ঐতিহ্যমণ্ডিত ফাট বিহু

0

 

লক্ষিমপুৰ জিলাৰ ঢকুৱাখানা এখন ঐতিহ্য বহন কৰা ঠাই ৷ এই ঢকুৱাখানাৰে ম’হঘূলি চাপৰিৰ ফাটবিহুৰ বাকৰিখন এক মহিমামণ্ডিত স্থান ৷ কেৱল বিহু আনন্দ উপভোগ কৰিবলৈ ত্ৰিশ-ছল্লিছ হাজাৰ মানুহ সমবেত হোৱাৰ নজিৰ বোধকৰো অসমত খুব কমেই ওলাব ৷ ফাট বিহুৰ থলিলৈ লক্ষিমপুৰ-ধেমাজি জিলাৰ অগণন লোকৰ উপৰিও ৰাজ্যৰ আন আন ঠাইৰ পৰা বিহু-প্ৰেমীৰ ভিৰ হয় ৷ জিলাদুখনত বাস কৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ লোক সকলৰ মিলন-ভূমিলৈ পৰিণত হয় ফাট বিহুথলী ৷

কথিত আছে ঢকুৱাখানাৰ ম’হঘূলি চাপৰিৰ আশে পাশে বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে বাস কৰিছিল ৷ অসমীয়া নৱবৰ্ষৰ প্ৰথম মাহ- বহাগত সকলোৰে ৰাইজ বিহুৰ উত্তেজনাত ডুব গৈ থাকে ৷ বিহুৰ সামৰণি বাবেই বহাগ মাহৰ শেষৰ ফালে এই ম’হঘূলি চাপৰিৰ বাকৰিত লগ হয় সকলো ৷দিনে ৰাতিয়ে এই চাপৰিৰ চোম গছৰ তলত বিহু উদযাপন কৰে তেওঁলোকে ৷ ঢোল-তাল-পেঁপাৰ মাতেৰে ৰজনজনাই যাই গোটেই ঢকুৱাখানা ৷ ঢোল ফাটি নোযোৱালৈকে এই বিহু নৃত্য-গীত চলি থাকে বাবেই এই বিহুৰ নাম “ফাট বিহু” হয় ৷

২০১৪ বৰ্ষৰ  মে’ৰ পৰা ১১ মে’লৈ ফাট বিহু অনুষ্ঠিত হৈ যায় ৷ প্ৰতিকূল বতৰে বিধি-পথালি দিয়া সত্বেও সকলো ৰাইজৰ অংশগ্ৰহণ মন কৰিবলগীয়া ৷ উদযাপন সমিতিৰ আহ্বান ক্ৰমে দৰ্শকসকলেও জাতীয় সাজ-পাৰ পৰিধান কৰি বিহুথলী এক সমন্বয়ৰথলীলৈ পৰিণত কৰা দেখা গ’ল ৷

৯ মে’, ২৫ বহাগ- ফাট বিহুৰ প্ৰথম কাৰ্যসূচী অনুসৰি পতাকা উত্তোলণ কৰে উদযাপন সমিতিৰ সভাপতি কেশৱ গগৈয়ে, স্মৃতি তৰ্পণ কৰে লালিত্য কুমাৰ দাসে ৷ বিহুদল সমূহক আদৰণি জনোৱাৰ পাছত টকা বিহু প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ তাৰ পাছত সন্ধিয়ালৈ চেমনীয়াৰ হুঁচৰি বিহু প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ বিহু প্ৰতিযোগিতা উদ্বোধন কৰি বিশিষ্ট শিক্ষাবিদ হেমন্ত কুমাৰ মিলিৰ সাৰুৱা ভাষণে সকলোকে মন্ত্ৰমুগ্ধ কৰে ৷

১০ মে’, ২৬ বহাগ- দ্বিতীয় দিনৰ কাৰ্যসূচীৰ আৰম্ভণি হয় কপৌফুল আৰু বৃক্ষৰোপণেৰে ৷ পুৱা ১০ বজাত অনুষ্ঠিত হয় গামোচা প্ৰতিযোগিতা ৷ দুপৰীয়া ১২ বজাত অনুষ্ঠিত হয় সকলো জনগোষ্ঠীৰ পূৰ্ণবয়স্ক হুঁচৰি প্ৰতিযোগিতা ৷ বিয়লি ৩ বজাত ফাটবিহুৰ বছেৰেকীয়া প্ৰকাশ “বিহুৱান” উন্মোচন কৰে বিশিষ্ট লেখিকা জীমনি চৌধুৰিয়ে ৷ সন্ধিয়া পুনৰ পূৰ্ণবয়স্ক হুঁচৰি প্ৰতিযোগিতা আৰম্ভ হয় ৷

১১ মে’, ২৭ ব’হাগ- অন্তিম দিনাৰ কাৰ্যসূচী আৰু ফাট বিহুৰ মুখ্য আকৰ্ষণ “সাংস্কৃতিক শোভাযাত্ৰা” আৰম্ভ হয় পুৱা ১১ বজাত ৷ শোভাযাত্ৰা উদ্বোধন কৰে জনপ্ৰিয় অভিনেত্ৰী সাগৰিকা গোস্বামীয়ে ৷ শোভাযাত্ৰাত সকলো জাতি-জনগোষ্ঠীৰ অংশগ্ৰহণে আটক ধুনীয়া পৰিবেশৰ সৃষ্টি কৰে ৷ গোটেই ঢকুৱাখানা চহৰক ৰঙীন আৰু উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি কৰে সাংস্কৃতিক শোভাযাত্ৰাটিয়ে ৷ দুপৰীয়া মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ বিয়লি মুকলি সভাৰে “ফাট বিহু”ৰ কাৰ্য্যসূচী সমাপ্ত হয় ৷ মুকলি সভাৰ অতিথি সকলৰ মাজত ড° ৰমেশ পাঠক, ডা° ৰণোজ পেগু, ড° সমুজ্জল ভট্টাচাৰ্য, বাবুল বৰা, দুৰ্ল্লভ বুঢ়াগোহাঁই আদিৰ ভাষণে “ফাট বিহু”থলীৰ দৰ্শকক আকৃষ্ট কৰে ৷

– বিজিত দত্ত,

যোৰহাট

ব্ল’গ: http://bijitdutta.wordpress.com/

 

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.