চলচিত্ৰ সংবাদ: “পানী পাইও পিয়াহ থাকি গল”

0

xondhan-pani-review

যদুমনি দত্তৰ ‘পানী’ চাই বৰ সানমিহলি ভাৱ হৈছে । সম্পূৰ্ণ চলচিত্ৰ নহৈ টেলি-ফিল্ম হৈ গ’ল । আচলতে চৰকাৰী খৰচত বনোওৱা বাবে বেলেগ আশা কৰাতোও মূৰ্খামিহে হ’ব চাগে । পিচে অসমীয়া চলচিত্ৰৰ যে সাংঘাতিক ভাবে সু-দিন আহি আছে তাৰেই সুন্দৰ নিদৰ্শণ এই ‘পানী’ । কলা-কুশলী সঁচাই প্ৰশংসনীয় ভাবে কাম কৰিছে । সুন্দৰ লোকেচন, সুন্দৰ চিনেমেটোগ্ৰাফি,সম্পাদনাত মই একো ক্ৰুটি নাপালো সেয়ে হয়তো চাবলৈও ভাল লাগিল । ইয়াত যদুমনি দত্তৰ পৰিচালনাৰ পাৰদৰ্শিতাক প্ৰশংসা নকৰি নোৱাৰি । অভিনেতাবোৰে সকলোৱেই প্ৰাণ ভৰি অভিনয় কৰাতো প্ৰকাশ পাইছে । বিষ্ণু খাৰঘৰীয়াৰ অভিনয়ক জুখি চাবলৈ হয়তো মই এতিয়াও সক্ষম হৈ উঠা নাই । হিমাংশু দাস, আইমী বৰুৱা, অতুল পাচনী, আশা বৰদলৈ, আদিয়ে নিয়াৰিকৈ চলাই লৈ গৈছে তেওলোকক প্ৰদান কৰা কাৰ্য্য । কিন্তু সচাই প্ৰশংসা কৰিব লাগিব গাওঁৰ ৰাইজক যিবোৰে সুন্দৰ এখনগাওঁ প্ৰদৰ্শন কৰাত সুন্দৰ অৰ্হতা যোগাইছে । সৰু সৰু হ’লেও বহু সময়ত দৰ্শকৰ মুখত হাঁহি বিৰিঙাবলৈ পৰিচালক সক্ষম হৈছে । কিন্তু এজন সাধাৰণ দৰ্শক হিচাপে চালে চলচিত্ৰখনত একোৱে নাই চাবলৈ । এজন সাধাৰণ দৰ্শকে যিবোৰ বিচাৰি যায়, একো নাপালে । মনত খাঁচ পেলাব পৰাকৈ কাহিনী, চিত্ৰনাট্য কাৰ্য্যকৰী নহ’ল । চিনেমেটিক দৃশ্য নাপালো দেখা সেইয়াই দুখ থাকি গল । কিন্তু এখন টেলি-ফিল্ম হিচাপে হে এইখন সুমান-প্ৰাপ্ত বুলি কব পাৰো । বাকী আপোনালোক ৰাইজে চালেই গম পাব, চালেই পাব নিভাজ অসমীয়া সমাজ এখনৰ সোৱাদ ।

– বিকাশ মুচাহাৰী

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.