এটা অভিশপ্ত দিনৰ ডায়েৰী

0

গণতন্ত্ৰ, স্বাধীনতা দিৱসকে ধৰি কিছুমান বিশেষ সময়ত অসম, কাশ্মীৰ তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায়বোৰ বিদ্ৰোহী সংগঠনে বোমা বিষ্ফোৰণকে ধৰি বিভিন্ন কূটাঘাটমূলক কাৰ্যৰে ৰাষ্ট্ৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা এটা অঘোষিত নিয়মত পৰিণত হৈছে৷ তেনে এক সময় ২০০৪ চনৰ ২৬ আগষ্ট৷ বিষ্ফোৰণত কপি উঠিছিল অসম৷ শদিয়াৰ পৰা ধুবুৰীলৈ ২৪ ঘন্টাত ৯টা বিষ্ফোৰণে ৰাজ্য কপাই তোলাৰ সময়তে গুৱাহাটী মহানগৰীৰ নুনমাটি অঞ্চলতো নিশা দুটা শক্তিশালী বিষ্ফোৰণ হয়৷ গুৱাহাটী শোধানগৰৰ কাষৰ ৰেল লাইনত উগ্ৰপন্থীয়ে নিশা ৮ বজাত প্ৰথমতো বোমা বিষ্ফোৰণ সংঘটিত কৰে৷

দিনটোৰ বা-বাতৰি ফটো আদি কাকতৰ কাৰ্যালয়ত জমা দি নিশা ৰাজগড় নবীন নগৰস্থিত ভাৰাঘৰত উপস্থিত হৈ টি.ভি. টো অন কৰি বহিছো মাত্ৰ লগে লগে ম’বাইল ফোনটো বাজি উঠিল৷ অফিচৰ পৰা অহা ফোন৷ নুনমাটিত শক্তিশালী বিষ্ফোৰণ হৈছে, কোভাৰেজৰ বাবে স্পটলৈ যাৱ লাগে৷ অলপো দেৰি নকৰি কেমেৰাৰ কিট্ বেগতো কান্ধত লৈ মোৰ এল. এম. এল স্কুটাৰখনেৰে তীব্ৰবেগে ছয়মাইল স্থিত ‘নতুন দিন’(অধুনালুপ্ত) কাকতৰ কাৰ্যালয়ত উপস্থিত হ’লো৷ মোৰ আপেক্ষাত কাকতৰ জ্যেষ্ঠ ষ্টাফ ৰিপোৰ্টাৰ বীৰেণ শৰ্মা (বৰ্তমান ইহসংসাৰ ত্যাগ কৰা) আৰু যোগেশ মজুমদাৰ৷ অলপো দেৰি নকৰাকৈ আমি তিনিও কাৰ্যালয়ৰ চুমুখনেৰে তীব্ৰবেগে ছয়মাইল হৈ নুনমাটিৰ বিষ্ফোৰিত স্থানত উপস্থিত হ’ল৷ দেখা পালো আন আন কাকতৰ সংবাদ কৰ্মী সকলে ইতিমধ্যে বা-বাতৰি সংগ্ৰহ কৰি উভতিবলৈ ধৰিছে, ফটো সংবাদিক উৎপল দা, অনুপম দা, গুণমনিহঁতে উভতিছে, তাৰে মাজতে গুণমণিয়ে ধেমালীতে চিঞৰি উঠিল চাবি আৰু বোমা ফুটিব পাৰে৷ ইতিমধ্যে আৰক্ষী চি. আৰ. পি. ৰেলৱে সুৰক্ষা বাহিনীৰ উপৰিও প্ৰশাসনৰ শীৰ্ষ বিষয়া সকলোৱে বিষ্ফোৰিত স্থানত তন্ন তন্ন পৰীক্ষাত ব্যস্ত হৈ পৰিছে, বোমাতো কোনে সংঘটিত কৰিছে, বিষ্ফোৰণত কি বিষ্ফোৰক ব্যৱহাৰ হৈছে, ক্ষয়-ক্ষতিৰ পৰিমাণ কিমান ইত্যাদি৷ আমিও বাতৰিৰ বাবে আৰক্ষী বেষ্টনীৰ মাজত সোমাই গ’লো৷ মোৰ অত্যাধুনিক ডিজিটেল কেমেৰাটোৱে ক্লিক ক্লিক কৰি ফ্লাছ লাইটৰ পোহৰত উজলি উঠিছিল বিষ্ফোৰণত সৃষ্টি হোৱা প্ৰকাণ্ড গাত, উফৰি পৰা ৰেল লাইন৷ উক্ত স্থানত উপস্থিত হোৱা মহানগৰ আৰক্ষী অধীক্ষক গৰাকীয়ে আমাৰ আগত বিষ্ফোৰণ সম্পৰ্কে আলোচনা কৰি থাকোতে হঠাৎ প্ৰচণ্ড শব্দ কৰি দ্বিতীয় এটা বোমা বিষ্ফোৰিত হয়৷ আমি তৎ ধৰিবকে নোৱাৰিলো৷ হঠাৎ এক হাঁহাকাৰৰ সৃষ্টি হ’ল৷ কিছু সময়ৰ বাবে যেন স্তব্ধ হৈ পৰিলো৷ চৌ-দিশে অন্ধকাৰ৷ বিষ্ফোৰণতো ইমানেই শক্তিশালী আছিল যে সেই এলেকাৰ সকলো বিজুলী, চাকি, মোবাইল নেটওৱৰ্ক নোহোৱা হৈ গৈছিল৷ ৰেল লাইনত গাত শিলবোৰ সৰু সৰু টুকুৰা হৈ ওপৰৰ পৰা বৰষুণ পৰা দি গাত পৰি আছিল৷ মই কৰ্তব্যবিমুঢ় হৈ পৰিলো৷ কিছুসময়ৰ বাবে৷ হঠাৎ কাৰোবাৰ মৃত্যুৰ কাতৰ গেঙনীত সমগ্ৰ শৰীৰ কপি উঠিল৷ মোৰ দুই সতীৰ্থ বীৰেণ দা আৰু যোগেশ ক’ত? অন্ধকাৰত অকল গেঙনীহে শুনিছো৷ নিচেই ওচৰত৷ হঠাৎ মনলৈ আহিল জেপত থকা মোবাইলতোৰ কথা, মোবাইলৰ পোহৰত জানোচা কোন দেখা পাওঁৱে? কিন্তু এয়া কি? মোবাইলটোৱে দেখো কাম কৰা নাই৷ মই কি কৰো, কি নকৰো ভাবি প্ৰচণ্ড চিঞৰ এটা মাৰি দিলো, খন্তেক সময় পিছতে মোৰ ওচৰলৈ আন্ধাৰে মুন্ধাৰে কোনোবা দৌৰি অহা যেন অনুভৱ কৰিলো, হিন্দী ভাষাত কোনোবাই চিঞৰিছে ক্যা হুৱা? ক্যা হুৱা? হঠাৎ মনলৈ আহিল মোৰ কেমেৰাটো, ডিজিটেল কেমেৰাত থকা লেজাৰৰ ক্ষীণ পোহৰেৰে চাৰিওফালে লক্ষ্য কৰিলো মোৰ অলপ আতৰত দুজন চি. আৰ. পি. লোক৷ আঘাট হোৱা বুলি ক্ষীণ পোহৰৰ মাজেৰে দৌৰি আহিছে মোৰ ওচৰলৈ৷ মই ঠিকে থকা বুলি জনোৱাৰ পিছত সেই ক্ষীণ পোহৰতে দেখা পালো তেজেৰে লুতুৰী পুতুৰী হৈ চট্ ফটাই আছে দুজন নিৰাপত্তাৰক্ষী জোৱান৷ মৃত্যুৰ ক্ষণগণি থকা জোৱান দুজনক শেষ ৰক্ষাৰ বাবে চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ আনি থাকোতে হঠাৎ মনলৈ আহিল Exclusive Shot! অলপ সময়ৰ বাবে অলপ বেছি Professional হৈ পৰিলো আৰু অলপো দেৰি নকৰি কেমেৰাতো অন কৰি ল’লো৷ ফ্লাছ লাইটৰ পোহৰত NE TV ৰ কেমেৰা মেন গৌতম দেৱৰায়ো দৌৰি অহা দেখা পালো সেই বিশেষ মুহুৰ্ত্তবোৰৰ দৃশ্য কেমেৰাত বন্দী কৰিবলৈ৷ মোৰ লগত অহা আমাৰ কাকতৰ সাংবাদিকদ্বয় বীৰেণ দা আৰু যোগেশৰ কথা মনলৈ অহাত বুকু কঁপি উঠিল৷ ইহঁত দুজন ক’ত? বহু দু:চিন্তাই মনটো আগুৰি ধৰিলে৷ সিহঁত দুজন বিচাৰি আমাৰ গাড়ীখনৰ ওচৰ পালো, ভিতৰত দেখিলো দুয়ো বহি আছে৷ বীৰেণ দাৰ হাতৰ পৰা টোপে টোপে তেজ পৰি আছে, যোগেশৰ কপালত তেজ বিৰিঙিছে৷ আৰু পলম নকৰিলো৷ দ্ৰাইভাৰে তীব্ৰবেগে অফিচ অভিমুখে গাড়ী চলাই দিলে৷ দোকান-পোহাৰ বন্ধ হৈ পৰিছে, ৰাজপথ প্ৰায় জনশূন্য৷ মাজে মাজে আৰক্ষীৰ গাড়ী৷ ঠায়ে ঠায়ে আৰক্ষীৰ তালাচী৷ আমাৰ গাড়ীৰ সন্মুখত PRESS লিখা থকা বাবে কিজানি আমাৰ গাড়ী এবাৰো পুলিছে ৰখোৱা নাই৷ গাড়ী আহি ছয়মাইলস্থিত আমাৰ কাকতৰ কাৰ্যালয়ৰ সন্মুখ পোৱা মাত্ৰকে গাড়ীৰ কাষলৈ দৌৰি আহিল কাকতৰ কৰ্মীসকল আমাৰ খবৰ ল’বলৈ৷ সময় তেতিয়া নিশা দহ বাজি গৈছে৷ ফাইনেল লে-আউটৰ বাবে আপেক্ষা কৰি আছে নিউজ এডিটৰ শংকৰ দা (বৰ্তমান অসমীয়া খবৰ কাকতৰ কাৰ্যাৱাহী সম্পাদক)৷

বীৰেণ দাৰ কৰ্ম দেখি স্তম্ভিত হৈ পৰিলো৷ ই কি? হাতৰ পৰা টোপ টোপ কৈ তেজ পৰি আছে, তাৰ মাজতে নিউজ লিখাত ব্যস্ত৷ কি সংঘাটিক প্ৰফেছনেল মানুহ৷ ময়ো দেৰি নকৰিলো কম্পিউটাৰত কেমেৰাতো সংযোগ কৰি ফটোবোৰ ডাউনলোড কৰাৰ বাবে চেষ্টা কৰিওঁ বাৰে বাৰে ব্যৰ্থ হৈছো, এয়া কি হ’ল? সদায় কৰা কামটো আজি বাৰে বাৰে চেষ্টা কৰিও ব্যৰ্থ হৈছো৷ কাষত বহি মোৰ কৰ্ম চাই থকা কাকতৰ কাৰ্যবাহী সম্পাদক  অনিলদা (বৰ্তমান অসমীয়া প্ৰতিদিন কাকতৰ কাৰ্যবাহী সম্পাদক) আৰু প্ৰকাশ দাই (বৰ্তমান অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক তথা মানৱ অধিকাৰ কৰ্মী) ক’লে কিশোৰ মুখ-হাত ধুই অলপ জিৰাই লোৱা, তোমাৰ মনযোগ বিচ্ছিন্ন হৈছে, হ’ব দিয়া আজি দেৰিকৈ লে আউট কৰিম৷ হঠৎ বাওঁফালে কঁকালৰ কাষত অলপ বিষ অনুভৱ কৰিছো৷ চাই দেখিলো বোমাত ব্যৱহৃত স্পিণ্টাৰৰ টুকুৰাৰ আঘাটত জিনছৰ পেন্ট ভেদ কৰি শৰীৰত লাগিছে৷ গেঞ্জীটো তেজেৰে তিত গৈছে, ৰুমালেৰে মছি দিলো৷ কাকো একো নকলো৷ ফটোবোৰ ডাউনলোড কৰি প্ৰথম পৃষ্ঠাত লগাই কোনোমতে স্কুটাৰখন লৈ ভাড়াঘৰ পালো৷ বন্ধু অঞ্জনে ৰান্ধি থোৱা ভাত সাজ খাই বিছনালৈ গ’লো৷ বহু দেৰিলৈ টোপনী অহা নাই৷ অলপ আগতে ঘটি যোৱা ঘটনাটো বাৰে বাৰে মনলৈ আহি আছে৷ মৃত্যু ইমান ওচৰৰ পৰা দেখা পালো৷ এই অনাকাংক্ষিত ঘটনাটোৱে মোৰ কাৰণে এক প্ৰকাৰ চমৎকাৰো, কাৰণ ইমান ওচৰত বিষ্ফোৰণ ঘটাৰ পিছতো মই কেনেকৈ বাছি গ’লো৷ মনলৈ আহিল কিট বেগত থকা সেই ঘোঁৰাৰ খুড়াৰ তলত লগোৱা লোহাৰ টুকুৰাটোলৈ, লোক বিশ্বাস এই লোহাৰ টুকুৰাই হানো শনিৰ কু-দৃষ্টি নাশ কৰে৷ লোহাৰ টুকুৰাটো সংগ্ৰহ কৰিছিলো কাহিলিপাৰাস্থত দশম আৰক্ষী বাহিনীৰ ঘোঁৰাশালৰ পৰা৷ ‘সম্ৰাট’ নামৰ সেই বিশেষ ঘোঁৰাতোত ব্যৱহাৰ কৰা৷ গণতন্ত্ৰ আৰু স্বাধীনতা দিৱসৰ পেৰেডত অংশ গ্ৰহণ কৰা ঘোঁৰা দলটোৰ একেবাৰে সন্মুখত সু-সজ্জিত হৈ থকা অসম আৰক্ষীৰ সেই বিশেষ ঘোঁৰাটোৰ নামেই সম্ৰাট৷ উল্লেখিত মাহৰে আগষ্টৰ প্ৰথম পষেকত সেই বিশেষ ঘোঁৰাটোৰ ওপৰত এংকৰ ষ্টৰীৰ বাবে দশম আৰক্ষী বাহিনীৰ ছাউনীত উপস্থিত হৈছিলো বন্ধু সঞ্জীৱ দাসৰ সৈতে ফটো আৰু বাতৰি সংগ্ৰহৰ অন্তত ঘোঁৰাশালৰ ৰক্ষীয়ে খুড়াত ব্যৱহৃত সেই বিশেষ লোহা টুকুৰা দি সেই টুকুৰাৰ বিশেষ গুণৰ বিষয়ে জনাইছিল৷ সেই বিশেষ লোহা টুকুৰা কেমেৰাৰ কিট বেগত ভৰাই ৰাখিছিলো বিষ্ফোৰণৰ দিনৰ পৰা আজি পৰ্যন্ত৷

পিছ দিনাৰ ৰাতিপুৱা বাতৰি কাকতত আঘাট প্ৰাপ্ত দুজন জোৱানৰ মৃত্যুৰ বাতৰি পাই মনতো গধুৰ হৈ পৰিছিল৷ এইদৰে বাতৰি সংগ্ৰহ কৰিবলৈ গৈ নিজে হৈ পৰিছিলো বাতৰি কাকতৰ খবৰ৷

 

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.