কুইজ জানুৱাৰী, ২০১৪

0

কুইজৰ বতৰা : গুৱাহাটী কুইজ ফেষ্ট অংশ ১

অহা ১১ আৰু ১২ জানুৱাৰীৰ ৰাতিপুৱা ৯ বজাৰ পৰা কটন কলেজত গুৱাহাটী কুইজ ফেষ্ট অংশ ১ নামেৰে এটি কুইজৰ মহোৎসৱ আয়োজন কৰা হৈছে  ৷ এই মহাৎসৱত পাচঁটি পূৰ্ণাংগ কুইজৰ উপৰিও তিনিখন লিখিত কুইজ অনুষ্ঠিত হ’ব। কুইজসমূহ হৈছ School Science Quiz, Food & Travel Quiz, Technology, Lone wolf Quiz, North-East Quiz, MELA ( Music, Entertainment, Literature & Arts), cricket আৰু General । School Science Quiz-ৰ বাহিৰে বাকী সকলো কুইজ সকলো বয়সৰ প্রতিযোগীৰ বাবে মুকলি থাকিব ৷ কুইজসমুহত আকৰ্ষণীয় পুৰস্কাৰৰ ব্যৱস্থা কৰা হৈছে ৷ কুইজসমুহ পৰিচালনা কৰিব ক্ৰমে নয়নজ্যোতি মেধী, কপিঞ্জল শৰ্মা, অভ্র দাস , অৰ্ঘ সেন , দীপজ্যোতি ফেকা, ডা: বিনয় উপাধ্যায় , মিট চৌধুৰী আৰু ভৃগু তালুকদাৰে । এই মহোৎসৱত সহা আগবঢ়াইমে Metropolis, Justice for the Society, Poptales, Cotton College Union Society আৰু সংকল্প একাডেমীয়ে । বিতং জানিবৰ বাবে বৃগু তালুকদাৰ (9706407968) আৰু দীপজ্যোতি ডেকা (7896339153)-ৰ লগত যোগাযোগ কৰিবলৈ আয়োজকসকলে আহ্বান জনাইছে ।
আহক এতিয়া এই মাহৰ প্ৰশ্ন সমূহলৈ যাও —

১) ছ’ছিয়েল নেটৱৰ্কিঙৰ লগত বিশেষভাৱে জড়িত কোনটো শব্দক Oxford Dictionary-য়ে ২০১৩ বৰ্ষৰ শ্ৰেষ্ঠ শব্দ হিচাপে ঘোষণা কৰিছে?

২) ভাৰতীয় ছবিজগতলৈ আগবঢ়োৱা জীৱনযোৰা অৱদানৰ বাবে ভাৰত চৰকাৰে ১৯৬৯ চনৰ পৰা প্ৰদান কৰা কোনটো সৰ্বোচ্চ সন্মান ২০১৩ চনত বিশিষ্ট অভিনেতা প্ৰাণলৈ আগবঢ়োৱা হৈছিল?

৩) ভাৰতীয মানক সংস্থাই প্ৰদান কৰা ISO চাৰ্টিফিকেট লাভ কৰা প্ৰথমটো কেন্দ্ৰীয় মন্ত্ৰালয় কোনটো?

৪) ৰাহুল দ্ৰাবিড়, সুনীল গাভাস্কাৰ আৰু বিজয় হাজাৰে এই তিনিজন টেষ্ট ক্ৰিকেটাৰক একেলগে কেনেদৰে সংযোগ কৰিব পাৰি?

৫) ওজাপালিৰ প্ৰধান তিনিটা ভাগ হৈছে ব্যাস ওজা, ৰামায়ণী ওজা আৰু সুকন্নানী ওজা ৷ প্ৰত্যেকৰে নামৰ নিজা নিজা বৈশিষ্ট্য আছে ৷ ব্যাসদেৱৰ ৰচিত পদ গোৱাৰ বাবে ব্যাস জা, ঠিক সেদৰে ৰামায়ণৰ পদ গোৱাৰ বাবে ৰামায়ণী ওজা ৷ এতিয়া প্ৰশ্নটো হ’ল- সুকন্নানী ওজা নামটোৰ বৈশিষ্ট্য কি?

৬) কোনখন প্ৰাচীন সাম্ৰাজ্যৰ ৰাজপৰিয়ালত নিজৰ সহোদৰৰ মাজতে বিবাহ কৰোৱা প্ৰথা আছিল, কাৰণ তেওঁলোকে বিশ্বাস কৰিছিল যে ৰাজপৰিয়ালৰ বাহিৰৰ ব্যক্তিৰ লগত হ’লে তেওঁলোকৰ তেজ অশুদ্ধ হ’ব ?

৭) যদি পবিত্ৰ বাইবেলখন লেটিন ভাষালৈ অনুবাদ কৰা হয়, তেন্তে ইয়াৰ প্ৰথম দুটা শব্দ হিছাপে আঙি কোন দুটা জনপ্ৰিয় ব্ৰেণ্ডৰ নাম পাম?

৮) ভাৰতত তৈয়াৰ হোৱা কোনখন গাড়ী ইউৰোপত Celerio নামেৰে বিক্ৰী হয়?

উত্তৰ:

১) Selfie

২) দাদা চাহেব ফাল্কে বঁটা ৷

৩) Ministry of Steel

৪) এখন টেষ্টৰ দুয়োটা ইনিংছতে শতক অৰ্জন কৰা ভাৰতীয় ক্ৰিকেটাৰ ৷

৫) সুকবি নাৰায়ণদেৱৰ ৰচিত পদ গোৱাৰ বাবে তেওঁলোকক সুকন্নানী ওজা বোলা হয় ৷

৬) ইজিপ্ত ৷

৭) Fiat Lux, লেটিন ভাষাত ইয়াৰ অৰ্থ হ’ল- Let there be Light.

৮) Maruti A Star

– কুইজ মাষ্টাৰ: দীপজ্যোতি ডেকা

যোগাযোগ:৭৮৯৬৩৩৯১৫৩

ই-বাৰ্তা: [email protected]

http://onlyforinquizzitive.blogspot.com

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.