চলচিত্ৰ সংবাদ : ‘কিক’

0

“কিক” চাই ভালেই লাগিল । কিন্তু চাজিদ নাদিয়াডৱালাৰ বহুতো ডাইৰেক্টৰিয়েল ভুল দেখিলো । যেনে কিছু অদৰকাৰী চিকুৱেন্স দেখিবলৈ পালো যিবোৰ নিদিলে হয়তো কাহিনী উপস্থাপন আৰু সুন্দৰ হৈ পৰিল হয় । যেনে প্ৰথম ১৫ মিনিটত থকা ছোৱালী পলাই লৈ যোৱা চিকুৱেন্স । সেয়া নিদিলে দৰ্শকৰ সময় আৰু বিনিয়োগকাৰীৰ টকা বাছিল হয় । নিজৰ চেৰিটিবোৰৰ কেনেকৈ সুন্দৰ ব্যৱহাৰ কৰিব লাগে সেয়া চলমান খানে ভালকৈ জানে, যেনে বিং হিওমেন, কেন্সাৰ । চলমান খানৰ স্টাৰডাম যদি চাব মন আছে তেন্তে দৰ্শকক কওঁ যে এয়া মুঠেই তেনে ধৰণৰ ছবি নহয় । মাজে মাজে কিছু তেওঁৰ পুৰণা ছবিৰ চিকুৱেন্স প্ৰয়োগ কৰিছে দৰ্শকক আপ্লুত কৰাৰ বাবে কিন্তু দৰ্শক ভুল নগ’ল । চলমান খানেএইবাৰ অভিনয়ত কিছু নতুন ৰস দিয়াত সক্ষম হৈছে আৰু এইবাৰ তেওঁক আগতকৈও চফলডেকা হেন দেখা হৈছে ।অভিনয়ত জেকুলিনক আৰু ৰনডীপক যিমানখিনি কাম দিয়া হৈছে সেয়া নিয়াৰিকৈ চলায় নিছে, বেছিও নহয়-কমো নহয় । কিন্তু নৱাজউদ্দিনছিদ্দিকিয়ে আকৌ দৰ্শকক মুহিবলৈ সক্ষম হল নিজৰ সতেজ অভিনয়ৰে। কিন্তু ছবিৰ ভিলেইন হিচাপে যিমান সন্মান পাব লাগিছিল সিমান ফুটেজ নাপালে নৱাজউদ্দিনেকিন্তু খুব সুন্দৰ ব্যৱহাৰ কৰিছে যিমানেই পাইছে । আন সকলেও অভিনয়ত খুবেই সুন্দৰ ভুমিকা অৰ্পন কৰিলে ।একচন খুবেই সুন্দৰ আৰু নিখুত, যত যিমান দৰকাৰ সিমানেই দিয়া হৈছে । মিউজিক পুৰনা ছবিৰ নকল কৰা হৈছে কোনো কোনো ঠাইত। এইবাৰ ৰেপাৰ হানি চিঙে সকলোকে হতাশ কৰিলে । দুটা গান চলিব কিন্তু বৰ বেছি দিনলৈ নহয় । ডান্স কৰিওগ্ৰাফিৰ সৈতে একেবাৰেই ল’ৰা-ধেমালি কৰা হৈছে । প্ৰথম ভাগত একদমেই দৰ্শকৰ গ্ৰাফডাল তলত পৰি গৈছে কাহিনীৰ মৰা-ধৰাকাটা-কুটি চলত কিন্তু দ্বিতীয় ভাগ সঁচাকৈ শলাগ ল’ব লগা ধৰণৰ তাতেই গ্ৰাফডালআকৌ ওপৰত ওঠে ।আকৌ আগৰ দৰে শেষত কাহিনীৰ “কিক ২” ওলাবলে জগা এৰি থৈ গল ।
“কিক” চলমান খানৰ হয়তো সকলোতকৈ ভাল ছবি নহ’ব পাৰে কিন্তু আগৰবোৰতকৈ ভাল বুলি কব পৰা যায় ।
মোৰ মতে এই ছবিৰ ৰেট “৩/৫” ৷

 

–          বিকাশ মুচাহাৰী

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.