চিঠি : অক্টোবৰ, ২০১৪ (বন্দিতা বৰুৱা)

0

মৰমৰ অনুপমা ,

মৰম জানিবা । আশাকৰোঁ ঘৰৰ সকলোৱে কুশলে আছা । মোৰো বৰ্তমান ভাল । তোমালৈ চিঠি এখনি লিখোঁ বুলি ভাৱি আছোঁ যদিও লিখা হোৱা নাই । ভাবি থাকিলেই নহ’ব আৰু বুলি আজি এইয়া বহি লৈছোঁ । ব…হু..ত বছৰৰ মূৰত চিঠি লিখা কামটোক এটা নতুন কাম কৰিবলৈ লোৱা যেন লাগিছে । তাতে মোৰ লিখাৰ মানদণ্ডৰ দীনতাৰ কথা ভাবি মনে মনে লাজো লাগিছে , লগতে এটা পুলকো অনুভৱ কৰিছো—— চিঠিৰ দিনৰ বহু পুৰণি স্মৃতি আহি মনত দোলা দি গৈছেহি । যি কি নহওঁক আজি লিখিম আৰু মোৰ মৰমৰ বান্ধৱীজনীলৈ দু-আষাৰ । জীৱনটোৰ সুদীৰ্ঘ পোন্ধৰ ষোল্ল বছৰতৈয়ো হয়তো বেছি সময় আমাৰ যোগাযোগ মাজতে নাছিল বান্ধৱীবোৰৰ সতে । আমি যেন জীৱনৰ বাটত হেৰাই গৈছিলো …. কেতিয়াবা ভাবি বিষাদগ্ৰস্তও হৈ পৰিছিলো । তোমাক যে মোৰ মনে প্ৰায়ে বিচাৰি ফুৰিছিল । প্ৰত্যেকৰে বাবে আমাৰ হৃদয়ত একোডোখৰ ঠাই থাকে নহয়নে অনুপমা ? আমি পিছে এটা কথা মানি লব লাগিব , আজি ‘ফেচ্ বুক’ ৰ বাবেই আমি বহু পুৰণি বান্ধৱী পুনৰ লগ হ’লো । ইমান দিনৰ মূৰত তোমালৈ চিঠিও ইয়াতেই লিখিছোঁ । চিঠি এটা সময়ত আমাৰ জীৱনত ওত:প্ৰোত ভাৱে জড়িত আছিল সচাকৈয়ে । চিঠি পঢ়ি বা লিখি আনন্দ পোৱা সকলৰ বাবেতো কথাই বেলেগ আছিল । দিন সলনি হয় …..স্বাভাৱিকতে । এতিয়া আমি মূহুৰ্ততে খবৰ পাব পৰাকৈ সকলো সুবিধা হৈ পৰিছে । তথাপিও আমি চিঠিৰ স্বাদ পাই অহা সকলে চিঠিৰ প্ৰতি দূৰ্বলতা অনুভৱ কৰোঁ । তুমি কটনত পঢ়ি থাকোতে মোলৈ দিয়া চিঠি মই মৰমতে সাঁচি ৰাখিছিলো । বহুদিন মোৰ লগত আছিল …. তোমাৰ সেই মৰম সিচঁৰিত চিঠি । কিন্তু আজি বৰ দূখে ক’ব লগা হৈছে —মই মৰম ভৰা টোপোলাটো ক’ৰবাত হেৰুৱালো চাগৈ , বিচাৰি পোৱা নাই এতিয়া । অৰ পৰা তলৈ ঘূৰি ফুৰোঁতে.. কিবা হ’ল। পোৱা হলে তোমাক তোমাৰ পুৰণা চিঠি দেখুৱালোঁহেতেন। সৰুতেই তুমি লিখা চিঠিবোৰত মাজে মাজে তোমাৰ ভাৱৰ গভীৰতা সানি দিছিলা । আজি তাৰ মাজৰে মোৰ মনত পৰা এষাৰি বাক্য তুলি ধৰোঁ দেই অনুপমা , — ” বন্দিতা, ত্যাগৰ ক্ষেত্ৰত নাৰী এগৰাকী পুৰুষতকৈ হয়তো এখোজ হ’লেও আগবঢ়া । চোৱাচোন ইম্মান মৰমৰ নিজৰ ওপজা ঘৰখনি বিয়াৰ পিছতে এৰি আহি অন্য এখন ঘৰ আকোঁৱালি ল’ব পাৰে কেৱল নাৰীয়েহে ।” এইষাৰ তোমাৰ কথাৰ মাজত সেই ন-বোৱাৰীজনী হৈ থাকোঁতে বহুত কিবাকিবি বিচাৰি পাইছিলো । সচাঁকে জীৱনটোত মানুহক কেৱ্ল কিতাপে জ্ঞানী কৰিব নোৱাৰে । অভিজ্ঞতাই ডাঙৰ কিতাপ । জীৱন এটি ডাঙৰ বিশ্ববিদ্যালয় । জীৱনৰ সুন্দৰতাৰ সোৱাদ আমি ল’ব লাগিব …. গভীৰ জীৱনবোধৰ মাজেৰে । অ’ জানানে ,তোমাৰ ‘অনুভৱৰ জোঁটনি’ খন ইতিমধ্যে আমাৰ ইয়াৰ কেইগৰাকীমানে মোৰ পৰা নি পঢ়িলে আৰু ভাল পাইছে । তুমি লিখা মেলা কৰি থাকিবা — শুভেচ্ছা সদায় আছে দেই — লিখি যোৱা তোমাৰ সুন্দৰ ভাৱবোৰ । লগৰীয়ে লিখা বুলি আমাৰো এটা বেলেগ হেঁপাহ জাগে পঢ়িবলৈ — তুমি জানা সেইয়া । আজিলৈ আহোঁ অনুপমা। পুনৰ হিঁয়াভৰা মৰমবোৰ ল’বা আৰু ঘৰৰ সকলোকে মান্যনুসৰি মোৰ মৰম তথা শ্ৰদ্ধা জনাবা।

ইতি

তোমাৰ বান্ধৱী বন্দিতা

 

অন্যান্য লেখা :

Share.

Leave A Reply