কুইজ – ৪

1

১) হিন্দী বোলছবিৰ লগত জড়িত ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ, আৰু চলচ্চিত্ৰ প্ৰযোজক ৷ তেখেতে ১৯৫৯ চনত অবৈধতা বিষয়ক মেল’ড্ৰামা ধুল কা ফুল  ছবিৰে  পৰিচালকৰূপে খোজ দিয়ে আৰু ১৯৬১ চনত সামাজিক কাহিনীৰে ধৰ্মপুত্ৰ পৰিচালনা কৰে। কোন বাৰু তেখেত?

২) তেখেত  ভাৰতীয় চলচ্চিত্ৰৰ প্ৰথমগৰাকী অভিনেত্ৰী আৰু প্ৰথম দাদা চাহেব ফাল্কে বঁটা বিজয়িনী। তেখেতৰ আগলৈকে ভাৰতীয় চলচ্চিত্ৰত নাৰী চৰিত্ৰত পুৰুষে অভিনয় কৰিছিল। ১৯২৯ চনত মুক্তিপ্ৰাপ্ত ‘প্ৰপঞ্চ পাস’ নামৰ ছবিখনৰ জড়িয়তে অভিনয় জীৱনৰ পাতনি মেলিছিল। ছবিখনত তেখেতে কষ্টিউম ডিজাইনাৰ আৰু জুনিয়ৰ আৰ্টিষ্ট হিচাপে কাম কৰিছিল। ১৯৩৩ চনত মুক্তিপ্ৰাপ্ত ‘কৰ্মা’ নামৰ ছবিখনত তেখেতে প্ৰথম বাৰৰ বাবে নায়িকা হিচাপে অভিনয় কৰে। তেখেতৰ অভিনয়ৰ দক্ষতা আৰু ব্যক্তিত্বই তেতিয়াৰ ভালেসংখ্যক বিশিষ্ট ব্যক্তিৰ দৃষ্টি আকৰ্ষন কৰিছিল।জৱাহৰলাল নেহেৰু আৰু সৰোজিনী নাইডুয়ে তেখেতক প্ৰসংশা কৰিছিল৷ কোন?

৩) জন্ম হয় ১৯৩২ চনৰ ২০ ফেব্ৰুৱাৰীত নগাঁও চহৰত৷ ১৯৪৮ চনত তেখেত ষ্টাৰ মাৰ্ক সহ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ ঐতিহ্যপূৰ্ণ কটন মহাবিদ্যালয়ত ভৰ্তি হয়, আৰু তাৰপৰাই ১৯৫২ চনত পদাৰ্থ বিজ্ঞানত সন্মান সহ বি.এচ. চি. পাছ কৰে । তাৰ পাছত ১৯৫৫-১৯৫৬ চনত কলিকতা বিশ্ববিদ্যালয়ৰ প্ৰেচিডেন্সী কলেজৰ পৰা পদাৰ্থ বিজ্ঞানত এম.এচ.চি ডিগ্ৰী লয় আৰু উচ্চ শিক্ষাৰ বাবে বিদেশ যাত্ৰা কৰে। ১৯৬১ চনত তেখেতে লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা ডক্তৰেট ডিগ্ৰী লাভ কৰে। তাৰোপৰি তেখেতে লণ্ডনৰে ‘ইম্পেৰিয়েল কলেজ অৱ চাইন্স এণ্ড টেকন’লজী’-ৰ পৰা ডিপ্লমাও লাভ কৰে ।

তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগত ৰিডাৰ হিচাবে নিজৰ কৰ্মজীৱন আৰম্ভ কৰে ৷ তেখেতৰ বহুতো গল্প অন্যান্য ভাৰতীয় ভাষালৈ অনুবাদ হৈছে৷ অসমীয়া ভাষাৰ পষেকীয়া আলোচনী “প্ৰান্তিক” আৰু শিশু আলোচনী “সঁফুৰা”-ৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল ৷ তেখেতে ১৯৭৬ চনত সাহিত্য একাডেমী বঁটা আৰু ১৯৯০ চনত ‘অসম উপত্যকা সাহিত্য বঁটা’ লাভ কৰাৰ উপৰিও ‘পদ্মশ্ৰী’ সন্মান লাভ কৰে৷ তেখেত কোন?

৪) তেওঁ আমেৰিকাৰ নিউয়ৰ্ক চহৰত জন্মগ্ৰহণ কৰিছিল । তাতেই তেওঁ শিক্ষা গ্ৰহণ কৰি ২৪ বছৰ বয়সত মিছনেৰীৰ সভ্য হয় আৰু জেকব টমাছ নামৰ এজন বন্ধুৰ সৈতে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ বাবে অসমলৈ আহে। পাছত বন্ধুজনৰ মাজ বাটতে মৃ্ত্যু ঘটাত বন্ধু পত্নী আৰু নিজ পত্নীক লগত লৈ শদিয়াত উপস্থিত হয় তেওঁ। প্ৰথমে শদিয়া, জয়পুৰ, নগাৰাজ্য, শিৱসাগৰ আদিত থাকি শেষত নগাঁও চহৰ পায়হি। নগাঁৱত অৰফেন ইনষ্টিটিউট নামৰ পঢ়াশালি এখন স্থাপন কৰে । কাৰ কথা কোৱা হৈছে?

৫) তেখেতৰ সঠিক জন্ম, তাৰিখ, চন গম পোৱা নাযায়। তেওঁৰ দেউতাক আছিল মোমাই তামূলী বৰবৰুৱা, আহোম ৰজা প্ৰতাপ সিংহ ডাঙৰ বিষয়া। তেখেত আছিল মোমাই তামূলীৰ নুমলীয়া পুত্ৰ। অসম বুৰঞ্জীৰ এটি উল্লেখনীয় চৰিত্ৰ – লালুকসোলা বৰফুকন তেখেতৰ ককায়েক আছিল আৰু পাখৰী গাভৰু, জয়্ধ্বয় সিংহৰ কুৱঁৰী, তেখেতৰ ভনীয়েক আছিল। তেখেত কোন?

৬) দৰাচলতে ই ভগৱান শিৱৰহে উপাসনাস্থলী। কিছুমানৰ মতে শিৱৰ ক্ৰোধাগ্নিত ভষ্ম হোৱা কামদেৱে ইয়াতে পূৰ্বৰ ৰূপ ঘূৰাই পাইছিল আৰু পত্নী ৰতিদেৱীৰ সৈতে মিলিত হৈছিল বাবেই এই নাম হ’ল। কিন্তু এই মত সিমান বিশ্বাসযোগ্য নহয়। সম্ভৱতঃ মন্দিৰৰ গাত খোদিত আৰু চৌপাশে সিঁচৰতি হৈ থকা শৃংগাৰৰত ভংগিমাৰ ভাস্কৰ্যসমূহৰ বাবে জনমানসত হিন্দুৰ প্ৰেম আৰু যৌনতাৰ দেৱতা  কামদেৱৰ নামে ঠাই পাইছিল। কোন খন ঠাই?

7. কোনখন অসমীয়া সাধুকথাত এইষাৰ কথা পোৱা যায় ” কুটুমে ৰান্ধিলে, কুটুমে বাঢ়িলে, কুটুমক কুটুমে খালে, কুটুমৰ তেজেৰে বন্তি জ্বলালে, মজিয়া ভকেভকালে৷”?

৮) কোনজন অসমীয়াৰ নামত পোন প্ৰথমে ডাকটিকত প্ৰকাশ পায়?

৯) শচীন তেণ্ডুলকাৰৰ ওপৰত কোনে এনেদৰে মন্তব্য কৰিছিল,”বিশ্বত কেৱল দুজনেই বেটছমেন আছে ৷ এজন শচীন তেণ্ডুলকাৰ, আনজন আনসকলো খেলুৱৈ ৷”?

১০) বহি থকাজন কোন বাৰু?

quiz-xondhan-4

 

 

 

 

 

 

 

 

 

 

 

উত্তৰ:

১) যশ চোপ্ৰা

২) দেৱীকা ৰাণী

৩) ড০ ভবেন্দ্ৰ নাথ শইকীয়া

৪) ড০ নাথান ব্ৰাউন

৫) লাচিত বৰফুকন

৬) মদন কামদেৱ

৭) তুলা আৰু তেজা

৮) সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা

৯) এণ্ডি ফ্লাৱাৰ

১০) শচীন তেণ্ডুলকাৰ

– কুইজ মাষ্টাৰ: দীপজ্যোতি ডেকা

যোগাযোগ:৭৮৯৬৩৩৯১৫৩

ই-বাৰ্তা: [email protected]

http://onlyforinquizzitive.blogspot.com

Share.

About Author

1 Comment

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.