কৃষ্ণপ্ৰিয়াৰ সপোন

1

xondhan-golpo-july

সন্ধিয়াৰ ছকা মকা পোহৰ, দূৰৈৰ নামঘৰত ডবা কোবোৱাৰ ধ্বনি, চৰাইবোৰো আকাশেৰে উৰি নিজ গৃহলৈ বুলি ঢাপলি মেলিছে, এনেতে হাতত ধূণাৰ ম’লাটো লৈ কৃষ্ণা আগফালৰ বাৰান্দালৈ ওলাই আহিছে ৷ আকাশখন লাহে লাহে আৰু বেছি অন্ধকাৰ হৈ আহিছে, ডাৱৰে আবৰি থকাৰ বাবে ক’ৰবাত দুই এটাহে তৰা দেখা গৈছে ৷ ধূণাৰ ধোঁৱায়ে তাইৰ চকু মুখ আৱৰি ধৰিছে আৰু লাহে লাহে তাইৰ চকুৱে সকলোবোৰ ধোঁৱা কোঁৱা দেখিবলৈ ধৰিলে যেন তাইৰ এটা অনিৰ্দিষ্ট ভৱিষ্যতৰ দৰে, কিছুমান অতীতৰ অস্পষ্ট ছবি তাইৰ সন্মুখত ভাঁহি উঠিল….৷

সি যোৱা আজি তিনি মাহ হ’ল ৷ কোনোবা এখন নাম নজনা অচিন ঠাইলৈ বুলি তাক তাইয়েই পঠিয়াই দিলে ৷ দোষ কাৰ আছিল তাই নাজানে, তাইৰ, তাৰ নে সময়ৰ…৷ এটা মাত্ৰ পলতে সকলোবোৰ থানবান হৈ গ’ল আৰু দুয়ো আহি পালেহি এটা বৃত্তৰ দুটা বিপৰীত মেৰুলৈ আৰু তাৰ পাছত দুয়ো গতি কৰিলে দুডাল বিপৰীত মুখী সমান্তৰাল ৰেখাৰ দিশত, যাৰ কতো কোনো ছেদ নাই ৷ হয়, আজিৰ পৰা তিনিমাহ আগতে এনে এটা সন্ধিয়াতেই তাই বিনন্দৰ কাষলৈ গৈছিল, সদায় মুখত জিলিকি থকা তাইৰ সেই মিছিকিয়া হাঁহিটো সেইদিনা পৰিণত হৈছিল ক্ৰোধলৈ, সদায়  চকুত তিৰবিৰাই থকা সেই সপোনবোৰৰ স্থান ল’লে দুধাৰে নিগৰি অহা চকুপানীখিনিয়ে আৰু অন্তৰৰ কোনো এক নিবিড় কোনত লুকাই থকা সেই মৰমবোৰ পৰিৱৰ্তন হৈছিল ঘৃণালৈ ৷ বিনন্দৰ কাষত গৈ তাই অলপ পৰ থমকি ৰ’ল আৰু শৰীৰৰ সমস্ত শক্তি প্ৰয়োগ কৰি তাৰ গালত শোধালে এটা প্ৰচণ্ড চৰ আৰু অন্তৰৰ সকলোবোৰ ঘৃণা একেধাৰে শব্দ ৰূপত প্ৰয়োগ কৰি গ’ল এনেদৰে- “তুমি এনে এটা জঘণ্য কাম কৰিব পাৰিবা বুলি ম‍ই ভৱা নাছিলো ৷ মোৰ লগত প্ৰেমৰ অভিনয় কৰি তুমি আন কাৰোবাৰ পত্নীৰ লগত এনে এটা অবধ্য সমন্ধ কেনেকৈ ৰাখি যাব পাৰা, তোমাৰ সমান দুঃচৰিত্ৰৰ পুৰুষ ম‍ই কেতিয়াও দেখা নাই ৷ যাক ম‍ই দেৱতা জ্ঞান কৰিছিলোঁ, যাক ম‍ই সমস্ত অন্তৰেৰে ভাল পাইছিলোঁ তেওঁ মোৰ লগত ইমান ডাঙৰ বিশ্বাস ঘাটকটা কেনেকৈ কৰিব পৰিলে৷  অনুগ্ৰহ কৰি তুমি আৰু মোৰ সন্মূখত কেতিয়াও দেখা নিদিবা ৷ অতি সোনকালে তুমি এই ঠাই এৰি গুচি যোৱা… ৷” কথাবোৰ কৈ থাকোতে তাই কান্দি কান্দি ভাগৰি পৰিছিল আৰু শেষলৈ তাইৰ মুখৰ পৰা এটা শব্দও নোলোৱা হৈ পৰিল তাই একে দৌৰে তাৰ পৰা গুচি অহিল আৰু গোটেই নিশা বিচনাখনত পৰি উচুপি উচুপি কান্দি থাকিল…. ৷

লাহে লাহে সকলোবোৰ অস্পষ্ট ছবিয়েই তাইৰ সন্মুখত স্পষ্ট হৈ আহিবলৈ ধৰিলে ৷ তাইৰ চকু কেইটা সেমেকি আহিল আৰু তাই আকৌ এবাৰ উভতি গ’ল অতীতৰ সেই সুমধুৰ পলবোৰলৈ… নদীৰ পাৰত এচটা শিলত দুয়ো একেলগে বহি কটোৱা সেই অন্তৰংগ মুহুৰ্তবোৰলৈ, আকাশৰ জোনবাইটোলৈ চাই ৰচনা কৰা সেই সপোনবোৰলৈ আৰু নদীৰ সোঁতত উটি গৈ দুয়ো একেলগে মহা মিলনৰ আদৰ্শ সৃষ্টি কৰিব বিছৰা সিঁহতৰ মন দুটালৈ… ৷ সকলোবোৰ নিমিষতে শেষ হৈ গ’ল ৷ মাত্ৰ এটা ৰাতিয়েই তেওঁলোক দুয়োৰে জীৱনলৈ কঢ়িয়াই আনিছিল এজাক অনাকাংক্ষিত ধুমুহা, যি সকলোবোৰ ছাৰ‍খাৰ কৰি দুয়োকে উৰুৱাই নিলে দুটা ভিন্ন কোণলৈ আৰু সকলোবোৰ সপোন পৰিণত হ’ল এটা এটা মৰিচিকালৈ ৷

সেইদিনা ৰাতি সঁচাকৈয়ে ধুমুহা আহিছিল ৷ চাৰিওফালে বিজুলী ঢেৰেকণি আৰু প্ৰচণ্ড বতাহৰ শব্দ ৷ কোনো জনপ্ৰাণী এটাৰো বাহিৰলৈ অকলে ওলাই আহিবলৈ সাহস নাই, এনেতে জানো ক’ৰপৰা কুলেন মদাহীৰ ঘৈণীয়েক গীতিমাই আহি বিনন্দৰ দুৱাৰত জোৰ জোৰকৈ ঢকিয়াবলৈ ধৰিলে ৷ প্ৰথমতে বিনন্দ‍ই ভয়ে খাইছিল, ” এই ৰাতিখন আকৌ কোন ওলালহি ?” সি খোলো নোখোলোকৈ দুৱাৰখন খুলি দিলে আৰু গীতিমাক দেখি সি একেবাৰে হতবাক হৈ ৰ’ল ৷ কিয়নো গীতিমা আছিল তাৰ শৈশৱৰ বান্ধৱী ৷ স্কুল এৰাৰ পাছত দুয়োৰে মাজত তেনেকৈ কোনো যোগাযোগ নাছিলেই বুলিব পাৰি ৷ কিন্তু বিয়াৰ কিছুদিন আগতে গীতিমাই টাউনত বি এ পঢ়ি থকা বিনন্দলৈ বুলি এখন চিঠি লিখিছিল ৷ সৰুৰে পৰা অভাৱ অনাটন আৰু বহুত কষ্টৰে ডাঙৰ হোৱা বিনন্দৰ সেই সময়ত চিঠিখনৰ উত্তৰ দিবলৈ সাহস হোৱা নাছিল আৰু তাৰ তেনে কোনো ভাৱো গীতিমাৰ প্ৰতি নাছিল ৷ সেয়েহে চিঠিখনৰ কথাটো সি বৰ গুৰুত্ব সহকাৰে লোৱা নাছিল ৷ আনফালে গীতিমাও আজি হঠাৎ বিনন্দক চকুৰ আগত দেখি একেবাৰে অবাক হৈ ৰ’ল, তাই কি কৰিব কি নকৰিব একো ভাৱিব নোৱাৰিলে আৰু বিনন্দৰ হাত দুখন খামুচ মাৰি ধৰি কান্দিবলৈ ধৰিলে ৷ বহু সময়ৰ মূৰত বিনন্দ নিজৰ অৱচেতন মনটোৰ পৰা ওলাই আহিল আৰু গীতিমাক কি হৈছে আৰু কিয় তেনেকৈ কান্দিছে সোধাত তাই এফালৰ পৰা কৈ গ’ল তাইৰ মদাহী গিৰীয়েকে তাইৰ ওপৰত কৰা নিৰ্মম অত্যাচাৰৰ কথা, কেনেকৈ তাইৰ বিয়া হৈছিল তাইতকৈ বয়সত পোন্ধৰ বছৰ মান ডাঙৰ সেই কুলেন মদাহীৰ লগত আৰু কেনেকৈ তাইৰ দেউতাকে বহু বছৰ আগতেই লোৱা ঋণ  পৰিশোধ কৰিছিল সিহঁতৰ বিয়াৰ জৰিয়তে ৷ গীতিমাৰ কথাবোৰ ইমানতে শেষ হোৱা নাছিল; তাই কৈ গৈ আছিল কেনেকৈ গিৰীয়েকে সদায় জুৱা খেলি আহি তাইৰ ওপৰত মাৰপিট কৰে আৰু সেইদিনা কেনেকৈ সি জুৱাত হাৰি কেইটামান নৰ পিশাচৰ হাতত তাইক গতাবলৈ ধৰিছিল ৷ কথাবোৰ শুনি শুনি বিনন্দৰ বুকুখন একবাৰে গধুৰ হৈ আহিল আৰু তাৰ দুচকুৰে চকুপানী ববলৈ ধৰিলে আৰু সি গীতিমাক বুকুৰ মাজত সাৱটি ধৰিলে ৷ এনেতে সি গীতিমাৰ হাতত কেইটামান চিগাৰেটৰ পুৰা দাগ দেখা পালে আৰু লাহে লাহে তাইৰ গোটেই শৰীৰটোৰ ওপৰতে তেনে কিছুমান দাগ সি দেখা পালে ৷ আনফালে বাহিৰতো বৰষুণ লাহে লাহে কমি আহিল আৰু কুলেন মদাহী সেই নৰ পিশাচ কেইটাৰ লগত আহি বিনন্দৰ ঘৰ পালেহি ৷ বিনন্দ আৰু গীতিমাক এটা আশ্বস্ত অৱস্থাত দেখা পাই সি গীতিমাৰ চুলিত ধৰি বাহিৰলৈ চোঁচোৰাই আনিলে আৰু তাইক ভৰিৰে কেইবাটাও প্ৰচণ্ড গোৰ শোধালে আৰু মুখেৰে বহুতো অশালীন গালি পাৰিবলৈ ধৰিলে ৷ বিনন্দ‍ই আৰু ধৈৰ্য্য ধৰিব নোৱাৰিলে, সি কুলেনৰ মুখত এটা প্ৰচণ্ড ঘোচা মাৰি তাক মাটিত বগৰাই দিলে ৷ লগে লগে বাকী কেইটাও বিনন্দক চোঁচা মাৰি গ’ল, কিন্তু বিনন্দ‍ই গোটেই কেইটাকে উচিত উত্তৰেই দিলে ৷ ইমানবোৰ হুলস্থূল শুনি ওচৰৰ দুই এজন মানুহ বিনন্দৰ চোতাল পালেহি আৰু লগে লগে গোটেই কেইটা তাৰ পৰা দৌৰি পলাই গ’ল ৷ বিনন্দ‍ই সকলোকে হাতযোৰ কৰি ঘৰাঘৰি যাবলৈ ক’লে আৰু গীতিমাক সাবটি ভিতৰলৈ লৈ আহিলে ৷

পিছদিনাখন ৰাইজ মেল বহিল ৷ কুলেনে গীতিমাৰ ওপৰত দুঃচৰিত্ৰা ব্যভিচাৰিণী আদি বিভিন্ন অভিযোগ তুলিলে আৰু তাইৰ ব্যভিচাৰৰ সাক্ষী হ’ল সেই নৰ পিশাচ কেইটা ৷ বিনন্দ‍ই ৰাইজৰ আগত হাতযোৰ কৰি শেষ নিশাৰ সকলো কথা বিৱৰি ক’লে কিন্তু কোনেও তাৰ কথা বিশ্বাস নকৰিলে ৷ কিয়নো কুলেনে আৰু এটা অভিযোগ তুলিছিল যে গীতিমা আৰু বিনন্দ একেখন গাঁৱৰে, আগৰে পৰাই দুয়ো দুয়োকে চিনি পাই আৰু সিঁহতৰ প্ৰেমলীলা গীতিমাৰ গাভৰু কালৰ পৰাই চলি আহিছে আৰু ইয়াৰ আগতেও বহুদিন গীতিমা বিনন্দৰ ওচৰলৈ ৰাতি মনে মনে আহিছে ৷ বিনন্দ‍ই ইমানবোৰ কথা সহ কৰিব নোৱাৰিলে আৰু সি কুলেনক তাতেই একেবাৰে শেষ কৰি দিবলৈ বিছাৰিছিলে কিন্তু ৰাইজৰ সন্মুখত সি নিৰুপায় ৷ তথপিও সি চিঁঞৰি চিঁঞৰি ক’লে সেইবোৰ সকলো মিছা কথা, তাৰ ওপৰত মিছা বদনাম দিয়া হৈছে, সি মাত্ৰ এজনী অসহায় ছোৱালীক হে সহায় কৰিব বিছাৰিছিল… ৷ কিন্তু প্ৰমাণ আৰু সাক্ষীৰ অভাৱত সেইবোৰ সি সঁচা বুলি প্ৰমাণ কৰিব নোৱাৰিলে ৷ ৰাইজৰ বিচাৰ হ’ল যে মতা মানুহটোৱে মদ খালে বা মদ খাই মাৰ ধৰ কৰিলে বুলিয়েই আগত কোনো টান নাথাকিলে কোনো তিৰোতা ধুমুহাৰ নিশা পৰ পুৰুষৰ ওচৰলৈ দৌৰি যাব নোৱাৰে ৷ সেয়ে ৰাইজৰ শেষ বিচাৰ হ’ল যে বিনন্দ আৰু গীতিমাৰ মাজত অবধ্য সম্বন্ধ আছে সেয়ে বিনন্দ আৰু সেইখন গাঁৱত থাকিব নোৱাৰিব, সি সোনকালে গাঁও এৰি গুচি যাব লাগিব ৷

মেলৰ পাছত সকলো ঘৰাঘৰি গ’ল ৷  বিনন্দও নিজৰ কোঠালৈ আহি নিৰৱে বহি আছিল ৷ সি ভাৱিছিল সকলোৱে তাক অবিশ্বাস কৰিলেও কৃষ্ণাই অন্তত নকৰে ৷ কাৰণ সি কৃষ্ণাক জানে তাইক পৃথিৱীৰ সকলোতকৈ বেছি ভাল পায় ৷ তাইৰ লগত সি বহুতো অন্তৰংগ মুহুৰ্ত পাৰ কৰিছে, সোণালী ভৱিষ্যতৰ বহুতো সপোন ৰচনা কৰিছে…৷ অন্তত তাই তাক ভুল নুবুজে ৷ কিন্তু সেইদিনা সন্ধিয়াই কৃষ্ণা আহি তাক সেই সকলোবোৰ কটু বাক্য শুনাই থৈ গৈছিল ৷ সি আৰু সহ্য কৰিব নোৱৰিলে, সি বিচনাত ঢলি পৰিল আৰু চিঞৰি চিঞৰি কন্দিবলৈ ধৰিলে ৷ অন্তত সি কৃষ্ণাক ইমানখিনি বিশ্বাস কৰিছিল যে তাই তাক বুজি পাব ৷ কিন্তু শেষত তায়ো তাক এৰি আতঁৰি গ’ল ৷ মাজতে সি ভাৱিছিল যিখন নৈৰ পাৰত সিঁহত সঘনে লগ হৈছিল, তাতে গৈ সি জাপ দিব ৷ কিন্তু সি কাপুৰুষ হ’ব নিবিছাৰিলে ৷ গোটেই নিশা সি বিচনাত কান্দি কান্দি পৰি থাকিল আৰু পিছদিনাখন পুৱা সিদ্ধান্ত ল’লে যে সি ইয়াৰ পৰা গুচি যাব ৷  কিন্তু তাৰ আগতে এবাৰ সি ৰাইজৰ আগত থিয় হ’ব ৷

সেইদিনা সি সোনকালেই মেললৈ গ’ল আৰু ৰাইজৰ আগত আঠু লৈ ৰাইজক উদ্দেশ্যি ক’লে যে সি তাৰ সকলো অভিযোগ গাত পাতি লৈছে আৰু ৰাইজৰ বিচাৰ সম্পূৰ্ণ শুদ্ধ হৈছে ৷ সেয়েহে সি তাৰ পৰা গুচি যাব ৷ কিন্তু অকলে নহয় গীতিমাকো লগত লৈ যাব ৷ তাৰ কথা শুনি প্ৰথমে দুই এজনে আপত্তি কৰিছিল,  কিন্তু গীতিমাৰ দৰে ব্যভিচাৰিণী এজনী গাঁৱত থকা মানে গাঁৱৰে বদনাম ৷ সেয়েহে বিনন্দ‍ই গীতিমাক লগত লৈ গ’লেও ৰাইজৰ আপত্তি নাই ৷ ৰাইজে গীতিমাক পঠোৱাৰ সিদ্ধান্ত কুলেনৰ ওপৰত এৰিলে ৷ কুলেনেও এনে এজনী ব্যভিচাৰিণী নাৰীক লগত ৰখিবলৈ নিবিছাৰিলে আৰু বিনন্দকে লৈ যাবলৈ ক’লে ৷ শেষত গীতিমাও বিনন্দৰ লগত যোৱাতোৱেই ঠিক হ’ল আৰু দুদিন পাছত দুয়ো সেইখন গাঁও এৰি গুচি গ’ল ৷ যাবৰ সময়ত বিনন্দ কৃষ্ণাহঁতৰ পদুলীত আহি ৰৈছিল,  সেই সময়ত কৃষ্ণাও চোতালতে আছিল ৷ কৃষ্ণাৰ চকুলৈ চাই সি কিবা এটা ক’ব খুজিছিল যদিও সি একো ক’ব নোৱাৰিলে ৷ তাৰ চকুৰে দুধাৰি চকুলো বৈ আহিল আৰু এক মুহুৰ্তও নৰখি গীতিমাৰ লগত সি এবাৰো পিছলৈ নোচোৱাকৈ আগুৱাই গ’ল ৷ হয়তু তাৰ ওপৰত তোলা আটাইবোৰ অভিযোগৰ বিচাৰ সেই সন্ধিয়াটোতেই তাই কৰি পেলাইছিল ৷

এনেকৈয়ে আজি তিনিমাহ পাৰ হ’ল ৷ বিনন্দ অৰু গীতিমা ক’লৈ গ’ল কোনেও নাজানে ৷ তাৰ ভাড়াঘৰটোলৈও বেলেগ মানুহ আহিল সকলোবোৰেই থিক হৈ গ’ল ৷ কিন্তু কৃষ্ণাৰ অন্তৰৰ এটা নিভাঁজ কোণতহে কিছুমান বিষাদ থাকি গ’ল ৷ তাই সদায়ে ৰাতি ভাৱিব ধৰিলে বিনন্দতো এনেকুৱা নাছিল, সিটো সদায় নাৰীক সন্মান কৰিছিল ৷ তাই তাৰ লগত সমস্ত জীৱণ গাঠাৰ সপোনৰ মালাডাল গাঠিছিল ৷ তাই সদায় তাক জানিছিল বা বুজিছিল বুলিয়েই ভাৱি আহিছিল ৷ তেন্তে পলকতে সেই মালাডাল কেনেকৈ ছিঙি গ’ল; নে ইমানেই থুনুকা আছিল সিঁহতৰ প্ৰেম… ৷ লাহে লাহে সন্ধিয়াও ভাঙি আহিল ৷ তাইৰ আৰু আজি গোঁসাইঘৰত সোমাই প্ৰাৰ্থনা কৰিবলৈ মন নগ’ল ৷ ক’লা ডাৱৰে আৱৰি ৰখা জোনৱাইটোকে বিচাৰি তাই একেথৰে আকাশলৈ চাই ৰ’ল ৷

 

– ৰূপজ্যোতি কলিতা

ৰসায়ন বিজ্ঞান বিভাগ

তেজপুৰ বিশ্ৱবিদ্যালয়

অন্যান্য লেখা :

Share.

1 Comment

  1. পিংকু বৰা on

    pinkubora.wordpress.com মোৰ এটা ব্যক্তিগত ব্লগ । এবাৰ সকলোৱে খুলি চাব দেই ।

Leave A Reply