চুৰিদাৰযোৰ

0

“কিয়?”

“কি কিয়? পৰ্বতটো যে থিয়! একদম পুলিচে জেৰা কৰাদি কৰিছ যে?”

“এক মাৰ খাবি। মই তোক পৰ্বতটো থিয় নে পথালি সোধা নাই নহয়, যিটো সুধিছো সেইটো ক। আৰু যে পুলিচ নহয় মই।”

“কি সুধিছিলে বা আপুনি? অনুগ্ৰহ কৰি প্ৰশ্নটো আকৌ এবাৰ ক’ব নেকি বেয়া নাপায় যদি?”

“ওঁ..গম পালো। গ’লি মানে তই..ব্ৰেইন’লিয়া খাবি।”

“ব্ৰেইন’লিয়া? কিয়, সেইটো খালে ভোক গুছে নেকি? আৰু গ’লি বুলি যে কৈ দিলি, ক’লৈ যোৱা দেখিলিনো? মই আহি পাইছোহিহে দুই মিনিট আগত। আচল কথাটো হ’ল তোৰ দৃষ্টিশক্তি আৰু শ্ৰৱণশক্তি হ্ৰাস পাইছে। নহ’লেনো মই মানুহটো তোৰ সন্মুখতে ৰৈ থাকোঁতেই তই মোক ‘গ’লি’ বুলি কৈ দিয়নে? আজি পঞ্জিকাখনহে চাব লাগিব পাই! শুভ দিন, বাৰ, মুহূৰ্ত এটা চাই তোক ভাল চিকিত্সক এজনৰ ওচৰলৈ লৈ যাব লাগিব। এতিয়া যা, চাহ কৰগৈ।”

“নকৰো মই। দৰকাৰ আক’! তোক মই সুধিলো কি, ব’কিলি কি?”

“সেইয়া চা। মই কৈছো নহয় তোৰ কাণৰ গণ্ডগোল হৈছে বুলি! নহ’লেনো মি ইমানসোপা বকাৰ পিছত আকৌ কি ব’কিলি বুলি সোধনে?”

“তোৰহে মগজৰ গণ্ডগোল। নিজেই যাবি চিকিত্সক বিচাৰি; কিয় নানিলি ক?”

“কি নানিলোনো?”

“দাদা তোৰ বেছি হৈছে দেই, মাক লগাই দিম মই।”

“হেই? কি লগাবিনো কচোন, আগতে ময়ে শুনি চাওঁ।”

“মা দেখিছানে কেনেকে এইডালে কাজিয়া কৰি আছে মোৰ লগত..”

“চা ভণ্টি, মা আছে পাকঘৰত, তই আৰু মই আছো এইটো ৰুমত। মায়ে কেনেকে দেখিব কচোন।”

“মাক চাবলৈ কোৱা নাই নহয় মই।”

“অ’..তাৰমানে আজিকালি ‘দেখিছনে’ শব্দটোৰ অৰ্থ বেলেগ হ’ল নেকি? মই আক’ গমেই পোৱা নাছিলো পাই! পঢ়া-শুনা এৰা বহুদিন হ’লতো! তাতে চৰকাৰী চাকৰি; এইবোৰ গম লৈ ফুৰিবলৈ সময় ক’ত? আৰু কি কি শব্দৰ অৰ্থ সলনি হ’ল কচোন?”

“তোৰ মাথা।”

“হয় নেকি? কেনেকে? মই দেখোন একো গমেই নাপাওঁ! কচোন ক ভণ্টি, ভালকে ক কথাটো।”

“নেলাগে যাঃ। আৰু একো নোখোজোঁ মই তোক। আজি তিনিদিন হ’ল দৰমহা পোৱা, তথাপিও তই মোক চুৰিদাৰযোৰ আনি নিদিলি। সিদিনা দৰমহা পালে আনি দিম বুলি কৈছিলি নহয়? দোকানীটোৱে এতিয়া বেলেগক বেছি দিবগৈ আৰু সেইযোৰ..চাকৰিডালনো কিহৰ কাৰণে কৰিছ একো এটা আনি দিবই নোৱাৰ যদি? এনেই নামত ককায়েকটো হ’লি, ভনীয়েৰলৈ মৰম থাকিলেহে! আজিৰপৰা তোৰ কাপোৰ ধুই দিওঁ যদি চাবিচোন। নিজে ধুবি, নিজে ইস্ত্ৰি কৰিবি। বিচনাও নিজেই পাৰি ল’বি। সদায় যে ৰাতিপুৱা অফিচলৈ ওলাই বাইকৰ চাবি বিচাৰি মোৰ মূৰটো গৰম কৰ, কাইলৈৰপৰা বিচাৰি দিওঁ যদি চাবিচোন। চব্ নিজে কৰিবি। মই একো কৰি দিব নোৱাৰোঁ। চাহ বাকিও নুখুৱাওঁ।”

“হেই পাগলীজনী; হোঁ, ল। ৰাতিপুৱা মায়ে বনোৱা লুচিকেইখনৰ নিচিনাকেই ফুলি গৈছে মুখখন একেবাৰে! আৰু এইটো ল। চকলেট। অহাবাৰ দৰমহা পালে ‘ষ্টেপ্লাৰ’ এটাহে কিনিব লাগিব পাই!”

“নেলাগে যাঃ। এইবোৰ চব্ ঘূৰাই দিবি দোকানত। একো নেলাগে মোক। আজিৰপৰা তই দিলেও নলওঁ।”

“কি হ’লনো আকৌ?”

“কিয় ক’বিনো ষ্টেপ্লাৰ কিনিব লাগিব বুলি?”

“কি যে হ’ব তোৰ! অহা বছৰ বি. এ. পাছ কৰিবি, আৰু এতিয়াও সেই অভংজনী হৈয়ে থাকিলি। কিয়নো তোৰ মুখ বন্ধ কৰিবলৈ ষ্টেপ্লাৰ আনিম বাৰু মই? এনেইহে কৈছো, আকৰীজনী! অহাবাৰ দৰমহা পালে তোক আৰু এযোৰ চুৰিদাৰ আনি দিম বাৰু দেই। মুখখন ফুলাই খাকিব নালাগে এতিয়া।”

“সঁচাকে আনি দিবি দেই। মোৰ দাদাটো যে ইমান ভাল! যাওঁ, চাহ বাকোঁগৈ। বেচনৰ পকৰী বনাম আৰু ৰিং পাপৰো ভাজিম; তই ভাল পাৱ যে খাই..। মোক কিন্তু আনি দিবি দেই। আৰু কাইলৈ অফিচলৈ যোৱাৰ আগত দুশ টকা দি যাবি, এইযোৰৰ চিলনিৰ দাম। এতিয়া চাহ বাকোঁগৈ বাৰু..”

 

– পৰীস্মিতা কাকতি

সংযুক্ত স্নাতকোত্তৰ চতুৰ্থ ষান্মাসিক

গণিত বিজ্ঞান বিভাগ

তেজপুৰ বিশ্ববিদ্যালয়

অন্যান্য লেখা :

Share.

Leave A Reply