চিঠি (দেৱাশ্ৰী বৰগোহাঁই)

0

মৰমৰ অনুসূয়া

আশাকৰো কুশলে আছা । আজি বহুত দিনেই হ’ল চিঠি নিলিখাৰ । ব্যস্ততা আৰু এলাহ ভাৱে নিপাত কৰি পেলাইছে মোৰ সময়বোৰ । নৱনিযুক্তিৰ ব্যস্ততাক সাময়িক বিৰাম দি বহিছো তোমালৈ একলম লিখো বুলি ।

অনু, তুমিতো জানাই সৰুতে ককাৰ লগত আমাৰ ভাই-ভনী তিনিটাৰ সম্বন্ধ বৰ গভীৰ আছিল । তেওঁ কেতিয়াবা যদি আমাক ফৰকাল আকাশত সপ্তৰ্ষি মণ্ডল দেখুৱাইছিল কেতিয়াবা লৈ গৈছিল শাওঁণৰ পথাৰৰ হালোৱা- ৰুৱনিক চাহ-জলপান দিবলৈ । শিকাইছিল চেচুৰৰ শিপাৰ পম খেদি চেচুৰগুটি বিচাৰিবলৈ, নৰাৰ পেপাঁ সাজিবলৈ । তেওঁৰ সাধুকথাৰ ভঁৰালৰ পৰা শুনোৱা কাহিনীয়ে কেতিয়াবা আমাক বিচৰণ কৰাইছিল ৰূপকোঁৱৰৰ জোনাকীৰ দেশ আৰু কেতিয়াবা ৰামায়ণ-মহাভাৰতৰ ৰণক্ষেত্ৰ । ককাৰ মূখৰ পৌৰাণিক আখ্যান সমূহৰ দুটা চৰিত্ৰ মোৰ বাবে সদায়ে আকৰ্ষণৰ কেন্দ্ৰ আছিল । দাতা কৰ্ণ আৰু মহাৰাজ বলীৰ চৰিত্ৰ দুটাৰ প্ৰতি আজিও মোৰ আছে এক সুকীয়া দুৰ্বলতা । সেয়ে হয়তো বাৰে বাৰে পঢ়িও আমনি নালাগে ড. চন্দ্ৰপ্ৰসাদ শইকীয়াদেৱৰ মহাৰথী । আজিও ভাৱি ওৰকে নাপাওঁ কেনেকৈ এজন মানুহে নি:স্বাৰ্থ ভাৱে সৰ্বস্ব দান কৰিব পাৰে আনৰ মংগলৰ বাবে । হয়তো সেইয়া সম্ভৱ কেৱল কাহিনী, ৰূপকথা আদিতহে, বাস্তৱৰ পৃথিৱীত এইয়া কেতিয়াও সম্ভৱ নহয় । কিন্তু মোৰ এই ধাৰণা সম্পূৰ্ণ ৰূপে ভুল বুলি প্ৰমাণিত কৰিলে তামিলনাডুৰ পালাম কল্যাণসুন্দৰম নামৰ ৭৩ বছৰীয়া গ্ৰন্থগাৰিকজনে । প্ৰমাণ কৰিলে পুনৰাবৃত্তি হয় ইতিহাসৰ; সলনি হয় মাথো স্থান-কাল আৰু পাত্ৰবোৰ । নিছেই কম বয়সতে পিতৃহাৰা হোৱা তামিলনাডুৰ থিৰুনুলভেল্লী জিলাৰ মেলাকাৰিৱেলামকুলামত জন্মগ্ৰহণ কৰা কল্যাণসুন্দৰমক মাতৃয়ে সদায়ে মানৱসেৱাৰ বাবে অনুপ্ৰেৰণা যোগাই আহিছিল । মানৱ কল্যাণৰ সেৱাত জীৱন উৎসৰ্গিত কৰা কল্যাণসুন্দৰম গ্ৰন্থগাৰ বিজ্ঞানত সোনৰ পদক প্ৰাপ্ত হোৱাৰ উপৰিও সাহিত্য আৰু বুৰঞ্জী বিষয়ৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী । শ্ৰীভাইকুন্তামৰ কুমাৰকুৰুপাৰা আৰ্টছ কলেজত ৩০ বছৰ গ্ৰন্থগাৰিক হিছাপে সুছাৰুৰূপে কাৰ্যনিৰ্বাস কৰা কল্যাণসুন্দৰমে প্ৰ্তিমাহৰ সম্পূৰ্ণ দৰমহা দান কৰি আহিছে অভাৱগ্ৰস্ত সকলৰ সেৱাত । তেওঁ কলেজ ছুটীৰ পাছত বিভিন্ন ধৰণৰ কামত নিজকে নিয়োজিত কৰিছে নিজৰ মৌলিক প্ৰয়োজনসমূহ পূৰণৰ উদ্দেশ্যে । বৰ্তমানো তেওঁ অৱসৰৰ পাছতো কাম কৰে এখন হোটেলৰ পৰিচাৰ্যকৰূপে । য’ত তেওঁক দিয়া হয় দুবেলা দুসাঁজ আহাৰ আৰু নুন্যতম মজদুৰী । এই পাৰিশ্ৰমিক খিনিও দান কৰে দুখীয়া আৰু অনাথ শিশুসকলৰ শিক্ষাৰ ক্ষেত্ৰত । অৱসৰৰ সময়ত পোৱা প্ৰায় ১০ লাখ টকাও তেওঁ দান কৰিছে দুৰ্গত জনৰ সেৱাত । মানৱসেৱাৰ মূলমন্ত্ৰৰে উদ্ধুত চিৰকুমাৰ পালাম কুল্যাণসুন্দৰম বহুকেইটা ৰাষ্ট্ৰীয় তথা আন্ত:ৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত । কেন্দ্ৰীয় চৰকাৰে তেওঁলৈ আগবঢ়াইছে ভাৰতৰ শ্ৰেষ্ঠ গ্ৰন্থগাৰিকৰ বঁটা । ৰাষ্ট্ৰসংঘই আগবঢ়াইছে বিংশ শতিকাৰ শ্ৰেষ্ঠ ব্যক্তিৰ সন্মান ।কেমব্ৰিজস্থিত International Biographical Centre য়ে পৃথিৱীৰ মহান লোকৰ এজনৰ সন্মান আগবঢ়োৱাৰ উপৰিও আমেৰিকাৰ এটা সংস্থাই প্ৰদান কৰিছে শতিকাৰ ব্যক্তি সন্মানৰ লগতে প্ৰায় ৩০ কোটি টকা । আপেক্ষিত ভাৱে সমুদায় ধন তেওঁ দান কৰিছে দুখীয়া নিছলা সকলৰ সেৱাত ।

কল্যাণসুন্দৰমৰ মতে; ‘মানুহে তিনিটা উপায়ে ধন ঘটিব পাৰে । নিজে মজদুৰ কৰি, অভিভাৱকৰ পৰা নতুবা আনৰ পৰা দান হিচাপে । কিন্তু নিজৰ উপাৰ্জনৰ ধনেৰে আনক সহায় কৰিব পৰা সমান সুখৰ কথা আন একোৱেই হ’ব নোৱাৰে’ । এইজন মহান-মানৱৰ কৰ্মত মোহিত হৈ চুপাৰষ্টাৰ ৰজনীকান্তে তেওঁক নিজৰ পিতৃ হিচাপে গ্ৰহণ কৰিছে ।বৰ্তমানৰ স্বাৰ্থন্বেষী আৰু ভোগবাদী সমাজৰ বাবে পালাম কল্যাণসুন্দৰম এক অনুকৰণীয় আদৰ্শ নহয় নে ?

অস্‌ বৰ দীঘল হ’ল দেখুন চিঠি খন । আমনিয়ে লাগিছে ছাগে ন’ পঢ়ি । আজিলৈ সামৰিছো । চিঠি লিখি থাকিবা ।

ইতি

দেৱাশ্ৰী

নাজিৰাখাট, সোনাপুৰ

২৬/০৮/২০১৪

অন্যান্য লেখা :

Share.

Leave A Reply