অসমীয়া সকল মৰি ভূত হোৱা নাইতো…

0

সুৰাপায়ীসকলে হেনো মদ নোখোৱাকৈ থাকিব নোৱাৰে- মদে নিজৰ জীৱনৰ লগতে এখন ঘৰ তথা সুস্হ সমাজৰ বাতাবৰণ ধ্বংস কৰিব পাৰে বুলি জানিও মদাহীয়ে বোলে মদক কোনো পধ্যে তালাক দিব নোৱাৰে ৷ মোৰো এতিয়া সুৰাসক্ত লোকৰ নিচিনাই অৱস্হা ৷ সমসাময়িক ঘটনা-প্ৰৱাহৰ দলিলবোৰৰ ক’লা আখৰকেইটাৰ নিচাত ময়ো মহান্ধ ৷ কিছু কঠিন হ’লেও মই এতিয়া সদায় ভাবো, খবৰ কাগজ পঢ়া বাদ দিম ৷ সমকালিন সম্বাদবোৰ মূৰত সোমাই লৈ গোটেই দিনটো অস্হিৰ হৈ থাকো, কোনো এটা কামতেই সম্পূৰ্ণৰূপে আত্মনিয়োগ কৰিব নোৱাৰো ৷ ই এতিয়া মোৰ মূৰ সকলো সময়তে গৰম কৰি ৰাখে ৷ হৃদয় চৰম বিতৃষ্ণা, শোক আৰু ক্ষোভেৰে ভৰাই পেলাইছে ৷ হৃদয়ত শোকেই বা খুন্দা মাৰি নধৰিব কিয়? এদিন বাতৰি কাকত হাতত লৈ গম পালো লৌহিত্যৰ দুই পাৰৰ সকলো অসমীয়া মৰি-হাজি নোহোৱা হ’ল আৰু এতিয়া বাতৰি কাকত পঢ়ি এনে ভাৱ হৈছে যেন শান্তনু কুলন্দনৰ দুয়োপাৰে বোধহয় অসমীয়া লোকৰ জীৱাশ্মও পাবলৈ নাই ৷

৩০ অক্টোবৰৰ ক’লা বৃহস্পতিবাৰ- ২০০৮ ৷ এই অভিশপ্ত দুৰ্দিনটোতেই ইটোৰ পাছত সিটোকৈ হোৱা নটা বোমাৰ বিস্ফোৰণে কঁপাই তুলিছিল সমগ্ৰ অসম ৷ কিন্তু কঁপাব পাৰিলেনে অসমীয়াৰ হৃদয়? আৰে! মৃত মানুহৰ জানো হৃদয় থাকে ৷ লাচিতৰ দেশৰ অসমীয়াসকল মৰি দেখোন কোনোবা দিনাই ভূত হ’ল ৷ যি দুই-এজন জীয়াই আছে- সিহঁতৰ আকৌ কলিজাই নাই, জিভাবোৰো তেনেই চুটি ৷ সেয়েহে এনে এক মৰ্মন্তদ, হৃদয়বিদাৰক দুৰ্ঘটনা ঘটি যোৱাৰ অলপ পাছতেই ‘আমেৰিকাতো বোমা ফুটে’ বুলি কোনোবাই ওফাইডাং মাৰি এনে টুলুঙা মন্তব্য দিব পাৰে ৷ অপৰাধী আটক কৰণৰ নামত এখন যথেষ্ট উৎকণ্ঠাপূৰ্ণ, কোৱাভাতুৰীয়া নাটেৰে ৰাইজক আভুৱা ভাঁৰিব পাৰে ৷ মুঠতে আজিৰ অসমীয়াসকল বোবা, বধিৰ, দিন-কণা আৰু ‘পেৰালাইচিছ’ ৰোগী, সেয়েহে ৰাজ্যখনত এইধৰণৰ বোমাৰ লগতে অন্য ৰকমৰো কিছুমান বোমা ফুটিবলৈ লৈছে যিয়ে অসমীয়া জাতি, অসমীয়া ভাষা-সংস্কৃতিক পৃথিৱী নামৰ অভিধানখনৰ পৰাই উৰুৱাই দিবলৈ ওলাইছে ৷ সঁচাকৈয়ে বৰ্তমানৰ এই প্ৰাণহীন, নিস্পৃহ, স্বাৰ্থপৰ, এলেহুৱা অসমীয়াসকলৰ ওপৰত খং উঠে ৷ আজি অসমৰ প্ৰধান সমস্যা কি- বানপানী নে নিৱনুৱা সমস্যা নে সন্ত্ৰাসবাদৰ সমস্যা ৷ আহ্ ! আৰু দেখোন আছে- বিদেশীৰ অগ্ৰাসন, অসমীয়া ভাষাৰ দুৰৱস্হা, অসমীয়া চলচিত্ৰ জগতৰ দুৰ্যোগ, মুখা পিন্ধা ভদ্ৰলোকৰ দুৰ্নীতি, মুঠতে সমস্যা আৰু সমস্যা, সংকট আৰু সংকট ৷ সমস্যাজৰ্জৰ অসমৰ সংকটাপন্ন অসমীয়াসকল আজি মৃত্যুৰ দুৱাৰ ডলিত উপনীত হৈছে ৷ সমস্যাৰ ক’লা ডাৱৰ অথবা ভুৱা আধুনিকতাই হয়তো ক’লা কৰি পেলাইছে অসমীয়াসকলৰ হৃদয় ৷ ‘সমস্যাটোতো কেৱল মোৰ নহয়’ তেনে এক ভাৱত মগন হৈ অসমীয়াসকলে এনে এক জটিল সন্ধিক্ষণত হাত সাৱতি বহি আছে ৷ সেইকাৰণে উপৰোক্ত কোনো এটা সমস্যাৰে সমাধানটো হোৱা নায়েই, বৰং ই জটিলৰ পৰা জটিলতৰ হৈ গৈ আছে ৷ যদি এক লাখ গুজৰে সমগ্ৰ ভাৰত কঁপাই তুলি নিজৰ উদ্দেশ্য সাধনত সফল হ’ব পাৰে, তেনেহ’লে ডেৰ কোটি অসমীয়াই এক হৈ এক বিপ্লৱৰ মাজেৰে সমস্যাবোৰ সমাধান কৰিব নোৱাৰিব কিয়?

আজি অসমীয়াসকল অতি জটিল সন্ধিক্ষণত উপনীত হৈছে ৷ ৰাজনৈতিক কুচক্ৰৰ বলি হৈ অসমীয়াসকল অসমতেই সংখ্যালঘু হ’বলৈ ওলাইছে ৷ কিন্তু এই দুৰ্যোগৰ কালতো সমস্যাটো সমাধান কৰাৰ পৰিৱৰ্তে ৰাক্ষকৰূপী কিছুমান পাবত গজা ভণ্ড নেতাই এই স্পৰ্শকাতৰ বিষয়টোৰ সৈতে খেলি নিজৰ ৰাজনৈতিক জীৱনহে উজলাব বিচাৰিছে ৷ আজি অসমৰ প্ৰায় প্ৰতিখন জিলাতেই উদ্বেগজনকভাৱে বজাৰত নিৰ্বিবাদে বস্তুৰ দাম বঢ়া দি অবৈধ বাংলাদেশীৰ সংখ্যাও নিৰন্তৰ বাঢ়ি গৈছে ৷ আনকি শাসনৰ নামত শোষণ কৰা আমাৰ এই ভণ্ড শাসকসকলে পাৰি দিয়া বৰপীৰাত বহি লৈ ভোটো খেলিলে ৷ ভয় হয় – ভৱিষ্যতে সিহঁতেই শাসন কৰিব নেকি? বুকুখন দেখোন বাৰুকৈয়ে বিষায়- নাই নেকি কোনো অসমীয়া জীয়াই?

আজিৰ অসমীয়াসকলৰ অসমীয়া বুলিবলৈ কোনো জাতিগত স্বকীয় বৈশিষ্ট্য নাই ৷ অত্যাধুনিকতাৰ লেবেল লগাবলৈ তথা ‘ষ্টেটাছ ছিম্বল’ৰ ভাৰ বঢ়াবলৈ আজিৰ অসমীয়াসকলে নিজস্বতাক কবৰস্হ কৰি পাশ্চাত্য সংস্কৃতিৰ গড্ডলিকা প্ৰৱাহত নিজকে এনেদৰে উটুৱাই দিছে যে এই তথাকথিত অসমীয়া সকলৰ বাবেই অসমীয়া ভাষা সংস্কৃতিৰ মৃত্যুমুখী যাত্ৰা আৰম্ভ হৈছে ৷ এতিয়া অসমীয়া শিশুসকলে পাঠ্যক্ৰমত মহাপুৰুষ শংকৰদেৱৰ বিষয়ে অথবা আমাৰ জাতীয় উৎসৱ বিহুৰ বিষয়ে পঢ়িবলৈ নাপায়- সিহঁতে পঢ়ে যীশুখ্ৰীষ্ট, খ্ৰীষ্টমাছ ডে’ৰ কথা ৷ সেয়েহে অসমীয়া মাধ্যমৰ এই ‘স্মাৰ্ট’ শিশুবোৰে আকস্মিক বক্তৃতাত কয়- শংকৰদেৱ এজন ফ্ৰীডম ফাইটাৰ, বিহু মানে …..ৰ গান ৷ আটাইতকৈ ডাঙৰ কথা কি জানে- যোৱা বৰ্ষত হৈ যোৱা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ‘মিছ জি ইউ’ প্ৰতিযোগিতাত বিচাৰক মণ্ডলীয়ে এজন প্ৰতিযোগীক সুধিছিল- ‘জেউতি’ শব্দৰ অৰ্থ আৰু বিহুৰে বিজড়িত অসমীয়া সাজ-পোছাক দুযোৰ মানৰ নাম ৷ ‘ছ’ৰি! এক্সুৱেলি মই ইংলিছ মিডিয়ামত পঢ়িছিলোঁ ৷ সেয়েহে আনছাৰটো দিব নোৱাৰিম ৷’, এইটো আছিল অত্যাধুনিক ‘স্মাৰ্ট’ ছোৱালীজনীৰ উত্তৰ ৷ উত্তৰটো শুনাৰ লগে লগে গা বিছাই ডাকাই দি ডাকিছিল ৷ কাণ-মূৰ গৰম হৈ উঠিছিল ৷ ‘দিও নেকি কাণতলীয়া ‘-’ এটা সোধাই’, চৰম ক্ষোভেৰে দাদা এজনে কৈ উঠিছিল ৷ কিন্তু এই কাণতলীয়াটো পাবৰ যোগ্য কোন? কিয়, কাৰ বাবে আমাৰ আজি এই দুৰৱস্হা? মই ন দি ক’ব পাৰো যে এটা জাতিক সৰ্বাঙ্গসুন্দৰ ভাৱে চহকী কৰি থৈ যোৱা মহাপুৰুষ এজনেই আছে আৰু এইজনা মহাপুৰুষ হৈছে মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ ৷ কিন্তু দেশৰ ভৱিষ্যত সকলৰ মুখত শুনিবলৈ পোৱা গ’ল- শংকৰদেৱ এজন ফ্ৰীডম ফাইটাৰ ৷ ইয়াতোকৈ বিড়ম্বনা আৰু কি হ’ব পাৰে? আজিৰ এই অত্যাধুনিক ছাত্ৰসকলক আপুনি যদি প্ৰশ্ন কৰে- কাতি বিহু, ঢোল-পেঁপা- গগনা অথবা লাচিত বৰফুকন, জ্যোতি-বিষ্ণু, কনকলতাৰ বিষয়ে; তেন্তে সিহঁতৰ পৰা আপুনি এটি কৌতুকৰ লেখীয়া উত্তৰহে আশা কৰিব পাৰে ৷ তদুপৰি হৃদয় ভেদি যোৱা কথাটো কি জানে- ডেৰকোটি অসমীয়াৰ ৪৫ লাখেই মাতৃভাষাটো লিখিব নাজানে ৷ অথচ আমাৰ এই নিৰ্লজ্জ, দেশাত্মবোধহীন অভিভাৱক-অভিভাৱিকাই সগৰ্বে কয়- ‘আমাৰ বাবাই অসমীয়া ভালদৰে ক’বই নাজানে, সি ইংলিছেৰেহে কথা পাতে ৷’ বৰ্তমান অসমীয়া মাধ্যমৰ চৰকাৰী স্কুলৰ শ্মশানমুখী যাত্ৰা আৰম্ভ হোৱাৰ পৰিৱৰ্তে এতিয়া ঘৰে প্ৰতি ভাৰতীয় জীৱন বীমা নিগমৰ প্ৰতিনিধি থকাৰ লেখীয়া অসমৰ চুকে-কোনে সকলোতে ইংৰাজী মাধ্যমৰ স্কুল গঢ়ি উঠিছে ঠিক কাঠফুলা ফুলা দি ৷ এতিয়া অসমৰ প্ৰায় সকলোবোৰ দোকান-পোহাৰৰ নাম, বিজ্ঞাপনৰ হৰ্ডিংবোৰ তথা সকলো অফিচ-কাছাৰীৰ কাম-কাজত ইংৰাজী ভাষাই ভিৰ কৰিছেহি ৷ এফ এমবোৰেতো ভাষাটোক লাব্ৰা (তৰকাৰী) বনাই দিছে ৷ বৰ্ষটোৰ শ্ৰেষ্ঠ অসমীয়াইও আকৌ বঁটা গ্ৰহণ কৰি ইংৰাজী ভাষাতেই নিজৰ মত দাঙি ধৰিলে ৷ মুঠতে এনেদৰে প্ৰতিনিয়মত প্ৰতিমুহূৰ্ত আত্মীয়ৰদ্বাৰা অহৰহ ধৰ্ষিতা হৈ আজি সংজ্ঞাহীন হৈ পৰিছে আমাৰ ভাষা-জননী ৷ কিন্তু কথাটো শুনিবলৈ কিছু বেয়া হ’লেও এটা কথা ঠিক যে নপুংসক সকলেহে কেবল নিজৰ মাতৃৰ লাঞ্ছনা চাই থাকিব পাৰে ৷

প্ৰতি বছৰে অসমলৈ বানপানী আহে কাৰোবাৰ বাবে আলাউদ্দিনৰ চাকিটো হৈ আৰু আন শত-সহস্ৰ জনৰ বাবে সীমাহীন দুখ-যন্ত্ৰণাৰ মেটমৰা ভাণ্ডাৰ লৈ ৷ বানপানী আহিলে যে অসমলৈ কেৱল দুৰ্যোগ আহে তেনে নহয়, দুৰ্নিবাৰ গতিৰে দুৰ্নীতিৰ বৰষুণো আহে ৷ বানপানী থকা কেইদিন কি বিৰোধী দল, কি বেচৰকাৰী সংগঠন সকলোৱে ৰাজনৈতিক মুনাফা লভাৰ্থে বান সমস্যা তথা দুৰ্নীতিৰ সমস্যাক লৈ সৰৱ হৈ উঠে ৷ কিন্তু বানপানী নোহোৱা হোৱাৰ লগে লগেই সকলোকে নিবোকা চামোন হৈ বহি থাকে ? কিন্তু এইয়া উচিত নে? উচিত নোহোৱা কাৰণেই তথা সকলো নীৰৱে সহ্য কৰি থকা বাবেই আজি বান সমস্যাই আমাক জুলুকি জুলুকিকৈ পানী খুওৱাৰ লগতে প্ৰতিটো চৰকাৰী বিভাগতে দুৰ্নীতিয়ে বাৰুকৈয়ে শিপাইছে ৷ আকৌ কেন্দ্ৰীয় চৰকাৰৰ চৰম বঞ্চনাতো আছেই ৷ কেন্দ্ৰীয় চৰকাৰৰ এই মাহী আইৰ দৃষ্টিয়ে আমাক বহু সময়ত ভাবিবলৈ বাধ্য কৰে যে বন্দুক পাৰ্টিৰ স্বাধীন অসম বিচৰা কাৰ্যটো দেখোন তেনেই নিৰৰ্থক নহয় ৷ অৱশ্যেই মই বন্দুক পাৰ্টিৰ হিংসাৰাজক সমৰ্থন কৰিবলৈ যোৱা নাই ৷ কিয়নো পথভ্ৰষ্ট হোৱা এই বন্দুক পাৰ্টিৰ নপুংসকৰ লেখিয়া হিংসাৰাজবোৰে অসমীয়া আইৰ বুকুত কেতিয়াও আঁকিব নোৱাৰে এটি নতুন সূৰুজ ৷ অৱশ্যে অসমত কাউৰী-শগুণৰ সংখ্যা বঢ়াব পাৰিব ৷

আমাৰ শিক্ষা জগতৰ প্ৰাণকেন্দ্ৰ গুৱাহাটী বিশ্ববিদ্যালয়ক বিশ্বমানৰ কৰি তোলাটো বহু সময়ত বহুজনাৰে সোণসেৰীয়া সপোন আছিল ৷ কিন্তু চৌদিশে লুণ্ঠনৰাজ চলা বৰ্তমানৰ অসমখনত যেন তেনে সপোন দেখাটো ভুল ৷ সেয়েহে খেনোৱে আনকি ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈ গুৱাহাটী বিশ্ববিদ্যালয়ক বিদায় জনোৱাৰ দৰে হৃদয়বিদাৰক ঘটনাও ঘটিছিল ৷ কিন্তু এই কথাই সৰ্বসাধাৰণৰ কথাতো বাদেই, তথাকথিত অসমীয়া বুদ্ধিজীৱী সকলোৰো গাৰ নোমকে লৰাব নোৱাৰিলে ৷

আৰু সন্ত্ৰাসবাদ! শব্দটো মনলৈ আহিলেই স্বত:স্ফুৰ্ত ভাবেই মনলৈ আহি যায় কিছুমান হৃদয় ভেদি যোৱা মৰ্মন্তুদ দৃশ্যৰ ভয়াবহ কিছুমান ছবি, আৰু ইয়াৰ লগে লগে থৰ্ থৰকৈ কঁপিব ধৰে সমগ্ৰ শৰীৰটো ৷ কি বিচাৰিছে ইহঁতে আৰু আমাৰ চৰকাৰখনে! অৱশ্যে এইবোৰ কথা আমি বহু সময়ত বুজিও নুবুজো আৰু নুবুজাকৈয়ে কেতিয়াবা বহু কথা বুজি পাওঁ ৷ মুঠতে মানৱীয় অনুভূতিক গুৰুত্ব দিয়েই বিদ্ৰোহী সংগঠনবোৰ আৰু চৰকাৰ আলোচনাৰ মেজলৈ অহা উচিত ৷ কিন্তু এই কথা সঁচা যে সন্ত্ৰাসবাদ নিৰ্মূল কৰিবলৈ হ’লে প্ৰথমতে নিবনুৱা সমস্যা দূৰীকৰণ কৰিবই লাগিব, তাৰ পিছতহে অন্যান্য প্ৰক্ৰিয়াবোৰ আৰম্ভ কৰিব লাগিব ৷

সদৌ শেষত এইটো স্বীকাৰ কৰিবই লাগিব যে আজি অসম আৰু অসমীয়াসকল দুৰ্ঘোৰ সংকটত পৰিছে ৷ এই কথা বুজি পোৱাটো ভাল হ’ব যে এই সময়ত মুমূৰ্ষু ৰোগীসকলক কোনো চিকিৎসাই জীৱন দিব নোৱাৰে অথবা মৰাৰ পিচত হাজাৰ দামী ঔষধ বা চিকিৎসা প্ৰদান কৰিও লাভ নাই ৷ গতিকে অসমীয়াসকল জাগ্ৰত হোৱাৰ সময় সমাগত ৷ আমাৰ হাতত আছে অযুত শক্তি – প্ৰয়োজন মাথো আমাৰ মাজত সুপ্ত হৈ থকা জাতীয়তাবাদী তথা বিপ্লৱী সত্তাক জাগ্ৰত কৰা ৷ এই বিপ্লৱী সত্তাৰে আমি এনে এক বিপ্লৱৰ জন্ম দিব লাগিব যি বন্ধ বা ধৰ্মঘটৰ নিচিনা ঠেকগণ্ডীৰ মাজৰ সীমাৱদ্ধ নাথাকি জন্ম দিব আন এক কাৰ্যকৰী বিপ্লৱৰ ৷ এই বিপ্লৱৰ জোৰৰ ফলত চৰকাৰে কেৱল প্ৰতিশ্ৰুতি দিয়েই ক্ষান্ত থাকিব নোৱাৰে; তেক বাস্তৱায়িত কৰিবলৈ বাধ্য হ’ব ৷ সকলোৱে অতি সহৃদয়তাৰে আকোঁৱালি ল’ব অসমীয়া ভাষা-কৃষ্টি-সংস্কৃতি ৷ এক সৃষ্টিশীল বিপ্লৱেই মাথোঁ সকলো সমস্যাৰ সমাধান ৷ সেয়েহে আহক, প্ৰতিজন অসমীয়াই এই মহাসংকটৰ সময়ত পাৰস্পৰিক বিদ্বেষমূলক ভাৱ তথা সংঘাত আদি পাহৰি আমাৰ মাজত সুপ্ত হৈ থকা দেশাত্মকবোধ জাগ্ৰত কৰি একোখন উমৈহতীয়া মঞ্চত থিয় দি এক প্ৰকৃত বিপ্লৱৰ জন্ম দিও আৰু অসমীয়া জাতিক স্বকীয়তাৰ হেঙুল হাইতাল বলাই বিশ্বজনীনতাৰ ৰঙেৰে ৰঙীন কৰি বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰোঁ ৷

[ইতিপূৰ্বে ২০০৯চনত ‘জিমটেক’ত প্ৰকাশিত ৷]

অন্যান্য লেখা :

Share.

Comments are closed.