আশা

0

আশা মাথোঁ এটি নিচুকনি আশা

এটি আশা

মাথো তোমাক পাবলৈ

নাজানোঁ হঠাত আজি কি হ’ল?

কিয় মই আবেগিক হৈ পৰিছোঁ?

মোৰ জীৱনতো নাছিল কোনো মায়া মোহ

মোৰ উদাসীন জীৱনত মৰমৰ সুবাস বিলাই,

মোৰ জীৱনক এটি নতুন দিশ,

এটি নতুন স্বৰূপ,

তুমি বাৰু দিবানে?

মেঘৰ আঁৰত লুকাই থকা বিজুলীৰ দৰে,

জিলিকি উঠিছা মোৰ জীৱনত!

তুমি যেন এটি সোণালী সপোন হয় ৷

মোৰ হৃদয়ৰ ফুলনিত গুজি দিলাহি

এপাহ স্বৰ্গৰ পাৰিজাত ফুল,

এটি আহ্বান !

নাজানো মই! সঁচাকৈয়ে নাজানো

মোৰ যি সপোন, ই দিঠকত পৰিণত হ’বনে?

মোৰ যি হেপাহ, ই হেপাহ হৈয়ে ৰ’ব নেকি?

নাজানো, সঁচাকৈয়ে নাজানো !

আছে মাথোঁ এটি আশা ৷

এটি নিচুকনি আশা ৷

আশা মাথোঁ তোমাক পাবলৈ ৷

 

– কুঞ্জানয়ন দাস,

তেজপুৰ বিশ্ববিদ্যালয়

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.