কুইজ – ৫

0

১. অভিনয় জগতত খোজ পেলোৱাৰ আগতে তেওঁ মডেল হিচাপে কাম কৰে আৰু ২০০৮ চনত মিছ ৱৰ্ল্ড খিতাপ জয় কৰি জনপ্ৰিয়তা লাভ কৰে। বৰ্তমানলৈকে তেওঁ এটা ৰাষ্ট্ৰীয় পুৰস্কাৰ আৰু চাৰিটাকৈ ফিল্মফেয়াৰ বঁটা লাভ কৰিছে। তামিল ছবি থামিজানেৰে ছবিজগতত পদাৰ্পন কৰি তেওঁ “দা হিৰো” ৰ জৰিয়তে বলীউডত অভিষেক ঘটাই আৰু তাৰ পিছত জনপ্ৰিয় ছবি “অন্দাজ”ত অভিনয় কৰে যাৰ বাবে তেওঁ ফিল্মফেয়াৰৰ শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰীৰ বঁটা লাভ কৰে। কোন বাৰু এইগৰাকী অভিনেত্ৰী?

২. তেওঁ এজন ইছলাম ধৰ্ম প্ৰচাৰক, সাধু আৰু কবি আছিল। তেওঁৰ প্ৰকৃত নাম আছিল শাহ মীৰান। ইয়াৰ বাহিৰেও তেখেতক ______, হজৰত শাহ মীৰান আৰু শাহ মীলান নামেৰেও জনা যায়। তেওঁৰ জন্ম ১৬১০ চনৰ ওচৰে-পাঁজৰে ইৰাকৰ ৰাজধানী বাগদাদৰ এখন গাঁৱত হৈছিল। আনুমানিক খ্ৰীষ্টীয় সপ্তম-অষ্টম শতিকাত লগত লগত কেইজনমান জন ছূফী (পীৰ) লৈ আজমীৰৰ পৰা অসমলৈ আহিছিল । কোন বাৰু?

৩. তেওঁৰ জন্ম হয় গহপুৰৰ ওচৰৰ বৰঙাবাৰী গাঁৱত । পিতৃ বগাৰাম বৰুৱা আছিল এগৰাকী খেতিয়ক । তেওঁ স্বাধীনতা আন্দোলনৰ এগৰাকী আগৰণুৱা স্বেচ্ছাসেৱিকা আছিল ৷ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নেতৃত্বত ‘মৃত্যু বাহিনী’ত যোগ দি ১৯৪২ চনৰ ২০ চেপ্তেম্বৰ তাৰিখে ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসম শাখাই প্ৰত্যেক থানাত উত্তোলিত হৈ থকা বৃটিছৰ পতাকা নমাই তাৰ ঠাইত ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰাৰ আঁচনি গ্ৰহণ কৰিছিল৷ তাৰ বাবে মৃত্যুপণ বাহিনী তৈয়াৰ কৰা হৈছিল ৷ সেই কাৰ্য্যসূচীতেই তেওঁ পুলিছৰ গুলীত মৃত্যুবৰণ কৰে । কাৰ কথা কৈছোঁ ?

৪. পুনে ফিল্ম ইনষ্টিটিউট’ৰ শিক্ষা গ্ৰহন কৰি থাকোঁতেই  অমৰ পাঠকৰ ‘সংগ্ৰাম’ বোলছবিত অভিনয়ৰ বাবে তেওঁ আমন্ত্ৰণ পায়। সেই আমন্ত্ৰণ মৰ্মেই  ‘সংগ্ৰাম’ বোলছবিত প্ৰথমে নায়কৰ চৰিত্ৰত অভিনয় কৰে। কালানুক্ৰমিক ভাৱে অভিনীত প্ৰথম ছবি আছিল ১৯৫৭ চনত মুক্তিপ্ৰাপ্ত ফণী শৰ্মাৰদ্বাৰা পৰিচালিত ‘পিয়লি ফুকন’। তেখেতৰ পিতৃয়ে নাম-ভূমিকাত অভিনয় কৰা এই ছবিখনত কেইটামান সৰু-সুৰা দৃশ্যত তেওঁ প্ৰথমে কেমেৰাত ভূমুকি মাৰিছিল। ‘সংগ্ৰাম’ৰ পাছতে নায়ক হিচাপে তেখেতে ১৯৬৯ চনত মুক্তিপ্ৰাপ্ত ‘ডা: বেজবৰুৱা’ ছবিত অভিনয় কৰে। তাৰ পাছৰে পৰা তেখেতে ১০০-ৰো অধিক ছবিত অভিনয় কৰিছে । অসমীয়া ছবিজগতৰ এই সূদৰ্শণ অভিনেতাজন কোন বাৰু ?

৫. ইংৰাজী নাম: Indian Cuckoo,  বৈজ্ঞানিক নাম: Cuculus micropterus । অসমীয়া নাম কি বাৰু ?

৬. তেওঁৰ জন্ম হয় যোৰহাটৰ অন্তৰ্গত হাতীগড় মৌজাৰ নাওশলীয়া গাঁৱত । তেওঁৰ পিতৃ বোপাৰাম বৰুৱা আৰু মাতৃ ৰূপতী বৰুৱা। পাঁচ বছৰ বয়সতে তেওঁৰ পিতৃ বিয়োগ হয়। ঘৰৰ আৰ্থিক অৱস্থা স্বচ্ছল নথকা কাৰণে বিধবা মাতৃয়ে বৰ কষ্ট কৰি তেওঁক ডাঙৰ দীঘল কৰে। সৰুৰে পৰা তেওঁ বুদ্ধিমান আছিল। তেওঁৰ পঢ়া-শুনাত ৰাপ আছিল যদিও আৰ্থিক অনাটনৰ কাৰণে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা শেষ কৰি আৰু পঢ়িব নোৱাৰিলে ৷ কাৰ কথা কৈছোঁ ?

৭. তেওঁৰ ঘৰুৱা নাম আছিল ফিকো। তেওঁৰ নিজ গাঁৱত এজন ফকিৰৰ ভজন গানক অনুকৰণ কৰি তেওঁ গান গোৱা আৰম্ভ কৰে। জীৱিকাৰ সন্ধানত তেওঁৰ দেউতাক হাজী আলী মহম্মদে  লাহোৰলৈ গুচি যায় আৰু ভাট্টি গেটেৰ নূৰ মহল্লাত এখন চেলুনৰ মালিক হয়। ১৯৪১ চনত শ্যাম সুন্দৰৰ পৰিচালনাত গুল বালোচ  ছবিৰ মাধ্যমেৰে সঙ্গীতত পেশাগতভাবে অভিষেক ঘটায় । হিন্দীছবিজগতৰ এইজন পাৰ্শ্বগায়ক কোন বাৰু ?

৮. ফটো দুখনৰ মাজত সম্পৰ্কটো বিচাৰক ৷

connect-quiz-xondhan

৯. এখেত কোন হয় বাৰু?

Master-hemanta-xondhan-quiz

 

উত্তৰ:

১. প্ৰিয়ংকা চোপ্ৰা

২. আজান ফকীৰ

৩. কনকলতা বৰুৱা

৪. নিপন গোস্বামী

৫. কেতেকী

৬. মঘাই ওজা

৭. মহম্মদ ৰফি

৮.  ঢোল ৷ ৰাজপাল যাদৱে ‘ঢোল’ নামৰ চলচিত্ৰখনত অভিনয় কৰিছিল, আৰু ঢোল নেজীয়া কুকুৰ ৷

৯. ‘ককাদেউতা, নাতি আৰু হাতি’ৰ এটা দৃশ্যত হিমন্ত বিশ্ব শৰ্মা ৷

– কুইজ মাষ্টাৰ: দীপজ্যোতি ডেকা

যোগাযোগ:৭৮৯৬৩৩৯১৫৩

ই-বাৰ্তা: [email protected]

http://onlyforinquizzitive.blogspot.com

 

 

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.