যৰ আখৰাৰ দৃশ্যটো বৰ অৰ্থবহ। বিহু নৃত্যৰ মাজে মাজে “ৱাক্কা ৱাক্কা”ৰ ষ্টেপ সুমুৱাই দি যি অদ্ভুত ফিউজন কৰা হয়, সেয়া দৰ্শকক অকল আমোদেই নিদিয়ে- ভবাইয়ো তোলে। সেই দৃশ্যতেই অনুষ্ঠানৰ দিনা পৰিবেশন হ’ব লগীয়া খাদ্যৰ কথাও পতা হয়। ছাকিৰা আহিব, আৰু তিল পিঠা ঘিলা পিঠা খাই যাব- এয়া হ’ব পাৰে নে? সেয়ে পিঠাবোৰো অকমান বেলেগ হ’ব। পিছে বেলেগ মানে নো কেনেকুৱা হ’ব? এটা কেটলীমুখত দিয়া পিঠা লৈ তাত বিলাহী-গাজৰ-বন্ধাকবি কুটি দি আন এটা একেই পিঠা তাৰ ওপৰত দি সজা হ’ব কেটলীমুখত দিয়া বাৰ্গাৰ পিঠা!!
তাচ্ছিল্যসূচক এই সংলাপবোৰে সঁচাকৈ মানুহক ভবাই তোলে।
এই দৃশ্যৰ ঠিক আগে আগে “মৌজা হি মৌজা” গানটোৰ “আলি কাটি জালি দিম” অংশটো বজাই পৰিচালকে বৰ কৌশলেৰে সংস্কৃতিৰ ক্ষেত্ৰখনত আহি পৰা “কেটলীমুখত দিয়া বাৰ্গাৰ পিঠা”ৰ উদাহৰণ দাঙি ধৰিছে।
ইফালে সেই প্ৰগতিশীল সাংস্কৃতিক দলটো্ৱে গোৱা গীত মাতবোৰৰ বাবে দলটোৰ সদস্যকেইজনে প্ৰাণৰ ভাবুকি পায়। তেতিয়াই দলটো এৰি যাবলৈ ওলোৱা এজন নিৰাশ সদস্য‍‍ই কয়, কি হ’ব এনেকৈ সমাজৰ কাৰণে কাম কৰি? যাৰ কাৰণে আমি মৰিবলৈও সাজু সিহঁতেই দেখোন আমাক সহায় সহযোগ নকৰে। তাতকৈ আমি নিজৰ ঠাইত নিজে ঠিকে থাকিলেই হ’ল।
…হয়। স্ব-নিৰাপত্তাক লৈ সচেতন মধ্যশ্ৰেণীৰ মানুহৰ বাবে এনে চিন্তা অতি সুলভ। যেতিয়া বৈপ্লৱীক কাম কাজ মধ্যশ্ৰেণীৰ মাজৰ পৰা আৰম্ভ হয়, এনেকুৱা কথাৰ বাবেই ই ঈপ্সিত লক্ষ্য পোৱাৰ আগতেই নিঃশেষ হৈ যায়। তাৰ এখন সঁচা প্ৰতিচ্ছবি নাট্যকাৰে দেখুৱাইছে। এই সঁচা ছবিখন প্ৰদৰ্শন কৰিবলৈ যাওঁতে ৰোমাণ্টিক বিপ্লৱী চিন্তাৰ পৰা মুক্ত হোৱাটো অতি প্ৰয়োজন। নাট্যকাৰ এইক্ষেত্ৰত সফল।
পলায়নবাদৰেই নামান্তৰ সেয়াও স্পষ্টকৈ কোৱা হৈছে। দলটোৰ নেতাজনে গুছি যাবলৈ ওলোৱা সতীৰ্থক কয়, -যেতিয়ালৈকে সমাজখন ভালে নাথাকে, নিজে ইচ্ছা কৰিও ভাল হৈ থাকিব পৰা নাযায়। যেতিয়ালৈকে চুবুৰীয়া সকলোৱেই নিজৰ পদুলিবোৰ চাফাকৈ নাৰাখে, নিজৰ পদুলিটো চাফাকৈ ৰাখিলেও আচম্বিতে অহা বতাহে মুহুৰ্ততে জাবৰেৰে ভৰাই পেলাব।
কিন্তু গুচি যাবলৈ ওলোৱা ৰূপম নামৰ সতীৰ্থজনক তেওঁ ইমান বুজায়ো ৰখাব নোৱাৰে। সি গুচি যায়। সেই তেতিয়াই নিক্ষেপিত হয় সংলাপ- “জামিন লৈ ক’ত যাবি ৰূপম… গোটেই দেশখনেই যেতিয়া জেইল হয়…!”
অৱশ্যে নাটকখনৰ ঠায়ে ঠায়ে অতি-জাতীয়তাবাদী বাৰ্তাক লৈ আমাৰ কিছু আপত্তি নথকা নহয়। বাংলাদেশী সমস্যা আৰু ইয়াৰ ফলত অসমীয়া জাতিসত্ত্বাৰ অস্তিত্ত্বৰ প্ৰতি ভাবুকিক লৈ নাটখনিৰ মাজেৰে এটি নাট্য মূহুৰ্তত নাট্যকাৰে উদ্বিগ্নতা প্ৰকা্শ কৰিছে। শ্ৰেণী চৰিত্ৰগত প্ৰশ্নবোৰ উলাই কৰা অসমীয়া মধ্যবিত্ত সমাজৰ এই উদ্বিগ্নতা নাটখনিত আমি আশা কৰা নাছিলোঁ।
এই বিশেষ কথাটোক নেতিবাচক বুলি গণ্য নকৰিলোঁহয় বা উলাই কৰিলোঁহয়, কিন্তু হিমাংশু প্ৰসাদ দাস তথা গুৱেৰ্ণিকা গোষ্ঠিক লৈ আমাৰ বহুত আশা- এটা বিকল্প সাংস্কৃতিক জাগৰণ সৃষ্টি কৰিবলৈ তেওঁলোকতকৈ অধিক সক্ষম গোষ্ঠী অসমত নায়েই; অন্ততঃ সেইবাবেই এই কথা উলাই কৰা নগল।
যিজন হিমাংশু প্ৰসাদ দাসে “ভোক” শীৰ্ষক বাটৰ নাটখনিৰে জনপ্ৰিয় স্তৰত বুজাই দিছিল শ্ৰেণীসংগ্ৰামৰ মৰ্মকথা, সেইজন হিমাংশু প্ৰসাদ দাসৰ পৰা আমি জাতীয়তাবাদী উদ্বিগ্নতা আশা নকৰোঁ। তেওঁৰ পৰা আমি আশা কৰোঁ জাতি-ধৰ্ম নিৰ্বিশেষে লগ হৈ শোষকক শেষ কৰাৰ কথা কোৱা নাটক।
কালিৰ নাটকখনিত দুয়োটা দৰ্শনীতেই হল ভৰ্তি দৰ্শক হোৱাটো সঁচাকৈয়ে আশাপ্ৰদ। মানুহবোৰে এতিয়াও ভাল বস্তু বিচাৰে। জনপ্ৰিয় স্তৰত সামাজিক দায়িত্ববোধৰ বাৰ্তা লৈ যোৱাত হিমাংশু প্ৰসাদ দাস পুনৰ সফল।
সফলতাৰ যাত্ৰা অক্ষুন্ন থাকক।
গুৱেৰ্ণিকা গোষ্ঠীলৈ অফুৰন্ত শুভকামনা…..

: গৌৰী শংকৰ ভূঞা,

পদাৰ্থ বিজ্ঞান বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়

অন্যান্য লেখা :

Share.

Leave A Reply