কুইজ – ৩

0

১) Unlucky thirteen ! আমি সকলোৱে ১৩ সংখ্যা টোক অশুভ বুলি গণ্য কৰো । ইটালীত কিন্তু ১৭ সংখ্যাটোকহে অশুভ বুলি ভবা হয় । কিয় ?

২) কোনবিধ বাদ্যযন্ত্ৰৰ নাম  ইয়াৰ উদ্ভাবক এন্টনী যোছেফৰ নামেৰে ৰখা গৈছে ?

৩) কোনজন আফগান আক্ৰমনকাৰীয়ে ১৭৩৯ খৃষ্টাব্দত বিশ্ববিখ্যাত ময়ুৰ সিংহাসন খন দিল্লীৰ পৰা বলপূৰ্বক লৈ গৈছে ?

৪) ক্ৰিকেটৰ বিভিন্ন ধৰনৰ ফিল্ডিং পজিচনৰ কথা আমি জানো । এতিয়া প্ৰশ্নটো হৈছে খেলপথাৰৰ কোনখিনি ঠাইত আমি long stop  নামৰ পজিচনটো পাওঁ?

৫)স্বাধীনতা আন্দোলনৰ সময়ত মহাত্মা গান্ধীৰ সৈতে যথেষ্ট ঘনিষ্ঠ ভাবে কাম কৰা কোনজন সমাজ কৰ্মীক আমি  ‘দীনবন্ধু’ বুলি জানো ?

৬) যদি ফেচাৰ এটা দলক আমি parliament  বুলি জানো তেন্তে ভাটৌ চৰাইৰ দল এটাক আমি কি বুলি কম ?

৭) অসমৰ ক’ত এই শিলালিপি দেখিবলৈ পোৱা যায়?

 

 

 

 

 

 

 

৮)  চীনা ভাষাত এখেতৰ নামটোৰ অৰ্থ হৈছে “don’t speak” ৷ কোন বাৰু এখেত?

 

 

 

 

 

 

 

 

 

৯) কোন বাৰু এওঁ?

 

 

 

 

 

 

 

১০) এওঁলোক চিনাক্ত কৰক ৷

 

 

 

 

 

 

 

 

উত্তৰ:

১)- ৰোমান সংখ্যাৰ ১৭ ( XVII)সংখ্যাটো যেতিয়া সালসলনি কৰা হয় তেতিয়া ইয়াৰ অৰ্থ হয় I am Dead.

২)   SAXOPHONE ( ANTONIE  JOSEPH SAX)

৩) নাদিৰ শ্বাহ

৪) উইকেট কীপাৰৰ ঠিক পিছফালে

৫) চি . এফ. এন্ড্ৰিওজ

৬) কম্পেনী ( Company)

৭) কানাই বৰশী বোৱা শিলালিপি

৮) মও ইয়ান (Mo yan)

৯) ৰজনীকান্ত

১০) মহেন্দ্ৰ বৰঠাকুৰ, আনন্দ গোস্বামী, নিলু চক্ৰৱৰ্ত্তী

– কুইজ মাষ্টাৰ: দীপজ্যোতি ডেকা

যোগাযোগ:৭৮৯৬৩৩৯১৫৩

ই-বাৰ্তা: [email protected]

http://onlyforinquizzitive.blogspot.com

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.