কুশলে আছানে তুমি ?

0

আজন্ম আন্ধাৰত বাগৰ সলাইছে

নিথৰ সন্ধিয়াটোৱে

চেল’ফোনত ভাঁহি নুঠে এতিয়া

তোমাৰ নাম

হাত মেলিলেই ঢুকি নাপাওঁ তোমাক

আগৰ দৰে-

 

কুশলে আছানে তুমি?

এতিয়াও-

তোমাৰেই বাবে ফুলে

মোৰ বুকুৰ ৰঙাগোলাপ

যদিওবা এতিয়া

হাতখন নাপাওঁ তোমাৰ

মোৰ দুহাত মেলি

আৰু

ক্ৰমে ক্ৰমে প্ৰসাৰিত হৈ গৈ থাকে

মোৰ হৃদয়ৰ শূণ্যতা … ৷

–      গীতিমা নাথ

(৮৭৫২৯১১৭০৫)

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.