অশিক্ষিত মানুহৰ সংখ্যাধিক্যই সহায় কৰিছে চিনিক মানুহবোৰক

0


অসমত নিউজ চেনেলসমূহৰ ব্যৱসায়ীক উত্থান আৰু ৰাজনৈতিক পক্ষপাতিত্বমূলক বাতৰি প্ৰচাৰ সম্পৰ্কীয় বিতৰ্কই এটা কথা প্ৰমাণ কৰিলে আৰু সাধাৰণ নাগৰিকৰ মনলৈকো এই স্পষ্ট ধাৰণা আনি দিলে যে- ৰাজনৈতিক ক্ষেত্ৰখনত এতিয়াও সংবাদ-মাধ্যমে বিৰাট প্ৰভাৱ বিস্তাৰ কৰে; কাৰণ সেইটো নোহোৱা হ’লে পক্ষপাতদুষ্ট বাতৰি প্ৰচাৰ কৰাতকৈ মূল বাতৰিকে প্ৰচাৰ কৰিবলৈ সকলোৱে সাহস কৰিলেহেঁতেন। ব্যাপক দুৰ্নীতিৰ কাহিনী দেখি আৰু শুনি সাধাৰণ মানুহৰ মনলৈ এক ধাৰণা আহিছিল যে ‘সংবাদে ৰাজনীতিত একো প্ৰভাৱ পেলাব নোৱাৰে।’ এতিয়া সেই ধাৰণা সলনি হোৱা যেন দেখা গৈছে। কিন্তু, পক্ষপাতদুষ্ট বাতৰি প্ৰচাৰ কৰে বুলি জানাৰ পাছতো নাগৰিক যে সচেতন হৈ পৰিব পাৰিব তেনে নহয়, কাৰণ তেনে বাতৰিত যদি তিনিটা তথ্য দিলে বাতৰিটো সম্পূৰ্ণ শুদ্ধ হ’লহেঁতেন তেন্তে তাৰ পৰা দুটা তথ্য আঁতৰাই এটা তথ্যহে দিয়া হ’ব পাৰে আৰু কোনো এক দিশত এনে এক প্ৰাৱল্যৰে যুক্তি আগবঢ়োৱা হ’ব পাৰে যে তাক অতিক্ৰম কৰাৰ দক্ষতা সৰহসংখ্যকৰে নাথাকে। চিনিক ব্যক্তিবিলাকে নাগৰিকৰ এই দুৰ্বলতাক খুব ভালকৈ উপলব্ধি কৰি লয়, সেইবাবেই অধিকসংখ্যক নাগৰিকৰ এনে দুৰ্বলতা থকালৈকে তেওঁলোকক সহজে একোৱেই সলনি কৰিব নোৱাৰে। আৰু নাগৰিকৰ এই দুৰ্বলতা (অন্ততঃ) আমাৰ ভাৰতবৰ্ষত হয়তো চিৰ দিন থাকি যাব। শিক্ষাহীনতাই ইয়াৰ মূল কাৰণ। কেইবছৰমান আগতে মনলৈ আতংক আনি দিয়া এষাৰ কথা পঢ়িছিলো- “(সাক্ষৰতাৰ চৰকাৰী সংজ্ঞা অনুসৰি)ভাৰতৰ সৰ্বমুঠ অশিক্ষিত লোকৰ সংখ্যা ইংলেণ্ড, ফ্ৰান্স, জাৰ্মানী, ইটালী, স্পেইন, নৰৱে, ছুইডেন, ডেনমাৰ্ক, দক্ষিণ কোৰিয়া আৰু জাপানৰ মুঠ জনসংখ্যাতকৈ অধিক। আপুনি যদি সাক্ষৰতাৰ অধিক বাস্তৱসন্মত সংজ্ঞা গ্ৰহণ কৰে তেন্তে ভাৰতৰ অশিক্ষিত লোকৰ সংখ্যা সমগ্ৰ ইউৰোপ মহাদেশৰ মুঠ জনসংখ্যাতকৈ অধিক হ’লহেতেন।” আনহাতে, শিক্ষিতসকলৰো প্ৰত্যেকৰে বাৰু মূল্যবোধ কিমান? ৰাজনীতিৰ ক্ষেত্ৰক নিলগাই থৈ শিক্ষাজগতৰ সৈতে সংস্পৰ্শ থকা এটা উদাহৰণ দিওঁ-

কেইবছৰমান আগতে এজন অধ্যাপকে তেওঁক এখন আন্তঃৰাষ্ট্ৰীয় চেমিনাৰত বক্তৃতা দিবলৈ নিমন্ত্ৰণ জনোৱা হৈছে বুলি ছাত্ৰ-ছাত্ৰীৰ মাজত আৰু নিজৰ বিভাগটোত নিজেই হুলস্থূল লগাই দিছিল। আমি ইণ্টাৰনেট খুচৰিবলৈ আৰম্ভ কৰা কেইজনমানে নিজৰ কৌতূহলৰ বাবে তথ্যবোৰ চাবলৈ আৰম্ভ কৰি দেখিছিলো যে সেই বিশেষ চেমিনাৰখনলৈ বক্তৃতা দিয়াৰ বাবে কেৱল এজন নে দুজন (তথ্যটো এতিয়া পাহৰিছো) ভাৰতীয়কহে নিৰ্বাচন কৰা হৈছে আৰু সেইকেইজন নিজৰ নিজৰ ক্ষেত্ৰত স্বনামধন্য ব্যক্তি! অধ্যাপকগৰাকী আমাৰ এই আগ্ৰহৰ দিশত সক্ৰিয় নাছিল আৰু তেখেতৰ সকলো সহকৰ্মীয়েই ইণ্টাৰনেট ব্যৱহাৰত সিদ্ধহস্ত নাছিল; আৰু আমিও কথাটো সিমানতে বাদ দিলো। তাৰপাছত, যোৱা তিনিবছৰমানৰ আগৰ কথা- সেই অধ্যাপকগৰাকীয়েই প্ৰেমৰ প্ৰস্তাৱ দিয়া গৱেষক ছাত্ৰী এজনীয়ে তেওঁলোকৰ মাজৰ কথা-বতৰাবোৰ তাইতকৈ সৰু আমি দুজনমান ল’ৰাৰ আগত বৰ্ণনা কৰেহি। শুনিব নিবিচাৰিলেও অনুৰোধ কৰি হ’লেও আমাৰ পৰা সময় বিচাৰি তাই অতি উৎসাহেৰে বহুতো কথা কৈ যায়। অধ্যাপকগৰাকীয়ে তাইক সকলো কথাই কয় বুলি কৈ তাই এদিন মোক ক’লে “এবছৰৰ পাছত ডাঙৰ চেমিনাৰ এখন হ’ব বোলে। এতিয়াই ৰেজিষ্ট্ৰেছন কৰিব লাগে, চাৰে মোকো লৈ যাম বুলি কৈছে, কাইলৈ মোৰো ৰেজিষ্ট্ৰেছন কৰি দিব। চাৰ বৰ সাংঘাটিক মানুহ দেই, এতিয়াও ইমানবোৰ খবৰ-খাটি লৈ কামবোৰ কৰি থাকে।” ‘ডাঙৰ’ শব্দটো শুনি মই তাইক সুধিলো-“কোন ঠাইত বাৰু, অমুকত নেকি?” তাই উত্তৰ দিলে- “তাতেই নেকি। চাৰে ঠাই টুকুৰাৰ নাম কি কৈছিল পাহৰিলো।” “হয় চাগে, তাতেই হ’ব। তাতেই অহাবাৰ অমুক চেমিনাৰখন হ’ব। আপুনি ঠাইটুকুৰাৰ কথা কাইলৈ চাৰক সুধিবচোন।”- এইবুলি তাইক মই ধাৰণা কৰা চেমিনাৰখনৰ সম্পৰ্কে কিছু কথা ক’লো। তাই যিটো উৎসাহেৰে অধ্যাপকজনৰ কথা কৈ আছিল, মোৰ কথা শুনাত কিছু আচৰিত হ’ল আৰু ক’লে- “মই চাৰক সুধিলে বেয়া হ’ব, তুমিয়ে লগ পালে সুধিবা।” মই অধ্যাপকজনক লগ পাম বুলি আৰু লগ পালেও সুধিম বুলি (বা সুধিব পাৰিম বুলি) তাই হয়তো ভবা নাছিল, কিন্তু মই অকস্মাতে পিছদিনাই তেখেতক লগ পাই গ’লো আৰু আন কথা পাতি থকাৰ মাজতে সুধিলো- “চাৰ আপুনি যে অহা বছৰ হ’ব লগা চেমিনাৰ এখনৰ কাৰণে ৰেজিষ্ট্ৰেছন কৰিছে সেইখন অমুকত হ’ব নেকি? আমুক চেমিনাৰখন নহয় জানো?” তেখেত চক খাই উঠিল আৰু মোৰ প্ৰতি খঙত দৃষ্টি নিক্ষেপ কৰি সুধিলে- “সেইখন যে অমুক চেমিনাৰ তুমি কেনেকৈ গম পালা?” মোৰ উত্তৰলৈ অকণো আগ্ৰহ নকৰি তৎক্ষনাত তেখেতে বেলেগ কথা উলিয়ালে আৰু পূৰ্বৰে পৰা আগ্ৰহ দেখুৱাই তেখেতে নিজেই বিভিন্ন কথা কৈ আছিল যদিও তৎমুহূৰ্ততে মোৰ ওচৰৰ পৰা গুছি গ’ল। তেখেতৰ আচৰণটো অলপ অদ্ভূত নিচিনা হ’ল আৰু পিছত ছোৱালীজনীক তেখেতক লগ পাই কথাটো সোধাৰ কথা কোৱাত তাই আৰু অধিক উচাপ খাই উঠিল- “সৰ্বনাশ কৰিলা তুমি!! চাৰে মোক কাকো নক’বলৈ কৈছিল; তুমি কিয় সুধিলা চাৰক!” “আপুনিতো কালি সুধিব পাৰিবা বুলি কৈছিল। মইতো বেলেগ কথা সোধা নাই!” “হে নহয় হে! চাৰে মোক ফোন কৰা নাই বাৰু- পিছত কৰা সময়ত ক’ব চাগে। মোক বহুত বেয়া পাইছে চাগে। তুমি আৰু কাকো নক’বা কিন্তু দেই। এইবিলাক খবৰ প্ৰথমতে কাকো দিব নালাগে। আমাৰ প্ৰফেচৰবোৰক নক’বা কিন্তু। এইবোৰ চেমিনাৰৰ কথা গম পালে চব যাবলৈ মন কৰে। কিন্তু অকল এজন গ’লেহে ইয়াত status টো ওপৰত থাকে, চব গ’লে একো নহ’ব নহয়। তুমি কাকো নক’বা প্লিজ। চাৰে মোক একদম বুজাই বুজাই হাক দি থৈছিল।” “মই নকওঁ বাৰু। কিন্তু গমটো চবেই পাব। ময়েই কেইবামাহৰ আগতেই এনেই ৰেজিষ্ট্ৰেছন কৰি থৈছো। এইখন আচলতে কেৱল চেমিনাৰেই নহয়, এখন সন্মিলন। তালৈ বহুতো ছাত্ৰ-ছাত্ৰী যোৱাৰো সুবিধা দিয়া হ’ব। তাৰ বাবে আমাৰ ইয়াত কোনেও নেতৃত্ব নলয়।…. এইবিলাক খবৰ আচলতে বিয়পাইহে দিব লাগে। এইবোৰতো একো একোটা ডাঙৰ বাতৰি, কিন্তু আমাৰ সংবাদ মাধ্যমে এইবোৰ বাতৰি প্ৰচাৰ নকৰে বুলিহে!” তাই মোৰ কথাৰ আঁত ধৰি লগে লগে ক’লে- “সেইটোৱেইতো কথা, তুমিহে গম পইছা, বেলেগে গম নাপায় নহয়।….” তাইৰ কথাত মই মনে মনে থাকিবলৈ বাধ্য হ’লো। যদি আমাৰ সমাজত সেই ধৰণৰ গুৰুত্বপূৰ্ণ বাতৰিবোৰ প্ৰচাৰ কৰাৰ ব্যৱস্থা থাকিলহেঁতেন, অৰ্থাৎ সকলোৱে কথাবোৰ সহজেই জনাৰ সুবিধা থাকিলহেঁতেন তেনেহ’লে তেওঁলোকৰ স্বপ্ন ইমান ক্ষুদ্ৰতম পৰ্যায়লৈ পৰ্যবসিত নহ’লহেঁতেন, হয়তো সুস্থ প্ৰতিযোগিতাত লিপ্ত হৈ তেওঁলোকৰ যোগ্যতা অধিক বৃদ্ধিহে পালেহেঁতেন আৰু তাৰ নিৰ্যাস সমাজলৈ বা অনুজসকললৈ বিয়পি পৰিলহেঁতেন।

‘২০০১ চনৰ ৩১ আগষ্টত চাৰ্লছ ছেছিয়ে প্ৰদান কৰা অসমপ্ৰাণ প্ৰয়াত হৰেন্দ্ৰনাথ বৰুৱা স্মাৰক বক্তৃতাৰ ভাৱানুবাদ’ ‘আত্মাৰ সন্ধানত এজন মানুহ’ শিৰোনামেৰে ২০০৯ চনত ‘আমাৰ অসম’ কাকতৰ এটা সংখ্যাত প্ৰকাশিত হৈছিল। অতিশয় মূল্যবান সেই প্ৰবন্ধটোত (বক্তৃতাটোত) এষাৰ কথা আছিল এনেধৰণৰ- “প্ৰয়াত বৰুৱা আছিল এনে এজন ব্যক্তি, যিয়ে সপোন দেখিবলৈ সাহস কৰিছিল। বহুতে তেওঁক বেছি আদৰ্শবাদী বুলি ক’ব খোজে, কিন্তু সপোন দেখিলেহে লক্ষ্য স্থিৰ কৰিব পাৰি। সঁচা অৰ্থত সপোন দেখিব নজনা লোকৰ প্ৰভাৱতেই সমাজখন আজি দুৰ্বল হৈ আছে।”

সেই প্ৰবন্ধটোৰ আন এটা অংশৰ কেইষাৰমান কথা হ’ল- “…. এনে লোকে নিজৰ জীৱন কালত হয়তো দুখ লগাকৈ নিঃসংগ হয়, বহুতো দুৰ্ভোগৰ সন্মুখীন হয়; কিন্তু তেওঁলোকে নিজৰ কাৰ্যৰ দ্বাৰা উত্তৰ পুৰুষলৈ এনে সম্পত্তি এৰি থৈ যায়, যাক লৈ ভৱিষ্যৎ প্ৰজন্মই গৌৰৱ কৰিব পাৰে।….. তেওঁলোকে নিজৰ বাবে জীয়াই নাথাকে, তথাপি তেওঁলোকে জীৱনটো পৰিপূৰ্ণতাৰে জীয়াই থাকে।”

কৰ্তৃত্বশীল আৰু পণ্ডিত হিচাপে সন্মানীয় আসনত থকাসকলৰ ক্ষুদ্ৰ স্বপ্নই আৰু বিশাল স্বপ্ন দেখাৰ সাহসৰ অভাৱে সমাজৰ মহৎ স্বপ্নবোৰকেই ব্যতিব্যস্ত কৰি পেলাইছে। সংখ্যাত কম হ’লেও সপোন দেখিবলৈ সাহস কৰা কিছুসংখ্যক এতিয়াও আমাৰ মাজত আছে বুলিয়েই সমাজখন এতিয়াও এনেদৰেই বৰ্তি আছেগৈ। সপোন দেখিবলৈ সাহস কৰিব পৰা মানুহৰ সংখ্যা বৃদ্ধিত সকলোৱেই অৰিহণা যোগাও আহক।

ঠিকনা

পংকজ জ্যোতি মহন্ত,
তেজপুৰ বিশ্ববিদ্যালয়,
[email protected]

অন্যান্য লেখা :

Share.

Leave A Reply