কবিতা

0

বুকুৰ আন্ধাৰত দুহাতৰ আঙুলিৰে

খেপিয়াই চাওঁ—

কিজানিবা চিয়াঁল ফটা দিয়া কলিজাটো পাওঁ

 

আঙুলি গছৰ শিপা

আঙুলি গছৰ ডাল

 

আঙুলি গছৰ ডালে ডালে বিৰ দি ওলোৱা

অনেক সপোনৰ ছিৰিলি ছিৰিলি কুঁহিপাত

 

কুঁহিপাত কুমলীয়া আমাৰ হাতত

কুঁহিপাত কুমলীয়া মনৰ মাজত।

 

– নৱ কুমাৰ চমুৱা,

ঠিকনাঃ অসমীয়া বিভাগ, ডিব্ৰুগড় বিশ্ববিদ‌্যালয়

        ডিব্ৰুগড়—৭৮৬০০৪

        ফোনঃ ৯৯৫৪৪০৯৫৪৬

        ই মেইলঃ [email protected]

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.