অম্বুবাচী মেলা – ২০১৪

0

 

সংস্কৃত শব্দ “অম্বু” আৰু “বাচী” শব্দ দুটাৰ পৰা “অম্বুবাচী” শব্দটো আহিছে বুলি পণ্ডিতসকলে ক’ব খোজে ৷ “অম্বু” শব্দটোৱে পানী আৰু বাচী শব্দটোৱে প্ৰকাশ কৰা বুজাই ৷ জ্যোতিষশাস্ত্ৰৰ মতে আহাৰ মাহত মৃগশিৰা নক্ষত্ৰৰ তিনিপাদ অতীত হ’লে চতুৰ্থপাদ আদ্ৰা নক্ষত্ৰৰ প্ৰথম পাদৰ ভিতৰত পৃথিৱী ঋতুমতী হয় ৷ অম্বুবাচী আৰম্ভ হ’বৰ দিনাক “অম্বুবাচী প্ৰবৃত্তি” আৰু শেষৰ দিনক “অম্বুবাচী নিবৃত্তি” বোলা হয় ৷ পৃথিৱীখনক সাধাৰণতে মাতৃজ্ঞান কৰা হয় ৷ লোকবিশ্বাস মতে অম্বুবাচীৰ সময়ত ধৰিত্ৰী ৰজস্বলা হয় ৷ ধৰিত্ৰী ৰজস্বলা হোৱা এই সময়ছোৱাত গঞা কৃষিজীৱি লোকসকলে অম্বুবাচী নানাধৰণে পালন কৰি আহিছে ৷
শক্তিপীঠ কামাখ্যা মন্দিৰত বিভিন্ন উৎসৱ অনুষ্ঠিত হয় যদিও আহাৰ মাহত অনুষ্ঠিত হোৱা “অম্বুবাচী মেলা” আটাইতকৈ জনপ্ৰিয় ৷ জনবিশ্বাসমতে  মতে অম্বুবাচীৰ সময়ত কামাখ্যা দেৱী ঋতুমতী হয় আৰু ঋতুধৰ্মৰ যি অশুচিতা, সেয়া কঠোৰ ভাৱে পালন কৰা হয় ৷ এই সময়ছোৱাত, অৰ্থাৎ তিনি দিন মন্দিৰৰ মুখ্যদ্বাৰ বন্ধ থাকে ৷ সেই তিনিদিন মন্দিৰত পূজা, দৰ্শনাৰ্থীৰ দৰ্শন আদি নহয় ৷
চতুৰ্থদিনা, অৰ্থাৎ অম্বুবাচীৰ নিবৃত্তিত দিনা ৰীতি-নীতিৰে দেৱীৰ স্নান-পূজা আদি সম্পন্ন কৰাৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তসকলৰ বাবে খুলি দিয়া হয় ৷ ভক্তসকলে এই দিনটো দেৱী দৰ্শনৰ বাবে আটাইতকৈ শুভ দিন বুলি মানি আহিছে ৷ অম্বুবাচী মেলাত ভাৰতবৰ্ষৰ লগতে বিদেশৰ ভক্তৰ সমাগম হয় ৷ দেশ-বিদেশৰ সাধু-সন্ন্যাসীৰ উপস্থিতি এই মেলাৰ বিশেষ আকৰ্ষণ ৷ অম্বুবাচীযোগত জগন্ময়ী কামাখ্যা দেৱীৰ ৰক্তবস্ত্ৰৰ মহাত্মা হিন্দু মাত্ৰেই বিদিত আছে ৷ জনবিশ্বাসত এই ৰক্তবস্ত্ৰ শৰীৰত ধাৰণ কৰিলে অভীষ্ট ফল লাভ হয় ৷
মেলাৰ আৰম্ভ  হোৱাৰ বহু দিন আগৰে পৰা নীলাচল পাহাৰৰ তলে-ওপৰে অগণন ভক্ত আৰু সন্যাসীৰ সোঁত বয় নীলাচলৰ শিখৰত থকা দেশৰ প্ৰসিদ্ধ শক্তিপীঠ কামাখ্যা ধামলৈ ৷ ভক্তিৰসত গদগদ ভক্তৰ ব্যস্ততা, অলেখ সাধু-সন্যাসীৰ বিচিত্ৰ কৰ্মকাণ্ডৰে উথপথপ হৈ পৰে কামাখ্যা ধামৰ চৌপাশ ৷  ২২জুন, দেওবাৰৰ সন্ধিয়া ৬:৩৭:৩০ বজাত অম্বুবাচীৰ প্ৰবৃত্তি হয়, আনহাতে অম্বুবাচীৰ নিবৃত্তি হয়  ২৬ জন, বৃহস্পতি বাৰৰ পুৱা ৭:০১:১০ বজাত ৷ প্ৰায় দহ লক্ষ লোকৰ সমাগমৰ মাজেৰে চাৰি দিনীয়াকৈ অনুষ্ঠত উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ আধ্যাত্মিক মহোৎসৱৰ সামৰণি পৰে ৷ মেলাৰ আটাইকেইদিনতে অলেখ সাধু-সন্ন্যাসীৰ বিচিত্ৰ কাৰ্যকলাপে জনগণক আকৰ্ষণ কৰে ৷ শতাধিক নগা সন্ন্যাসীৰ উপৰিও “জুনা আখাৰা”ৰ ১১০ গৰাকী সন্ন্যাসী মন্দিৰ পৰিক্ৰমাৰ বাবে উপস্থিত হয় ৷ নগ্ন-অৰ্ধনগ্ন সন্ন্যাসীসকলে সমবেত দৰ্শনাৰ্থীৰ দৃষ্টি আকৰ্ষণ কৰে ৷

– বিজিত দত্ত,

যোৰহাট

ব্ল’গ: http://bijitdutta.wordpress.com/

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.