খোজ – ঐতিহ্য অন্বেষণী যাত্ৰা

0

যোৱা ২৭ ছেপ্তেম্বৰ তাৰিখে “বিশ্ব পৰ্যটন দিৱস” উপলক্ষে শিৱসাগৰ জিলাত এক ঐতিহ্য অন্বেষণী যাত্ৰা অনুষ্ঠিত হৈ যায় ৷ শিৱসাগৰ জিলা প্ৰশাসন আৰু বেচৰকাৰী সংস্থা “খোজ”ৰ যৌথ প্ৰচেষ্টাত অনুষ্ঠিত এই যাত্ৰাত “ভাৰতীয় ভ্ৰমণ আৰু পৰ্যটন ব্যৱস্থাপনা প্ৰতিষ্ঠান (Indian Institute of Travel and Tourism Management, IITTM, Delhi)”ৰ সমৰ্থন আৰু অনলাইন ই-আলোচনী সহযোগী আছিল সন্ধান ই-আলোচনী (Xondhan.com)৷
খোজৰ হৈ শিৱসাগৰ জিলাত সদস্য সকলৰ উপৰিও আহমেদাবাদ চিটি মিউজিয়ামত কৰ্মৰত গীতাঞ্জলী বৰুৱা আৰু IITTM-ৰ ছাত্ৰ স্বালেহ-উল ইচলাম উপস্থিত আছিল ৷ জিলা প্ৰশাসনৰ বিষয়ববীয়াৰ লগতে জয়সাগৰ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী সকলৰ লগতে উত্তৰণ যাদুঘৰৰ জনক দুলৰ্ভ বৰাদেৱ সমল ব্যক্তি হিচাপে উপস্থিত থাকে ৷
শিৱসাগৰ জিলা উপায়ুক্ত এছ এছ মিনাক্ষী সুন্দৰমৰ বলিষ্ঠ নেতৃত্বত “সেউজ শিৱসাগৰ অভিযান”ৰ অংশ হিচাপে এই যাত্ৰাই স্থানীয় ৰাইজৰ মাজত বিশেষ জনপ্ৰিয়তা লাভ কৰে ৷ ঐতিহাসিক ৰংঘৰত পুৱা ১১ বজাত যাত্ৰাৰ flag off কৰে অতিৰিক্ত উপায়ুক্ত ঘৰফলীয়া দেৱে ৷ জিলা তথ্য বিষয়া বিজেন্দ্ৰ গগৈ আৰু দুৰ্লভ বৰা দেৱৰ সাৰুৱা ভাষণ আৰু গীতাঞ্জলী বৰুৱাৰ “ঐতিহ্য” সম্পৰ্কীয় বক্তব্যৰ পাছত যাত্ৰা আৰম্ভ হয় ৷
ৰংঘৰৰ ঐতিহ্য অন্বেষণ কৰাৰ পাছত যাত্ৰাটো প্ৰৱেশ কৰে গোলা ঘৰত ৷ গোলাঘৰৰ পৰা তলাতল ঘৰ আৰু কাৰেংঘৰহৈ উত্তৰণ যাদুঘৰত যাত্ৰাৰ সামৰণি পৰে ৷ উক্ত যাত্ৰাত সমল ব্যক্তি দুৰ্লভ বৰাই বিভিন্ন কথিত-অকথিত কাহিনী বাখ্যাৰে অংশগ্ৰহণকাৰী সকলক জ্ঞানৰ লগতে আমোদ-প্ৰমোদ কৰে ৷ এই ঠাইত ৰংপুৰ স্থাপনৰ ৰহস্য, ৰংঘৰ, তলাতল ঘৰ আৰু কাৰেঙ ঘৰৰ নিৰ্মাণ শৈলী, নিমাৰ্ণত ব্যৱহৃত সামগ্ৰী, প্ৰযুক্তি আদিৰ উপৰিও ৰজা-ৰাণীৰ আমোদ-প্ৰমোদ মাধ্যমৰ ওপৰতো আলোকপাত কৰে ৷ আহোম স্বৰ্গদেউৰ ৰাজ্য পৰিচালনা, হাতী চিকাৰ-প্ৰশিক্ষণ, ৰজা-ৰাণীৰ অন্তিম সংস্কাৰৰ নীতি-নিয়ম আদিৰ ওপৰতো বক্তব্য আগবঢ়ায় সমল ব্যক্তি দুলৰ্ভ বৰা দেৱে ৷
উত্তৰণ যাদুঘৰত সামৰণি অনুষ্ঠানত গীতাঞ্জলী বৰুৱাই যাদুঘৰৰ উৎপত্তি প্ৰয়োজনীয়তাৰ লগতে দুলৰ্ভ বৰাৰ অমৰ সৃষ্টি “উত্তৰণ যাদুঘৰ”ক অসমীয়া জাতিৰ অভিন্ন অংগ হিচাপে যুগ-যুগ ধৰি থাকিব আৰু শিক্ষা-গৱেষণাৰ সহায়ক হ’ব বুলি উল্লেখ কৰে ৷ স্বালেহ-উল ইচলামে পৰ্যটন আৰু ঐতিহ্যৰ সম্পৰ্ক আৰু পৰ্যটনক career হিচাপে প্ৰয়োজনীয়তা বাখ্যা কৰে ৷ Archaeological Survey of India-ৰ পৰিপূৰিকা বিতৰণ কৰাৰ পাছত শলাগৰ শৰাইৰে অনুষ্ঠানৰ অন্ত পৰে ৷
এই অনুষ্ঠানৰ আটাইতকৈ উল্লেখনীয় দিশটো হৈছে যে উত্তৰ-পূৰ্বাঞ্চলত প্ৰথম বাৰৰ বাবে অনুষ্ঠিত এই যাত্ৰাই ৰাষ্ট্ৰসংঘৰ বিশ্ব পৰ্যটন সংস্থা (United Nations World Tourism Organisation- UNWTO)-ৰ স্বীকৃতি লাভ কৰিছে ৷

 

xondhan-tourism-oct13-1

 

xondhan-tourism-oct13-2

xondhan-tourism-oct13-3

 

xondhan-tourism-oct13-4

 

xondhan-tourism-oct13-5

xondhan-tourism-oct13-6

 

xondhan-tourism-oct13-7

 

xondhan-tourism-oct13-8

 

xondhan-tourism-oct13-9

 

xondhan-tourism-oct13-10

 

xondhan-tourism-oct13-11

 

xondhan-tourism-oct13-12

xondhan-tourism-oct13-13

 

xondhan-tourism-oct13-14

 

xondhan-tourism-oct13-15

xondhan-tourism-oct13-16

 

xondhan-tourism-oct13-17 xondhan-tourism-oct13-19

xondhan-tourism-oct13-20

 

xondhan-tourism-oct13-21

– বিজিত দত্ত, যোৰহাট

ৱেবছাইট:http://bijitdutta.wordpress.com/

 

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.