গ্ৰন্থ অধ্যয়ণৰ প্ৰয়োজনীয়তা

0

আমাৰ জীৱনৰ প্ৰকৃত সংগী কোন বাৰু । জীৱন বাটৰ বিভিন্ন মূহুৰ্তত লগ পোৱা বন্ধু-বান্ধৱ সকল নে? আমাৰ পিতৃ-মাতৃ নে? হোমৰ জুই সাক্ষী কৰি আঁকোৱালি লোৱা জন । কিন্তু এই সকলোৱে আমাৰ জীৱনত কিছুসময়ৰহে সংগী । কোনো আমাৰ চিৰ লগৰী নহয় । মোৰ মতে জীৱনৰ প্ৰকৃত সংগী হ’ল কিতাপ । এখন কিতাপ আমি আজীৱন সংগী কৰি ৰাখিব পাৰো । অষ্টম শ্ৰেণীত এটা পাঠ পঢ়িছিলোঁ পুথি অধ্যয়ণ নামেৰে । পাঠটোৰ কথাবোৰে আজিও ক্ৰিয়া কৰে মনত । কিন্তু আজিকালি পুথি অধ্যয়ণৰ প্ৰৱণতা কমি আহিছে । আজিৰ দিনত কিতাপ পঢ়া লোকৰ সংখ্যা আঙুলিৰ মুৰত লেখিব পৰা । আজিৰ ল’ৰা-ছোৱালীয়ে হয়তো অসম সাহিত্য সভাৰ বিষয়ে সুধিলে ক’ব সেইটো আকৌ কি বস্তু । বৰ্তমানৰ সভাপতি জনৰ নাম নুসুধিলোৱে যেনিবা । ইয়াৰ বাবে আমি কাক জগৰীয়া কৰিম । আমাৰ সমাজ ব্যৱস্থাক নে ব্যস্ততা পূৰ্ণ জীৱন প্ৰণালীক । কিন্তু ব্যস্ততাৰ মাজৰে কিছু সময় আমি আমাৰ মূল্যৱান গ্ৰন্থবোৰকো দিয়া উচিত । কাৰণ এখন কিতাপে আমাক সকলো সময়তে সহায় কৰে । আমি জীৱনকালত সকলোবোৰ ঠাই ভ্ৰমণ কৰিব নোৱাৰো বা কিছুমান জাতিৰ কথা ইচ্ছা থাকিলেও কিছুমান কাৰণবশত ওচৰৰ পৰা জানিব নোৱাৰো । তেনেবোৰ সময়তে আমাক সহায় কৰে কিতাপে ।

যেনেদৰে আমি The Good Earth পঢ়িলে জানিব পাৰো চীনদেশৰ জীৱন প্ৰণালীৰ বিষয়ে তেনেদৰে হাইকু আৰু চামুৰাই দেশ বা তত্ত্বচ্ছান কিতাপ আমাক লৈ যায় জাপানলৈ । তেনেদৰে দেওলাংখুই পঢ়িলে জানিব পাৰো আমাৰ ৰাজ্যৰ পুৰণি সমাজ ব্যৱস্থাৰ বিষয়ে । এজন লেখকে কোনো এখন দেশ ভ্ৰমণ কৰি লিখা কাহিনীয়ে আমাক তেওঁলোকৰ দৃষ্টিয়ে সেই দেশখন দেখুৱায় । কিন্তু আমি নিজেই সেই মনোৰম ঠাইবোৰ ভ্ৰমণ কৰাৰ সুযোগ নাপাঁৱে আৰু আনে যাচি দিয়া মানিকো ল’ব নিবিচাৰো । সেয়ে হয়তো মানুহে কয় যাচি দিলে সোণৰো আদৰ নাই । আজিকালি এটা কথা লক্ষ্য কৰিছো বহুতৰে বাতৰি কাকতখনো পঢ়িবলৈ সময় নোলায় । এটা কথা ঠিক যে বাতৰি কাকতখনৰ কিছুমান বাতৰি ৰুচিসন্মত নহয় যদিও কিছুমান পৃষ্ঠা জ্ঞানবৰ্ধক কথাৰে পূৰ্ণ । ৰাশিফল বা বলিউডৰ অভিনেতা-অভিনেত্ৰীৰ মনৰচক কাহিনীবোৰ চায়ে কাকতখন সামৰি থোৱা অনুচিত । আমাৰ ৰাজ্যৰ সকলো জিলাতে একোটাকৈ পুথিভঁৰাল আছে । কিন্তু কিমানজন যায় তালৈ । বহুতে হয়তো এয়াও নাজানে তেওঁলোকৰ জিলাৰ পুথিভঁৰালটো কোন ঠাইত অৱস্থিত । বহুতে আকৌ পুথিভঁৰালৰ আজীৱন সদস্যভুক্ত হয় যদিও কোনোদিন পুথিভঁৰালৰ মুখ দেখা নাপায় । কেৱল খ্যাতি বঢ়াবলৈয়ে এই সদস্যভুক্তি । এনেদৰে কোন দিশে ধাৱমান হ’ব আমাৰ সমাজ । আজিকালি গ্ৰন্থমেলাসমূহত বহু ভিৰ পৰিলক্ষিত হয় । কিন্তু গ্ৰন্থৰ তুলনাত মুখৰচক খাদ্যৰহে বিক্ৰি হাৰ অধিক হোৱা দেখা যায় । আজিৰ ল’ৰা-ছোৱালীৰ বাবে গ্ৰন্থমেলা হ’ল এক নিৰাপদ dating place । মুষ্টিমেয় কেইজনমানৰ বাহিৰে প্ৰায় সকলোৱে খালী হাতেৰে ওভতে । বৰ্তমান সময়খিনিত মোৰ বোধেৰে এক গ্ৰন্থ বিপ্লৱৰ প্ৰয়োজন হৈ পৰিছে ।

 – দেৱাশ্ৰী বৰগোহাঞি,

তেজপুৰ বিশ্ববিদ্যালয়

অন্যান্য লেখা :

Share.

Leave A Reply