কুইজ : ডিচেম্বৰ সংখ্যা, ১৩

0

১) ক্ৰিকেটৰ ভগৱান বুলি অভিহিত কৰা শচীন টেণ্ডুলকাৰৰ বিথোভেন, টম ক্ৰুজ, জিমি হেনড্ৰিক্স, এলবাৰ্ট আইনষ্টাইন, ৰিচাৰ্ড ফেইনমেন, ৰাফেল নাডাল আদি ব্যক্তিৰ লগত এক আচৰিত সাদৃস্য আছে । কি বাৰু ?

২) শচীনৰ জীৱনৰ লগত সম্পৰ্ক থকা কোন গৰাকী ব্যক্তিয়ে তেওঁৰ জীৱনৰ একমাত্ৰ প্ৰথম শ্ৰেণীৰ খেলখন ১৯৬৩-৬৪ চনৰ মঈন-ঊদ-দৌলা কাপত অল ইণ্ডিয়া ষ্টেট বেংকৰ হৈ হায়দৰাবাদৰ বিপক্ষে খেলিছিল  ?

৩) ১৯৮৯-৯০ চনৰ পাকিস্তান ভ্ৰমণৰ কাৰণে ভাৰতীয় দল নিৰ্বাচন কৰাৰ সময়ত ১৬ বছৰীয়া শচীনৰ অন্তৰ্ভুক্তিক লৈ নিৰ্বাচক সকলৰ মাজত যথেষ্ট মতভেদৰ সৃষ্টি হৈছিল । অধিকাংশই শচীনৰ অন্তৰ্ভুক্তিৰ বিৰোধিতা কৰাৰ বিপৰীতে সেই সময়ৰ পশ্চিম মণ্ডলৰ নিৰ্বাচকৰ দায়িত্বত থকা ব্যক্তিজনে ‘Sachin Tendulkar never fails’ বুলি বিতৰ্কৰ সামৰণি মাৰিছিল । তাৰ পিছৰখিনি ইতিহাস । কোন আছিল বাৰু সেইজন ব্যক্তি ?

৪) থিয়েটাৰ আৰু চলচ্ছিত্ৰ জগতৰ লগত জড়িত কোনজন ব্যক্তিয়ে ১৯৮৯ চনত শচীনৰ প্ৰথম টেলিভিচন সাক্ষাৎকাৰ গ্ৰহণ কৰিছিল ?

৫) টেষ্ট ক্ৰিকেট – ডেনি মৰিছন, এদিনীয়া ক্ৰিকেট- আকিব জাভেদ । সম্পৰ্কটো কি বাৰু ?

৬) গৌৰৱ পাণ্ডেই পৰিচালনা কৰা আৰু ২০০৩ চনত মুক্তিলাভ কৰা বলিউডৰ কোনখন চিনেমাত শচীনে অতিথি শিল্পী হিছাপে ভুমূকি মাৰিছিল?

৭) ১৯৯৮ চনৰ ২৭ আগষ্টত ৯০ বছৰীয়া জন্মদিনৰ দিনা তেওঁৰ এডেলেইডত থকা বাসভৱনত পোনপ্ৰথমবাৰৰ বাবে শচীনে কাক লগ পাইছিল?

৮)     Bonzar- ছাৰ ডন ব্ৰেডমেন

Sten- সুনীল গাভাস্কাৰ

Bombay Bomber- ________

খালী ঠাইত কি বহিব ?

৯)  টেষ্ট ক্ৰিকেট- নৰসিঙ দেউনাৰায়ণ ।

এদিনীয়া ক্ৰিকেট- ছয়ীদ আজমল ।

টি-টুৱেন্টি- চাৰ্লছ লেংগভেল্ড ।

সম্পৰ্কটো কি বাৰু ?

১০) শচীনৰ ক্ৰিকেট জীৱনৰ লগত কাৰ্ল লিয়েনবাৰ্গ নামৰ ব্যক্তিজনৰ সম্পৰ্কটো কি বাৰু ?

 

উত্তৰ:

১) সোঁহাতেৰে বেটিঙ,বলিঙ ইত্যাদি কৰা শচীনে কিন্তু লিখে বাওঁহাতেৰে ।

২) ৰমাকান্ত আচৰেকাৰ

৩) নৰেন্দ্ৰ টামহানে

৪) টম অল্টাৰ

৫) তেওঁলোক হ’ল শচীনক প্ৰথম বলতেই শূণ্য ৰাণত আউট কৰা প্ৰথম ক্ৰিকেটাৰ ।

৬) ষ্টাম্পড্ ।

৭) ছাৰ ডন ব্ৰেডমেন ।

৮) TIME Magazine, এইবোৰ হ’ল শচীনক বিভিন্নজনে দিয়া উপনাম।

৯) এওঁলোক হ’ল জীৱনৰ অন্তিমটো ইনিংচত শচীনৰ উইকেট দখল কৰা ক্ৰিকেটাৰ ।

১০) ১৯৯২ চনত ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজত ডাৰবান টেষ্টত শচীনক থাৰ্ড আম্পায়ৰৰ দ্বাৰা ৰাণ আউট ঘোষণা কৰা হৈছিল । থাৰ্ড আম্পায়ৰৰ দ্বাৰা আউট ঘোষণা কৰা শচীন হৈছে বিশ্বৰ প্ৰথমজন ক্ৰিকেটাৰ । শচীনক ৰাণ আউট ঘোষণা কৰা আম্পায়ৰজন আছিল কাৰ্ল লিয়েনবাৰ্গ ।

– কুইজ মাষ্টাৰ: দীপজ্যোতি ডেকা

যোগাযোগ:৭৮৯৬৩৩৯১৫৩

ই-বাৰ্তা: [email protected]

http://onlyforinquizzitive.blogspot.com

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.