উচ্ছৃংখল যুৱ মানসিকতা আৰু আমি: কিছু মুকলি চিন্তা

0

সাম্প্ৰতিক সময়ত দেখা গৈছে আমাৰ ৰাজ্যখনত উচ্ছৃংখল যুৱ-মানসিকতাই বাৰুকৈয়ে গা কৰি উঠিছে ৷ কিশোৰ-কিশোৰী বা যুৱক-যুৱতীয়ে কৰা অপৰাধৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাইছে ৷ আজিৰ যুৱ প্ৰজন্মৰ মাজত অপৰাধ প্ৰৱণতাই এনে এটা পৰ্য্যায় পাইছে গৈ যে তাক নিয়ন্ত্ৰণ কৰা কঠিন হৈ পৰিছে ৷ সৌসিদিনা গুৱাহাটীৰ মাজমজিয়াত এখন আগশাৰীৰ মহাবিদ্যালয়ৰ স্নাতক শ্ৰেণীত অধ্যয়নৰত এজন ছাত্ৰই এটা মোবাইল ফোনৰ  তাড়নাত নিজ মাতৃক নৃশংসভাৱে হত্যা কৰিলে ৷ ষোল্ল বছৰীয়া দশম শ্ৰেণীৰ ছাত্ৰই পোন্ধৰ বছৰীয়া নৱম শ্ৰেণীৰ ছাত্ৰীক নিচাযুক্ত দ্ৰব্যখুৱাই ধৰ্ষণ কৰিছে ৷ কলেজীয়া ছাত্ৰই ATM card-ৰ নম্বৰ জালিয়াতি কৰি লক্ষ-লক্ষ টকা লুট কৰিছে ৷ ইয়াৰোপৰি নিত্য নৈমিত্তিক যুৱ অপৰাধৰ ঘটনা সংঘটিত হৈ আছে ৷ তাৰে কিছু অংশ গণ মাধ্যম যোগে পোহৰলৈ আহিছে ৷ কিছু অহা নাই ৷ পোহৰলৈ অহা এই অপৰাধসমূহৰ পৰা কব পাৰি যে গ্ৰামাঞ্চলৰ তুলনাত চহৰাঞ্চলত যুৱ অপৰাধৰ সংখ্যা অধিক  ৷

এতিয়া প্ৰশ্ন হ’ল কিহৰ বাবে আমাৰ যুৱক-যুৱতী কিশোৰ-কিশোৰীসকল উচ্ছৃংখল হৈ পৰিছে? কি কাৰণত তেওঁলোকৰ মনত অপৰাধ প্ৰৱণতাই ঠন ধৰি উঠিছে?

এই উচ্ছৃংখলতাৰ এটা গুৰুত্বপূৰ্ণ কাৰণ হ’ল নৈতিক আৰু আধ্যাত্মিক শিক্ষাৰ অভাৱ ৷ আজিৰ শিক্ষা ব্যৱস্থাত নৈতিক শিক্ষা সম্বন্ধীয় পাঠ্যক্ৰম আৰু পাঠদান নাই বুলিবই পাৰি ৷ যাৰ ফলত আমাৰ ছাত্ৰ-ছাত্ৰীসকলে শিক্ষালয়ত নৈতিক আৰু আধ্যাত্মিক শিক্ষা লাভ কৰিব পৰা নাই ৷ তদুপৰি আজিৰ যান্ত্ৰিক জীৱন যাত্ৰাত লিপিট খাই যোৱা অভিভাৱক সকলৰো নিজ সন্তানক নৈতিক শিক্ষা দিবলৈ আহৰি নাই ৷ নতুবা জোনাক নিশা চোতালত ঢাৰি পাৰি সাধু কথাৰে নীতিজ্ঞান দিবলৈ তাহানিৰ সেই আইতাহঁতো নাই ৷ গতিকে আমাৰ ছাত্ৰ-ছাত্ৰীসকলে শিশু অৱস্থাৰ পৰাই আজৰি সময়ত বন্ধ কোঠাৰ ভিতৰত বিভিন্ন টিভি চেনেলে সম্প্ৰচাৰ কৰা প্ৰেম, হত্যা, ধৰ্ষণ, লুণ্ঠন আদিৰ কাহিনী ভৰা ধাৰাবাহিক নতুবা চিনেমা চোৱাত অভ্যস্ত হৈ পৰে ৷ ক্ৰমে ক্ৰমে এই ধাৰাবাহিক বা চিনেমাৰ কাহিনীভাগত থকা অপৰাধ প্ৰৱণতাই তেওঁলোকৰ মানসিকতা অতি সংগোপনে প্ৰভাৱ বিস্তাৰ কৰে ৷ আমাৰ কিশোৰ-কিশোৰী, যুৱক-যুৱতী সকলৰ বহুতে আকৌআজৰি সময়ত নিজ ঘৰতে থকা (প্ৰয়োজনত বা আভিজাত্যৰ চিন হিচাপে) কাম্পিউটাৰত ইন্টাৰনেট খুলি চুপাৰহিট ব্লু ফিল্ম চোৱাত অভ্যস্ত হয় ৷ এনেয়ে ঘি গলো-গলো, তাতে কাষত জুই ৷ গতিকে মজাই বেলেগ ৷ ক্ৰমে-ক্ৰমে এই মজাৰ তাড়নাত উদ্বাউল হৈ উঠে তেওঁলোকৰ মন-মগজু ৷ গতিকে সুযোগ পালেই আজুৰি লয় মজা যাৰ নাম ধৰ্ষণ, বেশ্যা গমন, ড্ৰাগছ সেৱন, ধনলুট আদিৰ দৰে জঘন্য অপৰাধ ৷

এই প্ৰসংগতে উল্লেখ্য যে যুৱ অপৰাধীসকলে অপৰাধৰ কৌশলসমূহৰ অধিকাংশই টিভিৰ ধাৰাবাহিক আৰু চিনেমাৰ পৰা আয়ত্ব কৰা বুলি আৰক্ষীৰ আগত স্বীকাৰোক্তি দিয়া কথাটো বাতৰিযোগে প্ৰচাৰ হৈছে ৷ সেয়েহে চৰকাৰে ধাৰাবাহিক বা চিনেমা নিৰ্মাতা সকলক বাধ্য কৰাব লাগে যাতে তেওঁলোকে শিশু-কিশোৰৰ মানসিকতাত নঞৰ্থক প্ৰভাৱ পেলাব পৰা ধাৰাবাহিক বা চিনেমা প্ৰস্তুত নকৰে ৷ অন্যথা তেওঁলোকে দেশৰ ভৱিষ্যত প্ৰজন্মক বিপথে পৰিচালিত কৰাৰ অপৰাধত দেশৰ আইনে যথোপযুক্ত শাস্তি বিহাৰ ব্যৱস্থা কৰিব লাগে ৷

এই ক্ষেত্ৰত কোনোৱে হয়তো ক’ব আপোন ভালে জগত ভাল ৷ কিন্তু আমি জাতিৰ পিতা গান্ধীজীৰ সেই মহান কথাষাৰ মনত ৰখা উচিত- ‘ধূলো কে চাথ খেলোগে তো গন্দা বনেগা, ফুলো কে চাথ খেলোগে তো সুগন্ধ মিলেগা’ অৰ্থাৎ ধূলিৰ লগত খেলিলে লেতেৰা হ’বা ৷ ফুলৰ লগত খেলিলে সুগন্ধি পাবা ৷ এতিয়া কথা হ’ল সুগন্ধ পাবলৈ হ’লে, ফুলৰ লগত খেলিবলৈ হ’লে আমাৰ চৌপাশে ফুল থাকিব লাগিব ৷ শিশু-কিশোৰৰ মানসিকতাক বিপথগামী কৰিব পৰা বিষয়বস্তুৰ ওপৰত প্ৰস্তুত কৰা ধাৰাবাহিক বা কথাছবি সমূহ ফুল হ’বনে? নতুবা আমাৰ চৌপাশে তেনেই সুলভ হৈ পৰা মদ বা অন্য নিচাযুক্ত দ্ৰব্য আদি ফুল হ’বনে? যাৰ প্ৰতি আমাৰ শিশু-কিশোৰ সকল দ্ৰুত গতিত ধাৱমান হৈছে ৷

আমাৰ নৱপ্ৰজন্মই ফুলৰ লগত খেলি সুগন্ধ পাবলৈ হ’লে, নিজৰ লগতে দেশৰ নাম বিশ্বপটত উজ্জল কৰিবলৈ হ’লে পোন প্ৰথমে প্ৰতিজন অভিভাৱক সচেতন হ’ব লাগিব ৷ প্ৰতিজন ব্যক্তি এখন সুস্থ-সৱল সমাজ গঢ়িবলৈ সংকল্পবদ্ধ হ’ব লাগিব ৷ প্ৰতিজন অভিভাৱক তথা শিক্ষকে সন্তান বা ছাত্ৰ-ছাত্ৰীসকলক বিজ্ঞান প্ৰযুক্তিবিদ্যা বা সকলো ধৰণৰ উচ্চ শিক্ষাৰে শিক্ষিত কৰাৰ লগতে তেওঁলোকক একোজন সৎ, মানৱদৰদী মানুহ হিচাপে গঢ়ি তুলিব লাগিব ৷ তাকে কৰিবলৈ হ’লে তেওঁলোকক নৈতিক আৰু আধ্যাত্মিক শিক্ষাৰেও সুশিক্ষিত কৰি তুলিব লাগিব ৷ যিসকল লোক নৈতিক আৰু আধ্যাত্মিক শিক্ষাৰে সুশিক্ষিত, তেওঁলোকে জীৱনৰ প্ৰতিখোজত সেই শিক্ষাৰ সদব্যৱহাৰ কৰে বাবে তেওঁলোকে সহজতে অপৰাধ কাৰ্যত লিপ্ত হ’ব নোৱাৰে ৷ তেওঁলোকে লোকৰ অহিত চিন্তা কৰিব নোৱাৰে ৷ কাৰণ তেওঁলোকৰ আত্মাই প্ৰকৃতাৰ্থত পাপ-পূণ্য আৰু ঈশ্বৰৰ বিচাৰ বিশ্বাস কৰে ৷ তদুপৰি প্ৰকৃত জীৱনবোধে তেওঁলোকক অপৰাধ প্ৰৱণতাৰ পৰা আতৰাই ৰাখে ৷

এই অপৰাধ প্ৰৱণতাৰ অন্য এটা গুৰুত্বপূৰ্ণ কাৰণ হ’ল সামাজিক সাংস্কৃতিক সম্পৰ্কৰ অভাৱ ৷ আজিৰ যান্ত্ৰিক জীৱনযাত্ৰাই আমাৰ কিশোৰ-কিশোৰী, যুৱক-যুৱতীসকলক সামাজিক-সাংস্কৃতিক সম্পৰ্কৰ পৰা আতৰাই ৰাখিছে ৷ যিবোৰ ল’ৰা-ছোৱালী সামাজিক-সাংস্কৃতিক (Socio-Cultured) নহয়, তেওঁলোকে সামাজিক শিক্ষা লাভ নকৰে ৷ ফলত, তেওঁলোকৰ লজ্জাবোধ কম ৷ কিন্তু যিসকল ল’ৰা-ছোৱালী সামাজিক-সাংস্কৃতিক কৰ্মৰ লগত জড়িত, তেওঁলোক আত্মসন্মান ৰক্ষাৰ ক্ষেত্ৰত অধিক সচেতন ৷ ফলত তেওঁলোকৰ মানসিকতাত অপৰাধ প্ৰৱণতাই পাট্টা নাপায় ৷

(আগলৈ:)

 

–      নিৰঞ্জন দত্ত, নলবাৰী

অন্যান্য লেখা :

Share.

Leave A Reply