এখন চলন্ত ৰেলগাড়ী আৰু ……..মই !!!

0

অন্তহীন যাত্ৰাৰ গতিপথত মই

জীৱন নামৰ প্লেটফৰ্মখনৰ মাজমজিয়াত

ৰুদ্ধ কণ্ঠস্বৰ মোৰ তাতেই

জীয়াই থকাৰ মমতাত …. !!!

 

কল্পনাৰ পক্ষীৰাজবোৰ নামি ৰ’ল ষ্টেচনত

পৰিৱৰ্তনৰ গধুৰ হেঁচাত

পাৰ হয় মৌনতাৰ কোলাহলবোৰ নীৰৱতাত

কোনো চলন্ত ৰেলৰ ডবাত

আৰু আৰম্ভণি হৈ যায় কোনো স্বপ্ন- কন্যাৰ সন্ধানত

ন- যাত্ৰা মোৰ অন্তহীন গতি-পথত ৷

 

– নয়নী নাথ চৌধুৰী,

কটন মহাবিদ্যালয়

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.