একমুঠি সুখ

0

xondhan-golpo-jan14ক্ৰিং..ক্ৰিং..

পুহমহীয়া আবেলিৰ ঠেটুৱৈ লগা ঠাণ্ডাত লেপৰ তলৰ পৰা হাত  উলিয়াবলৈ মন নাযায়। তথাপিও হাত খন  উলিয়াই ফোনটো ধৰি নম্বৰটো চালে তাই। অচিনাকী নম্বৰ। হব ছাগে’ কোনো  ‘বিজিনেচ কল্’ এটা।  এটা  নিৰস স্বৰেৰে দিওঁ নিদিওঁ কৰি সঁহাৰি দিলে তাই । সিফালৰ পৰা মৌসনা অচিনাকী মাত এটা ভাহি আহিল — “ ৰিণিকিবা নেকি?” “হয়, মই ৰিণিকি ,তুমি কোনে কৈছা বাৰু ??” “ মই মনা, মনালিছা, ধৰিব পাৰিছেনে ?” _  “আৰে মনা !! ভালনে তোমাৰ ? কত পালা মোৰ ফোন নম্বৰ ?” জাৰৰ নিহালি পেলাই জাপ মাৰি উঠি ফোনটো ভালদৰে কাণত লগাই একে উশাহতে কেইবাটাও  কথা কৈ পেলালে ৰিনিকিয়ে !

 

বহুত দিনৰ আপোন কোনোবা হেৰাই যোৱা ভনীয়েক এজনীৰ লগত কথা পতাৰ দৰে তাই বহুত  আপোন  ভাবে  কথা পাতিলে মনালিছাৰ লগত !!  ফোনটো থোৱাৰ পিছত বহু সময়লৈকে তাই সুখী সুখী  ভাব কিছুমান লৈ বিভোৰ হৈ থাকিল । ..

 

অসমৰ ঘৰৰ পৰা হাজাৰ মাইল দুৰত তাই  থাকে । গিৰিয়েকৰ  লগতে কৰ্মসূত্রত অসমৰ বাহিৰৰ নানান ঠাইত ঘুৰি ফুৰিব লগা হয় ।  বায়েক ,ককায়েকেৰে ভৰা এটা ডাঙৰ ভৰপুৰ পৰিয়ালৰ ছোৱালী আছিল তাই । মাক দেউতাকৰ আলাসৰ লাড়ু । বিয়া হৈ মাক-দেউতাকক  এৰি ইমান দুৰত থাকিব লগীয়া হব বুলি তাই ভাবিবই পৰা নাছিল । এটা সময়ত আছিল তাই মাকক এৰি যে এটা দিনো যে জীয়াই থাকিব পাৰিব – সেয়া ভাবিবলৈকে নোৱাৰিছিল !  আৰু এতিয়া !! তাইৰ বুকুৰ ভিতৰৰ পৰা এটা দীঘল হুমুনিয়াহ ওলাই পৰিল ! মাকে জীৱনৰ অন্তিম পলৰ লগত যুঁজি থাকোতে “ মা” বুলি মাতষাৰ দিবলৈ – মাকৰ নিষ্প্রাণ দেহটো সাৱটি হেঁপাহ পলুৱাই কান্দিবলৈকো সুবিধা নাপালে !  ইমান সোনকালে তাইক মাকজনীয়ে এৰি থৈ গ’ল , মাজে মাজে তাইৰ বৰ অভিমান হয় মাকলৈ !! তাইৰ সন্তান কেইটাক চাবলৈ, সাধু শুনাবলৈ মাকৰ বাৰু অলপো  মন যোৱা নাছিল নে ?? কিমান সুন্দৰ কৈ সাধু কৈছিল মাকে !! যেতিয়া মাকে তা্ইৰ ভাগিন ভতিজাহঁতক সাধু কৈ ওমলাইছিল, তাইৰ বৌয়েক কেইজনীয়েও ওচৰতে বহি শাহুৱেকৰ  মুখত সাধু শুনিছিল । মাকে সাধু কৈ থাকোঁতে মাজে মাজে ৰৈ গ’লে বৌয়েকহঁতেহে “মা, তাৰপিছত কি হ’ল কওঁকচোন” বুলি উচপিচ লগায় !! সেইজনী মাকে তাইৰ লৰাটোকহে সাধু শুনাবলৈ নাপালে ! তায়ো লৰাটোক মাকৰ দৰে সাধু শুনাবলৈ চেষ্টা কৰে –  কিন্তু তাই নোৱাৰে । লৰাক সাধু কৈ থাকোতে ক’ব নোৱাৰাকৈ তাইৰ মাতটো থোকাথুকি হৈ যায় ..মনটো তাইৰ লৰালিলৈ ঢাপলি মেলে । সাধুৰ চলেৰেই মাকে তাইক কিমান যে শিক্ষা দিছিল ! নাই, তাই যিমান চেষ্টা কৰিলেও মাকৰ দৰে হ’ব নোৱাৰিব বুলি ভাবে । মাকৰ মৃত্যুৰ পিছত কিছু আনমনা আৰু কঠুৱা হৈ যোৱা  দেউতাকেও  চিৰদিনৰ বাবে এৰি থৈ গ’ল তাইক  ।   মাক-দেউতাক নথকা ঘৰখনলৈ যোৱাৰ হেঁপাহো কমি গৈছিল তাইৰ । ককায়েক , বায়েক সকলো নিজৰ নিজৰ সংসাৰ , লৰা-ছোৱালী লৈ ব্যস্ত থাকিছিল । তাইৰ বাবে চিন্তা কৰিব কাৰো সময়েই নহয় !

 

আৰু তাইৰ বিয়া হৈ যোৱা ঘৰখন .. শাহুৱেক নথকা ঘৰখন প্রথমৰ পৰাই তাইৰ প্রাণহীন ঘৰ যেন লাগিছিল । শহুৰেকো নিজৰ  সামাজিক কাম কাজত ব্যস্ত হৈ থাকে । বিয়াৰ কিছুদিন পিছতেই গিৰিয়েক লাচিতৰ কৰ্মস্থললৈ তাইক লৈ যাবলৈ শহুৰেকেই লৰা লৰি কৰিলে ।

 

শহুৰেকো বেচিদিন জীয়াই নাথাকিল ।  কাকো  একো জাননী  নিদিয়াকৈ , নিজেই  এদিন কামৰ  পৰা দুদিন বিৰতি  লৈ চিকিৎসালয়ত ভৰ্তি হ’ল আৰু তাতে  শেষ নিঃস্বাস এৰিলে । লাচিত আৰু লাচিতৰ ককায়েক ভায়েক কোনোয়েই  একো থাৱৰ কৰিবলৈকে নোৱাৰিলে । হৃষ্ট পুষ্ট ,নিৰোগী মানুহজন এনেকৈ হঠাৎ নাইকিয়া হৈ যাব – কোনেও ভাবিব পৰা নাছিল । শহুৰেকৰ মৃত্যুৰ পিছত সেই প্ৰাণহীন ঘৰখনত ঘটা কিছুমান ঘটনাই তাইক বৰ দুখ দিছিল । মৃত্যুৰ আগেয়ে শহুৰেকে ঘৰৰ মাটি সম্পত্তিবোৰ লৰা ছোৱালী ছয়টাৰ নামত ভাগ কৰি থৈ নগ’ল । তেওঁ নিজ হাতেৰে গঢ়ি তোলা প্ৰকাণ্ড চাহ বাগিছাখন , পুৰণা ঘৰখন, খেতিৰ মাটিবোৰ কোনে কেনেকৈ ল’ব ..তাকে লৈ  সকলোৰে মাজত খোৱা কামোৰা হ’বলৈ ধৰিলে । সম্পত্তিৰ ভাগ নিবিচৰা লাচিতকো ককায়েক বায়েকহঁতে  “তইনো কিয় পৈতৃক সম্পত্তিৰ পৰা বঞ্চিত হৈ থাকিবি”  বুলি কোৱাৰ পৰিবৰ্তে নিজৰ নিজৰ মনপুতঃ সম্পত্তিৰ ভাগ টুকুৰা পাবলৈ সহায় কৰি দিবলৈহে খাতিৰ কৰিছিল । আৰু লাচিতে এইবোৰ কাম কৰিবলৈ অমান্তি হোৱা বাবে ককায়েক বায়েক ভায়েক সকলোৱে তাক  স্বাৰ্থপৰ ,   আবেগ বিহীন, মৰম  নাইকিয়া  আদি  বদনাম দি নিজৰ নিজৰ জীৱন পৰা একপ্রকাৰে বাদেই দি দিলে ।

 

০০০০

শহুৰেক  জীয়াই থাকোঁতে তাইলৈ প্রায়ে ফোন কৰিছিল । তেওঁৰ দিনটোৰ খতিয়ান তাইক দিছিল  আৰু  তাইৰো দিনটোৰ খতিয়ান লৈছিল । গাঁৱত ন-খোৱা, নামঘৰত ভাওনা হোৱা আদিৰ খবৰবোৰ দিছিল ।  মাজে মাজে সিহঁতলৈ মনত পৰি তেওঁ উদাস হৈ পৰিছিল ।  লাচিতে কামত আজৰি পালেই ঘৰলৈ আহিবলৈও আহিবলৈ অনুৰোধ কৰিছিল ।  যেতিয়া সিহঁত ঘৰলৈ যায় – শহুৰেকে সৰু লৰাৰ দৰেই আনন্দত  কি কৰো কি নকৰো কৰে । বিচাৰি বিচাৰি সিহঁতি বাহিৰত থাকোঁতে খাবলৈ নোপোৱা বস্তুবোৰ গোটাই আনে । দিনটো নিজৰ সকলো কাম বাদ দি সিহঁতৰ লগতে কটায় । সিহঁত নিজৰ কৰ্মস্থলীলৈ যাবৰ সময়ত ঘৰখনৰ সকলোবোৰ  ভাল বস্তুকেই সাম বান্ধি দি পঠিয়াবলৈ খোজা, বাহিৰত দেখাত কঠুৱা, খঙাল যেন লগা মানুহজন যে কিমান মৰমীয়াল , কেৱল তাইহে অনুভৱ কৰিব পাৰিছিল ! শহুৰেকলৈ মনত পৰিলে তাইৰ চকুৰ পতা এতিয়াও সেমেকি উঠে । ইমান মানুহৰ মাজত থাকিও বৰ অকলশৰীয়া আছিল যেন মানুহজন ! সিহঁতৰ সন্তানটোৱে ককাদেউতাকো দেখিবলৈকে নাপালে । বৰ দুখ লাগে তাইৰ । ককাক ,আইতাক আদি সম্বন্ধবোৰৰ মৰমৰ পৰা তাই যেনেকৈ বঞ্চিত হৈছিল ..তাইৰ সন্তানো  বঞ্চিত হ’ল । প্রথম কেইবছৰমানত স্কুলত উদযাপন কৰা “গ্রেন্ড পেৰেন্টচ ডে” ত সদায় কান্দিছিল সি । তাৰ লগৰ লৰাবোৰৰ দৰে তাৰো কিয় ককা-আইতা নাই !? কিয় ভগৱানে তাৰ ককা আইতাকক লৈ গ’ল – সি দেখিবলৈ পোৱাৰ আগতেই ?  ..এইবোৰ প্রশ্নৰ উত্তৰ তাই লৰাটোক দি দি ভাগৰি পৰিছিল ।   মাক দেউতাকৰ বাহিৰে আন কোনো আপোনজনৰ  মৰম সি পোৱা নাই ! তাৰ জন্মদিনত কোনো আপোন মানুহ নাহে । কোনো আপোন মানুহে তালৈ উপহাৰ নপঠিয়ায় । তাৰ লগৰ আনবোৰ লৰাক জন্মদিনৰ দিনা  দূৰত থকা আপোন মানুহে ফোন কৰি কৰি  আমনি লগাই দিয়ে বোলে ! আজিকালি ডাঙৰ হৈ  বহুত কথা বুজা হৈছে সি । মাকক সি সোধে : “মা , মানুহে  বাৰু  নিবিচৰাকৈ পোৱা বস্তুবোৰ কিয় ভাল নাপায় ? আনহাতে বিচাৰিলেও নোপোৱা বস্তুবোৰৰ প্রতি মানুহৰ  ইমান হেঁপাহ  কিয় ??” কথাষাৰ সোধাৰ আৰত এটা কথা আছিল । তাৰ লগৰ দুটা মান লৰাই নিজৰ ককা আইতাকক বেয়া পায় – তেওঁলোকৰৰ মৰমত বিৰক্ত হয় বুলি কৈ থাকে !! তাইৰ দৰেই স্পৰ্শকাতৰ মনৰ লৰাটো । লগৰীয়াৰ মুখত  এনে কথা শুনি মনটো তাৰ বেয়া লগে । তাইক কথাবোৰ কৈ ভাবপ্রৱণ হৈ পৰে  লৰাটো । তাকে লৈ লাচিতৰ লগত তাইৰ তৰ্ক বিতৰ্ক । লাচিতৰ মতে আজিৰ যুগত মানুহ বেছি আবেগিক  আৰু  স্পৰ্শকাতৰ হৈ থাকিলে কেৱল দুখ আৰু দুখহে পাব । গতিকে লৰাটোক অলপ কঠিন আৰু ব্যৱহাৰিক  হ’বলৈ শিকাব লাগে । কিন্তু তাইৰ মতে আবেগ হীন হৈ কোনো মানুহ প্রকৃত সুখী হ’ব নোৱাৰে । মানুহ স্পৰ্শকাতৰ, আবেগিক জীৱ । সেয়ে মানুহক  জীৱশ্রেষ্ঠ বুলি কোৱা হয় । আজিকালি মানুহবোৰ আবেগহীন , স্পৰ্শকাতৰ বিমুখ হোৱা বাবেইটো সমাজখন ইমান বিশৃংখল হৈছে । নাই লাচিতে তাইৰ যুক্তি নামানে ।  হয়, কি পাইছে বাৰু তাই আবেগিক হৈ !! দুখ নে সুখ !! নাই, তাই দুখ পোৱা নাই ..তাই সুখেই পাইছে । তাইক পাহৰি যোৱা আপোনজনে বা কেৱল প্রয়োজনৰ সময়ত মনত পেলোৱা আপোনজনৰ পৰা তাই যিমান দুখ পায় , তাতকৈ বহুত বেছি সুখ পায় তাইৰ চিনাকি –অচিনাকি বহুজনৰ সৰু ডাঙৰ বহুবোৰ নিঃস্বাৰ্থ সহায়, মৰমৰ মাত এষাৰত । এই সৰু সৰু সুখবোৰে তাইৰ জীৱনত দুখৰ বোজা কমাই সুখৰ জোলোঙাটি ভৰপুৰ কৰি দিছে ।  আনৰ জীৱনৰ সুখৰ ভাগ লৈ নিজৰ জীৱনো সুখী কৰিব পাৰি .. আনৰ জীৱনৰ দুখৰ ভাৰ অলপ লৈ নিজৰ  জীৱনৰ দুখৰ বোজাও কমাব পাৰি ।  এয়া তাইৰ জীৱনৰ সঁচা উপলব্ধি ।  আজি সেয়ে তাইক কেতিয়াও নেদেখা কেৱল সামাজিক জালপঞ্জীৰ জৰিয়তে চিনাকি হোৱা মনালিছাৰ ফোনটো পাই ইমান সুখী অনুভৱ কৰিছে । ..আহ এনেকুৱা সুখেৰে তাইৰ জীৱনটো ভৰি পৰক ..তাই লৰাটোকো  এনেকৈয়ে নোপোৱাখিনি পাহৰি পোৱাখিনিৰ পৰা সুখী হ’বলৈ শিকাব । সৰু সৰু সুখে তাৰ জীৱন ভৰাই পেলাব পৰাকৈ স্পৰ্শকাতৰ আৰু আবেগিক কৰি তুলিব তাক ।  তাই জানে তাইৰ সুখ আৰু লৰাটোৰ সুখতেই লাচিত সুখী হ’ব ।   এখন সুখী ঘৰে এখন সুখী সমাজ গঢ়াত অৱদান দিব ।

পুহমহীয়া বেলিটোয়ে  বিদায় লবলৈ যোৱাৰ আগতেই ৰিনিকিয়ে বিচনাৰ পৰা নামি ঘৰৰ লেম চাকিবোৰ জ্বলাই দিলে ..এটি কোমল উমাল ভাবে ঘৰটো আৱৰি ধৰিলে ।

অনুপমা বৰগোহাঁই  , নয়ডা

অন্যান্য লেখা :

Share.

Leave A Reply