খোলা খিৰিকীখন

0

[ লেখকৰ চমু পৰিচয়: ‘ছাকি’ ছদ্মনামেৰে পৰিচিত ব্ৰিটিছ লেখক হেক্টৰ হিউ মুনৰো গল্পকাৰ আৰু ঔপন্যাসিক হিচাপে প্ৰসিদ্ধ ৷ ১৮৭০ চনত ব্ৰহ্মদেশত জন্মগ্ৰহণ কৰা ছাকিৰ পিতৃ-মাতৃ আছিল স্কটলেণ্ডৰ ৷ সাংবাদিক হিচাপে কাৰ্যনিৰ্বাহ কৰা ছাকি প্ৰথম বিশ্বযুদ্ধৰ সময়ত ১৯১৬ চনত প্ৰাণ হেৰুৱাইছিল ৷ তেওঁৰ গল্পসমূহ মানুহৰ সংগ্ৰামৰ সুন্দৰ ছবি পোৱা যায় ৷ পাঠকক চৰিত্ৰৰ মনস্তত্বৰ ভিতৰলৈ লৈ যাব পৰাটো তেওঁৰ গল্পশৈলীৰ অন্যতম সবল দিশ ৷ ]

‘খুড়ী এতিয়াই আহি পাব ৷ আপুনি বহকচোন ৷’ চোফাখনলৈ আঙুলিয়াই দি ৱেৰাই ক’লে ৷ কিছু ইতস্তত: বোধ কৰাৰ দৰে মিষ্টাৰ নাটেলে চোফাখনত বহিল ৷ ৱেৰাৰ কোমল মুখখনলৈ চাই তেওঁ ভাবিবলৈ ধৰিলে, মিচেছ ছেপেলটন আহি নোপোৱালৈকে তাইক কিবা আনন্দৰ খোৰাক দি ৰাখিব পৰা হ’লে! স্নায়ু ৰোগত ভোগা মিষ্টাৰ নাটেলক ডাক্তৰে কিছুদিনৰ বাবে এখন শান্তিপূৰ্ণ গাঁওত থাকিবলৈ পৰামৰ্শ দিছিল ৷ সেইবাবেই তেওঁ এই গাঁওখনলৈ আহিছিল শাৰীৰিক বিশ্ৰাম আৰু মানসিক শান্তি বিচাৰি ৷ তেওঁৰ মনত পৰিল অহাৰ সময়ত ভনীয়েকক বাৰে বাৰে সুধি আমনি কৰা কথাষাৰ “এনে এখন অচিনাকী ঠাইত অচিনাকী মানুহৰ মাজত থাকিলে মোৰ স্নায়ুৰোগ কিদৰে আতৰ হ’ব?” “কি কামত আহিব তই ভাবিব নালাগে দাদা” বেগত কাপোৰখিনি ভৰাই ভনীয়েকে কৈছিল, “তালৈ গৈ তই কেৱল ঘৰৰ ভিতৰতৰ জুপুকা মাৰি বহি নাথাকিবি ৷ মোৰ পৰিচিত কেইজনমান মানুহলৈ মই চিঠি লিখি দিছোঁ ৷ তই পৰিচয় দি তেওঁলোকৰ লগত মিলি-জুলি ফুৰ্তি কৰি থাকিবি ৷”

ফ্ৰেমটন নাটেলে আকৌ ভাবিবলৈ ধৰিলে তেওঁ বাট চাই থকা ৱেৰাৰ খুড়ীয়েকজনী ভনীয়েকৰ সেই ভাল মানুহৰ শাৰীত পৰেনে নপৰে ৷ এনেদৰে বেচ কিছুসময় নিৰৱে পাৰ হোৱাৰ পিছত ৱেৰাই পুনৰ আৰম্ভ কৰিলে,‘আপুনি তেনেহ’লে গাঁওখনৰ প্ৰায়ভাগ মানুহকেই চিনি পায় নহয়?’

-“নাই ৷ কাকো চিনি নাপাও বুলিবই পাৰি ৷” ফ্ৰেমটনে উত্তৰ দিলে,-“মোৰ ভণ্টি ইয়াৰে মিছনেৰী স্কুলত শিক্ষয়ত্ৰী হিচাপে আছিল ৷ তুমি বোধহয় তাইক চিনি নাপাবা ৷ আজিৰ পৰা চাৰিবছৰ আগেয়ে তাই আন ঠাইলৈ বদলি হৈ গৈছে ৷ ইয়াৰ কেইজনমান মানুহক সম্বোধন কৰি তাই কেইখনমান চিঠি লিখি দিছে ৷” বেগৰ পৰা চিঠি কেইখনমান উলিয়াই তাৰে মিচেছ চেপেলটনৰ নামত থকা চিঠিখন ৱেৰালৈ আগবঢ়াই দিলে ৷ “অ’ তাৰমানে আপুনি খুড়ীৰ বিষয়ে বৰ বিশেষ একো নাজানে নহয়?” চিঠিখন পঢ়ি ৱেৰাই বিষন্ন মনেৰে সুধিলে, “নাই, কেৱল তেখেতৰ নাম আৰু ঠিকনাখিনিহে জানো ৷” মুৰ জোকাৰি মানুহজনে উত্তৰ দিলে ৷ ৱেৰাৰ প্ৰশ্নটি শুনি ফ্ৰেমটনে পুনৰ ভাবিবলৈ ধৰিলে, মিচেছ চেপেলটন নামৰ ভনীয়েকৰ পৰিচিত মানুহজনী বিধৱা নেকি? ঘৰটোলৈ লক্ষ্য কৰিলে তাত মতা মানুহ নথকা যেন নালাগে ৷

মানুহজনক চিন্তাশীল হোৱা দেখি ৱেৰাই আৰু বেছি গহীনভাৱে ক’লে,
-“তেওঁৰ জীৱনত কোঙা কৰি পেলোৱা সেই মৰ্মান্তিক ঘটনাটো ঘটিছিল তিনি বছৰ আগেয়ে ৷ আপোনাৰ ভণ্টী এই গাওঁ এৰি যোৱাৰ এবছৰ পিছত…৷” -“কি ঘটনা?” ৱেৰাই শেষ কৰিবলৈ নৌপাওঁতেই ফ্ৰেমটনে সুধিলে ৷

-“আপুনি হয়তো মন কৰা নাই, সন্ধিয়াৰ এই সময়তো খিৰিকিখন কিয় খুলি ৰখা হৈছে?” ঘৰৰ সন্মূখৰ খোলা খিৰিকী এখনলৈ আঙুলিয়াই দি ৱেৰাই ক’লে ৷ “গৰমৰ দিন ৷ সন্ধিয়া হ’লেও ইয়াত যথেষ্ট গৰম আছে ৷ খিৰিকীখন সেই কাৰণেই…৷” কিছু চিন্তাক্লিষ্ট হৈ বিষন্নমনেৰে ফ্ৰেমটনে প্ৰশ্ন কৰিলে, “কিন্তু তেখেতৰ এই ঘটনাৰ লগত খিৰিকীখনৰ কিবা সম্পৰ্ক আছে জানো ?”

“হয় ৷ এই খিৰিকীখনেৰেই আজিৰ পৰা তিনিবছৰ আগেয়ে মোৰ খুড়া আৰু খুড়ীৰ দুজন ভায়েকে আমাৰ স্পেনিয়েল নামৰ ভূটীয়া কুকুৰটোক লৈ চিকাৰলৈ ওলাই গৈছিল ৷” এটা হুমুনিয়াহ পেলাই ৱেৰাই ক’লে, “বানপানীৰ পিছত গোটেই হাবিখনত এতৰপ পলস পৰিছিল ৷ সেইবাবেই হয়তো সদায় অহা যোৱা কৰা পথটো তেওঁলোকে চিনিয়েই নাপালে ৷ কিছু আগবঢ়াৰ পিছত তিনিওজনে এটা পিতনিৰ বোকাত সোমাই গ’ল ৷ ৰাতিপুৱালৈ তিনিওৰে পোত খাই যোৱা দেহকেইটাও বিচাৰি পোৱা নগ’ল ৷” শেষৰ কথাখিনি কওঁতে ৱেৰাৰ কণ্ঠত সাধাৰণ দুৰ্বলতাৰ ভাৱ প্ৰকট হৈ পৰিল ৷ পুনৰ নিজকে চম্ভালি ৱেৰাই আৰম্ভ কৰিলে, “সন্ধিয়া হ’লে খুড়ীয়ে সদায় খিৰিকীখনেৰে বাহিৰলৈ চাই থাকে ৷ তেওঁ ভাবে বোকা পানীৰে বগা হৈ খুড়া আৰু তেওঁৰ ভায়েক দুজন আহি খিৰিকীখনেৰে ঘৰত সোমাব ৷ নহ’লে ড্ৰয়িং ৰুমৰ কাৰ্পেটখন একেবাৰে লেতেৰা হৈ যাব ৷ আজিও খুড়ীৰ বিশ্বাস হোৱা নাই যে সিহঁত আৰু কেতিয়াও উভতি নাহে ৷ কিয় জানো মোৰ মনতো লাগি থাকে, কান্ধত বন্দুক, হাতত চিকাৰত পোৱা বনৰীয়া হাঁহ লৈ খুড়াহঁত যেন সঁচাকৈয়ে উভতি আহিব ৷”

বহু সময় ধৰি নীৰৱে বহি থাকিল ৷ ফ্ৰেমটনৰ মূৰটো আচন্দ্ৰাই কৰিবলৈ ধৰিলে ৷

-“আপুনি কেতিয়া আহি পালে মিষ্টাৰ নাটেল? ৱেৰাই চাগে আপোনাক বৰ আমনি কৰিছে নহয়? তাই বৰ দুষ্ট ৷ চিনাকীয়ে হওঁক, অচিনাকীয়েই হওঁক, এসোপামান গাজা লৈ মগজ গৰম কৰি দিয়ে ৷” মিচেছ চেপেলটনে স্বাভাৱিক সুৰতেই ক’লে ৷ মানুহজনীৰ মুখলৈ চাই ফ্ৰেমটনে উত্তৰ দিলে, “নাই ৷ তেওঁৰ কথাবোৰ বৰ মৰম লগা ৷”

পুনৰ মানুহজনীলৈ চালে ফ্ৰেমটনে ৷ ৰঙীন শাৰী পৰিহিতা মানুহজনীক বিধৱা যেন নালাগে ৷ মুখতো নাই উদাসীনতাৰ ভাব ৷ ফ্ৰেমটনৰ চিন্তাত আউল লগাই মিচেছ চেপেলটনে ক’লে, “খিৰিকীখন খুলি ৰাখিছোঁ ৷ আপোনাক মহে আমনি কৰিছে নেকি?”

“নাই, ঠিকেই আছে ৷” ফ্ৰেমটনে উত্তৰ দিলে ৷ “আজি মোৰ ভাইটি দুজন আহিছে ৷ গতিকে লগ পাই ভিনিহিয়েকে চিকাৰলৈ লৈ গ’ল ৷ বানপানীৰ পিছত কাষৰ হাবিখনত বনৰীয়া হাঁহ পোৱা যায় ৷ সিহঁতৰো চিকাৰলৈ যোৱাৰ বৰ হেঁপাহ ৷ বোকাই পানীয়ে দুৱাৰখনেৰে সোমালে নতুন কাৰ্পেটখন লেতেৰা হৈ যাব ৷ সেই কাৰণে সদায় খিৰিকীখনেৰে সোমাই চিধা বাথৰুম পায়গৈ ৷”

তাৰ পিছত মিছেছ চেপেলটনে চিকাৰৰ বিষয়ে এটা দীঘল বক্তৃতা দিলে ৷ আগতে আধা ঘন্টাৰ ভিতৰতে চাৰি পাঁচটা হাঁহ মাৰি লৈ আহিছিল ৷ এতিয়া এটা বা দুটা বনৰীয়া হাঁহ পাবলৈ বহু কষ্ট কৰিবলীয়া হয় ৷

ফ্ৰেমটনে নাটেলে কিছু অস্বস্তি অনুভৱ কৰিলে ৷ মিছেছ চেপেলটনে একেথৰে খিৰিকীখনলৈ চাই আছে ৷ ফ্ৰেমটনে ভাবিলে, এনে এটি দুখৰ দিনত মানুহজনীক সান্ত্বনা দিবলৈ তেওঁৰ ভাষা নাই ৷ প্ৰসঙ্গ সলাবলৈ তেওঁ ক’লে, “ভণ্টীয়ে চাগে আপোনাক কৈছে ৷ স্নায়ুৰোগৰ বাবে ডাক্তৰে মোক সম্পূৰ্ণ বিশ্ৰামৰ পৰামৰ্শ দিছে ৷ যিকোনো ধৰনৰ শাৰীৰিক আৰু মানসিক চাপৰ পৰা আতঁৰত থাকিবলৈ কৈছে ৷ অৱশ্যে খোৱা লোৱাৰ ক্ষেত্ৰত বিশেষ বাধা আৰোপ কৰা নাই ৷”

“অ’ হয় নেকি?” এটি হামি এৰি দি ক’লে মিছেছ চেপেলটনে ৷ হঠাতে খিৰিকীখনলৈ চাই তেওঁ যেন চকু দুটা ডাঙৰকৈ মালি দিলে ৷ “অ’ তেওঁলোক আহিলেই ৷” ফ্ৰেমটনে যেন নিজৰ চকু কাণকেই বিশ্বাস কৰিব পৰা নাই ৷ বাহিৰলৈ চাই তেওঁ দেখিলে, জোনৰ ক্ষীণ পোহৰত গেটৰ পৰা ল’নখনৰ মাজেৰে চিধাই খিৰিকীখনলৈ আহি আছে তিনিজন মানুহ ৷ এজনৰ হাতত কিবা এটা ওলমি আছে, এজনৰ কান্ধত বন্দুক ৷ পিছে পিছে খোজত খোজ মিলাই আহি আছে এটা ভূটীয়া কুকুৰ ৷ ফ্ৰেমটনৰ গোটেই নোম শিয়ৰি উঠিল ৷ এক অজান আশংকাত তেওঁৰ বুকুৰ ঢপঢপনি উঠিল ৷ টুপীটো পিন্ধি, মিছেছ চেপেলটনৰ ফালে নোচোৱাকৈ তেওঁ দুৱাৰখনেৰে এনে দৌৰ দিলে যে ৰাস্তাৰে আহি থকা চাইকেল এখনক খুন্দা মাৰি দুয়ো ৰাস্তাৰ দাঁতিত বাগৰি পৰিলে ৷

“আহ্ অৱশেষত ঘৰটো পালোঁ যে ৷” খিৰিকীখনেৰে ঘৰটোত প্ৰৱেশ কৰি মানুহজনে ক’লে, “আজি বৰ কষ্ট হ’ল ৷ চোৱাচোন গোটেইখন কেনে বোকাময় হৈছে ৷ অ’ মানুহজন কোন আছিলহে? আমাক দেখি ভূত দেখাৰ দৰে উধাতু খাই দৌৰিলে যে?” “বৰ আচৰিত মানুহ ৷ কোনোবা মিষ্টাৰ নাটেল ৷” মিছেছ চেপেলটনে ক’লে, “কেৱল তেওঁৰ বেমাৰৰ কথাটোহে ক’বলৈ পালে ৷ আৰু একো নোকোৱাকৈ আনকি যাওঁ বুলিও নোকোৱাকৈ দৌৰ দিলে দেখোন ৷ যেন ভূতহে দেখিলে ৷”

“মই বুজিলো ৷ তাৰ কাৰণ আমাৰ স্পেনিয়েল ৷” এটা দুষ্টৰ হাঁহি মাৰি ৱেৰাই ক’লে, “তেওঁ কৈছিল, তেওঁৰ হেনো কুকুৰলৈ বৰ ভয় ৷ এবাৰ হেনো গংগাৰ পাৰত সন্ধিয়া ঘূৰি ফুৰোতে তেওঁক কেইটামান কুকুৰে খেদি আহিছিল ৷ বেচেৰাই ভয়তে দৌৰিব খোজোতেই এটা প্ৰকাণ্ড গাঁতত পৰি কক্ বকাই থাকিল মাজৰাতিলৈকে কুকুৰ কেইটা আঁতৰি নোযোৱা পৰ্যন্ত ৷ তেতিয়াৰ পৰাই মানুহজনৰ কুকুৰ দেখিলেই ভূত দেখা যেন পায় ৷”

নিমিষতে এটা ৰোমাঞ্চৰ কাহিনী সাজিব পৰাটোৱেই তাইৰ বিশেষত্ব ৷

মূল: The Open Window, Saki

অনুবাদক: সুভাষ বৰ্মন

 

Share.

Leave A Reply