“ঈশ্বৰৰ মৃত্যুকামনা”ৰ পৰা

1

আমি সৰু থাকোঁতে এগৰাকী সম্বন্ধীয় মানুহ ল’ৰা-ছোৱালী দুটিৰে সৈতে আমাৰ ঘৰত থকাকৈ আহিল। উৎপতীয়া ল’ৰাটোৱে আমাৰ পোহনীয়া মেকুৰী পোৱালীটো মাৰিব খোজাত মাকৰ শাসন আছিল এনেকুৱা- ‘নামাৰিবা বাবা, মেকুৰী মাৰিব নাপায়। মাৰিলে সোণৰ মেকুৰী গঢ়াই দিব লাগে।’ আজি অত বছৰে মানুহগৰাকীৰ শাসনৰ যুক্তিটো মনতে লৈ ফুৰিছোঁ। ক্ৰমাত ডাঙৰ হৈ অহাৰ লগে লগে মুখামুখি হৈছোঁ অনেক দুখজনক অভিজ্ঞতাৰ, অনুভৱ কৰিবলগীয়া হৈছে কিছুমান অপ্ৰিয় সত্যৰ, উন্মোচিত হৈছে বিশ্বাসৰ এখন বেলেগ পৃথিৱী।

সদ্যবিধৱাই হাতত পিন্ধা খাৰুপাটক লৈ চৰ্চা কৰা চিনাকি আপোনজন; ঘৰৰ কাম কৰা মানুহজনীৰ প্ৰতি, নিঃসহায়জনৰ প্ৰতি নিৰ্মম হৈ উঠা জ্যেষ্ঠ জন; অন্যায়-দুৰ্নীতিৰে সম্পত্তিশালী হৈ দান-দক্ষিণাৰে শীৰ্ষত থকা কেৰাণী-মহৰী-উচ্চপদস্থ বিষয়া-ৰাজনীতিকসকল- সকলোৰে চৰিত্ৰ একেডাল সূতাৰে বন্ধা। আদৰ্শগত মিলেৰে উদ্ভাসিত এওঁলোক প্ৰত্যেকেই ‘ঈশ্বৰ নিৰ্ভৰ ধাৰ্মিক’। ভালদৰে পৰ্যবেক্ষণৰ অন্তত দেখিছোঁ- এওঁলোকে অমাৱস্যা-সংক্ৰান্তিত লঘোন দিয়ে, বৈদিক নিয়মৰ হেৰ ফেৰ নোহোৱাকৈ পূজা-সেৱা কৰে অথবা গোটেই ভাদ মাহটো নামঘৰতে মজি থাকে। বিভিন্ন শুভ-ইচ্ছাৰ বাবে ছাগলী, পাৰ ‘বলি’ দিয়ে। স্বামীৰ প্ৰমোচন হ’বলৈ, সন্তানৰ কেৰিয়াৰ সুদৃঢ় হ’বলৈ ঈশ্বৰক সোণ-ৰূপৰ ফুল ‘দান’ দিয়ে।

যোৱা প্ৰায় ২৫বছৰত মোৰ আত্মীয়, চুবুৰীয়া, বন্ধুবৰ্গ তথা চিনাকি লোক, সমাজৰ বিভিন্ন স্তৰৰ চিনা-অচিনা অনেকজনৰ মাজত মই এক নিৰৱ অনুসন্ধান চলাইছোঁ মূলতঃ ঈশ্বৰ সেৱা আৰু মানৱ সেৱা সন্দৰ্ভত। আৰু এই অনুসন্ধানত মই বিচাৰি পাইছোঁ আমাক হতাশ কৰিব পৰা কিছুমান তথ্য-

১) ঈশ্বৰেই হৈছে অন্ধবিশ্বাসৰ মূল আধাৰ।

২) আমি সৰুতেই সন্তানক ঈশ্বৰ সেৱা কৰিবলৈ শিকাওঁ- কিবা এটা পাবলৈ। অৰ্থাৎ যোগ্যতাৰে নহয়- ঊৰ্ধ্বতন কৰ্তৃপক্ষক তোষামোদেৰে সন্তুষ্ট কৰি স্বাৰ্থ আদায় কৰা শিক্ষাৰ বুনিয়াদ ‘ঈশ্বৰ প্ৰাৰ্থনা’।

৩) প্ৰায় আশী শতাংশ ঈশ্বৰ বিশ্বাসীয়েই মানৱহিতৈষী নহয়। হয় স্বাৰ্থপৰ আৰু সংকীৰ্ণ মনোবৃত্তিৰ। কিয়নো ঈশ্বৰ বিশ্বাসীসকলে এই জনমৰ প্ৰাপ্তিৰ বাবে আৰু পৰজনমৰ সুখৰ চিন্তাত ঈশ্বৰৰ তোষামোদত ব্যস্ত থাকে।

৪) আমাৰ সমাজত পাপ-পুণ্যৰ সংজ্ঞা মানৱীয় কৰ্মকাণ্ডৰ ওপৰত ভিত্তি কৰি নিণীৰ্ত নহয়, ধৰ্মীয় আচাৰ-অনুষ্ঠানৰ প্ৰতি বিশ্বাস-অবিশ্বাসৰ ভিত্তিতহে হয়।

৫) ঈশ্বৰ বিশ্বাসৰ ওপৰত ভেজা দিয়েই বিশ্বাসৰ এখন বিশাল বজাৰ গঢ়ি উঠিছে। য’ত ভুল বিশ্বাস কিছুমান গাঢ়তৰ কৰিবলৈ ঠগ, প্ৰৱঞ্চকবোৰে বিভিন্ন কৌশল, বিভিন্ন মাধ্যম ব্যৱহাৰ কৰিবলৈ সুযোগ পাইছে।

৬) বিশ্ব অশান্তিৰ মূল সন্ত্ৰাসবাদ আহে ধৰ্মীয় মৌলবাদৰ হাতত ধৰি আৰু ধৰ্মীয় মৌলবাদৰ আধাৰ হ’ল ঈশ্বৰবিশ্বাস।

৭) ঈশ্বৰ আৰু ধৰ্মই সৃষ্টি কৰা অমানৱীয়তা আৰু নিষ্ঠুৰতা এইবাবেই ভয়াৱহ যে এনে নিষ্ঠুৰতাৰ পাছত অনুশোচনা হ’ব নোৱাৰাকৈ ‘ধাৰ্মিক মানুহ’ৰ সংজ্ঞাই প্ৰাচীৰ হৈ থিয় দিয়ে। ঈশ্বৰবিশ্বাস যিহেতু এটা অন্ধবিশ্বাস সেয়েহে অন্ধবিশ্বাসৰ কবলত পৰি এওঁলোক বহু সময়ত অমানৱীয় হ’বলৈ বাধ্য।

৮) জীৱনৰ বহু মূল্যৱান সময়, পইচা, চিন্তা ঈশ্বৰক কেন্দ্ৰ কৰি চলি থকাৰ ফলতো বহুসময়ত মানুহ, প্ৰকৃতি, জীৱ-জন্তুৰ প্ৰতি শুভকৰ্মৰ তাগিদাৰ বাবে অৱসৰ নোলায়।

৯) ঈশ্বৰ বিশ্বাসীসকল জীৱন যুদ্ধৰ পলৰীয়া সৈনিক। ইহজনমত নিজে সুখী হৈ, আনক সুখী কৰি পৃথিৱীখন সুন্দৰ কৰাৰ সাহস আৰু আত্মবিশ্বাসক নেওচি পৰজনমৰ আত্মাৰ মুক্তিৰ বাবে, স্বৰ্গসুখৰ বাবে দুঃশ্চিন্তাত ভুগি স্বাৰ্থপৰ চিন্তাৰে পৃথিৱীখন অসুন্দৰ কৰি তোলে।

১০) দান-দক্ষিণা, পূজা-অৰ্চনা, তীৰ্থযাত্ৰা আদি ঈশ্বৰসেৱাৰ মাধ্যমবোৰে পাপমুক্তিৰ বাট দেখুৱাই মানুহক আশ্বস্ত কৰে।

১১) মাত্ৰাধিক ঈশ্বৰ বিশ্বাসীসকল বিভিন্ন ধৰণৰ মনোবিকাৰ (যেনে- হিষ্ট’ৰিয়া, ইল্যুশ্যন, স্কিজোফ্ৰেনিয়া, মেনিয়াক ডিপ্ৰেছিভ আদি)ত আক্ৰান্ত।

১২) ঐতিহ্য-পৰম্পৰাৰ নামত সময় অনুপযোগী, অমানৱীয় বিশ্বাস, আচাৰ-অনুষ্ঠানসমূহ বৰ্তাই ৰখাত মৰমিয়াল, কোমল অন্তৰৰ বুলি পৰিচিতি থকা মাতৃ সমাজ অৰ্থাৎ নাৰীসকলহে বিশেষভাৱে আগ্ৰহী।

১৩) ঘৰখনৰ সংস্কৃতি গঢ় লৈ উঠে প্ৰধানকৈ মাতৃৰ বিশ্বাস, আচাৰ-ব্যৱহাৰক ভিত্তি কৰি। সেয়েহে সন্তানৰ ওপৰত মাতৃৰ প্ৰভাৱলৈ লক্ষ্য কৰি আমাৰ মাতৃ সমাজ অযুক্তিকৰ বিশ্বাসৰ পৰা মুক্ত নোহোৱাটোৱে যুক্তি নিৰ্ভৰ সমাজৰ প্ৰধান অন্তৰায়।

এইখিনিতে উল্লিখিত ১৩ নং তথ্যৰ আঁত ধৰি মই ব্যক্তিগত কথা অলপ ক’ব খুজিম। মোৰ দেউতা বংশানুক্ৰমিক গতানুগতিকতা অনুসৰণ কৰি সামান্য পৰিমাণে ঈশ্বৰবিশ্বাসী। কিন্তু মাৰ ঈশ্বৰবিশ্বাস হ’ল পাৰিবাৰিক তথা  সামাজিক আচাৰ-নীতিৰ প্ৰেক্ষাপটত এৰাব নোৱাৰা অৱস্থান। যি মানসিক নহয়, বাহ্যিক। পূজা, আঙুঠি, মাদলি, ব্ৰত, দান-দক্ষিণা আদিৰ পৰা মুক্ত দেউতাই পিছে আমাক কোনোদিনেই ঈশ্বৰ বিশ্বাসৰ বাবে প্ৰলুব্ধ কৰা নাই। সাধাৰণতে মাতৃ সমাজৰ যিখন চিৰপৰিচিত ছবি- সংক্ৰান্তি-অমাৱস্যা পালন, বিভিন্ন ব্ৰত, বাৰমাহৰ তেৰ দিন নামঘৰত উবুৰি খাই থকা, বিভিন্ন পায়-নাপায়ৰ মাজেৰে সন্তানক ডাঙৰ কৰা; এনে ছবিৰ বিপৰীতে আবু (মাৰ মাক) আৰু মাৰ পৰিচিত ছবিখন হ’ল ঘৰুৱা দায়িত্ব চম্ভালা, আলহী-অতিথি আপ্যায়নত ব্যস্ত সময়- ব্যস্ত জীৱন। টিহুৰ ক্ষেত্ৰাপাৰা নামৰ গাওঁখনত তেতিয়াৰ দিনতেই মাহঁতৰ তোলনি বিয়া পতা হোৱা নাছিল। কৰা হোৱা নাছিল ব্ৰত ধৰা, যোগ চোৱাৰ নিয়ম। অৱধাৰিতভাৱে মোৰ ক্ষেত্ৰতো একেই হ’ল। আৰু দুটা প্ৰজন্মৰ পাছত মোৰ ছোৱালীৰ ক্ষেত্ৰত মোৰ বাবে কোনো নিয়ম নকৰাটোহে স্বাভাৱিক হ’লহি। সামাজিক ঘোষণা নকৰাকৈ, তাইৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দি স্বাভাৱিক ভাৱেই তাইৰ প্ৰাপ্তবয়স্কৰ ক্ষণটো আদৰা হ’ল। এতিয়া ভাৱোঁ- আজিও বহুতৰ বাবে সহজ নোহোৱা এনে কথাবোৰ সহজ কৰাৰ গুৰিতেই হয়তো মোৰ আবু আৰু মা। এই কথাই ভাবিবলৈ বাধ্য কৰে যে ঘৰখন আদৰ্শ মাকগৰাকীৰ ওপৰতে মূলতঃ নিৰ্ভৰশীল। মোৰ ক্ষেত্ৰত অৱশ্যে কথাটো সুকীয়া- মোৰ গৃহস্থ নিজেও নাস্তিক আৰু যুক্তিবাদী। এইটো ঠিক যে একোগৰাকী মাতৃয়ে অযুক্তিকৰ পৰম্পৰাগত বিশ্বাসৰ ঊৰ্ধ্বলৈ গৈ মানৱতা পূৰ্ণ যুক্তিৰে কথাবোৰ ফঁহিয়াই চোৱাৰ সাহস কৰিলে প্ৰগতিশীল সমাজৰ বুনিয়াদ গঢ়া হয়।

 এইটোও সচাঁ যে মানুহৰ কল্পনা শক্তি আছে বাবেই সৃষ্টি হৈছে ঈশ্বৰৰ (জন্তুৰ ঈশ্বৰ নাই)। মানুহৰ জীৱনৰ দুখ, দুৰ্গতি, ভয়, আশংকা আছে বাবেই প্ৰয়োজন ঈশ্বৰৰ।

ঈশ্বৰ এক বিশ্বাস নিৰ্ভৰ মানৱসৃষ্ট চৰিত্ৰ।

ঈশ্বৰ এক Defence Mechanism.

কাৰোবাৰ বাবে সাকাৰ, কাৰোবাৰ বাবে নিৰাকাৰ।

ঈশ্বৰ মানৱসৃষ্ট বাবেই ‘জগত নিয়ন্তা’ ঈশ্বৰ থাকোঁতেও আমাক লাগে- প্ৰতিৰক্ষা বাহিনী। ঈশ্বৰেই মানুহৰ ‘ভাগ্য নিয়ন্তা’ হ’লেও আমাৰ প্ৰয়োজন ডাক্তৰ, উকীলৰ।

ঈশ্বৰ ‘সৰ্বশক্তিমান’ হ’লেও ব্যয়বহুল মন্দিৰ, মছজিদত সোণ-ৰূপ, ধাতুৰে নিৰ্মাণ হয় ঈশ্বৰৰ।

ঈশ্বৰ ‘সৰ্বত্ৰ বিৰাজমান’ হ’লেও মানুহে ঈশ্বৰক থাকিবলৈ বাধ্য কৰে মন্দিৰ-মছজিদত।

ঈশ্বৰ ‘অন্তৰ্যামী’ হ’লেও ভক্তৰ ভক্তি জনাবলৈ মাইক লগাই দেৱী বন্দনা, আজান শুনোৱা হয়। ঈশ্বৰ ‘কৰুণাৰ সাগৰ’ হ’লেও বিভিন্ন বেমাৰৰ প্ৰতিষেধক লৈহে ঈশ্বৰৰ কৰুণাক ধন্যবাদ জনাব পাৰোঁ।

আনহাতে মানুহৰ দুখৰ বাবে দোষাৰোপ কৰিবলৈ (কণাগোসাঁয়ে আমাক চকু মেলি নাচালে), আনন্দৰ বাবে কৃতজ্ঞতা (সকলো তেৰাৰ ইচ্ছা!) জনাবলৈ, সুচল ব্যৱসায় কৰিবলৈ, মৌলবাদী নেতা হ’বলৈ, দায়িত্ববোধৰ পৰা দায় সাৰিবলৈ, নিম্নশ্ৰেণীৰ লোকক শোষণ কৰিবলৈ এটা ‘বিশ্বাস’ৰ অতীব প্ৰয়োজন- সেয়া হ’ল ‘ঈশ্বৰবিশ্বাস’।

অথচ ঈশ্বৰ সৃষ্টিৰ ইতিহাসে আমাক কয়, কেনেকৈ আদিম মানৱৰ ভয় আৰু অজ্ঞতাৰ ফলত সৃষ্ট ঈশ্বৰে আনুষ্ঠানিক স্বীকৃতি পালে আৰু বেলেগ হৈ আহিল ঈশ্বৰৰ ৰূপ। বিভিন্ন বিশ্বাস নিৰ্ভৰ ধৰ্ম, বিভিন্ন দৰ্শনৰ আৱিষ্কাৰেৰে প্ৰতিষ্ঠানিক ধৰ্মৰ সৃষ্টি হ’ল। এসময়ৰ প্ৰয়োজন ঈশ্বৰ ক্ৰমান্বয়ে সকলোৰে স্বাৰ্থসিদ্ধিৰ হাথিয়াৰ হৈ পৰিল।

একেই মানৱ সন্তান কেনেকৈ কাৰোবাৰ বাবে ভগৱান কাৰোবাৰ বাবে অস্পৃশ্য হ’ল। সকলো ঈশ্বৰৰ সন্তান হ’লেও কিছুমান সন্তানৰ (গৰু/ছাগলী/উট/ম’হ/পাৰ/হাঁহ..) ৰক্ত-পান কৰিহে ঈশ্বৰ সন্তুষ্ট হ’ল। বিকলাংগ আৰু নাৰীসকল কেনেকৈ হ’ল লাঞ্ছিত, নিৰ্যাতিত। ঈশ্বৰ বিশ্বাসৰ সুবিধাতে শাস্ত্ৰকাৰসকলে নিম্নশ্ৰেণীৰ পৰা শ্ৰম, ভয়, ভক্তি অৰ্জনৰ শাস্ত্ৰ লিখিলে। আত্মা, স্বৰ্গ, নৰকৰ কাল্পনিক দৃষ্টিৰে শোষিত সকলক আতংকিত, প্ৰলোভিত (স্বৰ্গৰ প্ৰলোভনৰ অৰ্থ- আধুনিক ‘বাৰ’বোৰত উপলব্ধ আমোদ-প্ৰমোদেই স্বৰ্গতো পোৱা যায়) কৰা হ’ল। বিভিন্ন গোষ্ঠীগত সংঘৰ্ষ, ধৰ্মযুদ্ধ, সন্ত্ৰাসবাদ, অন্ধবিশ্বাসৰ দৰে ঘাতকৰো মূল ঈশ্বৰবিশ্বাস।

ঈশ্বৰক লৈ ইমানবোৰ অন্যায়-অবিচাৰ হৈ থকাৰ সময়তো অন্তৰ্যামী, সৰ্বশক্তিমান ঈশ্বৰ নিমাত-নিতাল হ’বলৈ বাধ্য এইবাবেই যে ঈশ্বৰ সৃষ্টি কৰ্তা মানুহৰ হাততেই আছে ঈশ্বৰক ব্যৱহাৰ কৰাৰ স্বাৰ্থ আৰু কৌশল।

এইখিনিতে এটা কথা কোৱা ভাল হ’ব যে আস্তিক অৰ্থাৎ ঈশ্বৰবিশ্বাসী মাত্ৰেই বেয়া আৰু নাস্তিক অৰ্থাৎ ঈশ্বৰবিশ্বাসী মাত্ৰেই ভাল, ব্যক্তিগতভাৱে এই কথা মই বিশ্বাস নকৰোঁ। বিশ্বাস কৰাৰ প্ৰশ্ন নাহে, কিয়নো মানুহৰ গুণগত মান এটা মাত্ৰ দৃষ্টিভংগীৰে নিৰ্ণয় কৰিব নোৱাৰে। সামগ্ৰিক বিচাৰত মানুহৰ মানৱীয় গুণৰ সমাহাৰতহে ভাল-বেয়া নিৰ্ণীত হয়। কিন্তু আস্তিক সকলৰ শুভকৰ্মৰ আন্তৰিকতাত, স্বাৰ্থত এটা সন্দেহ থাকি যায়। সেয়া হ’ল- ঈশ্বৰৰ ভয়ত বেয়া কামৰ পৰা বিৰত থকা অৱস্থা। যিহেতু পাপ কৰি পুণ্য কৰাৰ, পাপ খণ্ডনৰ হেজাৰ-বিজাৰ শ্বৰ্টকাটো শাস্ত্ৰসমূহত আছে, গতিকেই -! তদুপৰি সমাজ অধ্যয়নক গুৰুত্ব নিদিয়াকৈ যুক্তিৰ বাবে যুক্তি অথবা মতাদৰ্শগত গোড়ামিৰো মই পক্ষপাতী নহয়। পক্ষপাতী নহয় কেৱল বৌদ্ধিক বিকাশ আৰু সততাহীন বিজ্ঞানৰ চমৎকাৰিতাক লৈ অত্যুৎসাহী হোৱাৰ। জনগণৰ প্ৰতি, প্ৰকৃতিৰ প্ৰতি দায়বদ্ধ মানৱতাবাদী হোৱাটোহে যুক্তিবাদী মানসিকতাৰ প্ৰথম চৰ্ত হোৱা উচিত বুলি ভাবোঁ।

মাদাৰ টেৰেছাও ঈশ্বৰবিশ্বাসী। পিছে তেখেতৰ হাত দুখন কিমান সময় ঈশ্বৰসেৱাত আৰু কিমান সময় দুৰ্গতক সহায় কৰাৰ ক্ষেত্ৰত ব্যৱহৃত হৈছিল তাৰ অংকটো আমি কৰি চাব পাৰোঁ। ভাবি চাব পাৰোঁ, ঈশ্বৰবিশ্বাসী হৈও মাদাৰ টেৰেছা কিয় ‘গডমাডাৰ!’ নহ’ল- এইবাবেই যে হাতৰ স্পৰ্শৰে, জৰাপানী-বিভূতিৰে তেওঁ মানুহৰ ভগৱান হোৱাৰ চেষ্টা কৰা নাই। সেইখন হাতেৰে কুষ্ঠ ৰোগীৰ চিকিৎসা কৰি, দুখীয়া-নিপীড়িত সকলক সেৱা কৰি হৈ পৰিছে মানৱ জাতিৰ স্নেহময়ী মাতৃ। বিখ্যাত নাস্তিক কেম্ব্ৰিজৰ অধ্যাপক এ ই হাউছমেনেও যীশুৰ এই কথাষাৰ পূৰ্ণ সমৰ্থন কৰিছিল আৰু আনকো মানি চলাৰ পৰামৰ্শ দিছিল- ‘যিজনে জীৱন আৱিষ্কাৰ কৰিব পাৰে, তেৱেঁই সেয়া হেৰুৱায় আৰু যিজনে আনৰ বাবে কিবা হেৰুৱাব পাৰে, তেৱেঁই সেয়া বিচাৰি পায়।’

তেনে এখন সুন্দৰ মানৱীয় সমাজৰ সপোন দেখিয়ে লেখা-মেলা কৰিছিলোঁ। আৰ্জিছিলোঁ ভিন্ন অভিজ্ঞতা, উৎসাহজনক সঁহাৰি। বলি-বিধানৰ বিৰুদ্ধে লিখা লেখাৰ সমৰ্থনত অহা কামাখ্যা মন্দিৰৰ পাণ্ডাৰ ফোনকলটো, তোলনি বিয়াক আওকাণ কৰিব নোৱাৰি আপচোচ কৰা মাতৃগৰাকী অথবা বাস্তু-ৰেইকীৰ বিৰুদ্ধাচৰণ কৰাৰ বাবে অহা ভৰ্ৎসনা আৰু মৃদু ভাবুকি- সকলোৱেই মোৰ বাবে আজি সফলতাৰ অনুভৱ। অৱশ্যে এনেধৰণৰ যুক্তিবাদী লেখা প্ৰকাশেৰে সমাজৰ প্ৰতি দায়িত্ববোধৰ চিনাকি দিয়া কাকত-আলোচনীবোৰেও আমাক আশ্বস্ত কৰি আহিছে।

এয়া মোৰ যুক্তিনিষ্ঠ মূল্যবোধেৰে জীৱন-জগত চাবলৈ বিচৰাৰ এক সামান্য প্ৰয়াস। মোৰ বিচাৰত মানুহ হিচাপে আমি জীয়াই থকা উচিত সততা, প্ৰেম, যুক্তি আৰু মৰ্যাদাক প্ৰাধান্য দি।

বহু প্ৰগতিশীল লোকে বিচৰাৰ দৰে পৃথিৱীখন স্বৰ্গ কৰি তোলাৰো মই পক্ষপাতী নহয়। কিয়নো সুমিষ্ট খাদ্য, সুৰা, সুন্দৰীৰ সংগ- এনেকুৱা ভোগী, বিলাসী, অলস, স্বাৰ্থপৰ জীৱনেই আনন্দৰ জীৱন বুলি বুজাব খোজা ‘স্বৰ্গ’ৰ ধাৰণা গৰিহণাৰহে যোগ্য বুলি মই ভাবোঁ। পৃথিৱীয়েই আটাইতকৈ সুন্দৰ। পৃথিৱীতেই আছে দুখ-সুখৰ বিনিময়, প্ৰাপ্তি-অপ্ৰাপ্তিৰ আমেজ-বেদনা, আনৰ বাবে ত্যাগৰ মধুৰ আনন্দ।

মোৰ অনুভৱত যি ঘণ্টাধ্বনিৰে ঈশ্বৰক জগাই তোলা হৈছিল, মানুহৰ স্বাৰ্থত সেই ঘণ্টাধ্বনিৰে ঈশ্বৰক বিদায় দিয়াৰ সময় সমাগত মানুহক মানৱীয় কৰাৰ স্বাৰ্থত।

পৃথিৱীখন প্ৰেম, মমতা, ভাতৃত্ববোধেৰে উজলাই ৰখাৰ স্বাৰ্থত।

স্বৰ্গ নালাগে, মৰ্ত্যতে থাকক মানুহ। পাপ-পুণ্যৰ বিচাৰেৰে নহয়, শুভকামৰ চিনাকিৰে; আত্মাৰ মুক্তিৰ চিন্তাৰে নহয়, দুৰ্গত, শোষিত জনৰ মুক্তিৰ চিন্তাৰে।

পৰজনমৰ সুখৰ চিন্তাৰে নহয়, ইহজনমতে আনক সুখী কৰি, আনকি মৃত্যুৰ পাছতো নিজৰ অংগ আনক দান কৰিব পৰা মহত্ত্বৰে।

– ৰূপালীম দত্ত, গুৱাহাটী

অন্যান্য লেখা :

Share.

1 Comment

Leave A Reply