অমিতাৰ অপকাৰী কপাহী-পোকৰ জৈৱিক নিয়ন্ত্ৰণ ব্যৱস্থা

0

অমিতাৰ উৎপত্তিস্থল আমেৰিকা আৰু ইয়াক মেক্সিকোৰ কৃষকে প্ৰথম খেতি কৰিবলৈ আৰম্ভ কৰিছিল ৷ বৰ্তমান, সমগ্ৰ বিশ্বত আম আৰু আনাৰসৰ পাছত অমিতাই হ’ল তৃতীয় সৰ্বাধিক উৎপাদিত ফল৷ বিশ্বত প্ৰতিবছৰে প্ৰায় ১১.২২ নিযুত মেট্ৰিক টন অমিতা উৎপাদন হয়৷ ইয়াত ভাৰতবৰ্ষৰ বৰঙণি প্ৰায় ৩৮.৬১% ৷ ভাৰতৰ কেইখনমান ৰাজ্য বিশেষকৈ অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, মহাৰাষ্ট্ৰ, গুজৰাট, উৰিষ্যা, পশ্চিমবংগ, কেৰেলা, তামিলনাডু, মধ্যপ্ৰদেশ আৰু অসমত অমিতাৰ খেতি কৰা হয় ৷ ভাৰতৰ ৭৩.৭ হাজাৰ হেক্টৰ মাটিকালিৰ পৰা প্ৰায় ৪.২ নিযুত মেট্ৰিক টন অমিতা উৎপাদিত হয় ৷ বৰ্তমান সময়ত অমিতাখেতিৰ কৃষকক মিলিবাগ বা কপাহী পোক (Paracoceus marginatus)ৰ আক্ৰমণে বিপাঙত পেলোৱা পৰিলক্ষিত হৈছে ৷

১৯৯২ চনৰ পৰাহে এই পতংগৰ আক্ৰমণৰ বিষয়ে জনা গৈছিল ৷ সেউজ হালধীয়া বৰণৰ এই পতংগৰ আক্ৰমণ প্ৰথমাৱস্থাত মেক্সিক’, বেলিজ, গোৱাটেমালা আদি অঞ্চলত পৰিলক্ষিত হৈছিল ৷ পাছত পৰ্যায়ক্ৰমে আন আন দেশলৈ বিয়পি ভাৰততো প্ৰবেশ ঘটে ৷ অমিতাকে ধৰি অন্যান্য প্ৰায় ৫৫ বিধ উদ্যান শস্য বিশেষকৈ ভেন্দি, বেঙেনা, মধুৰী, আম, ডালিম, শিমলু আলু, ৰঙালাও আদিক ক্ষতি কৰা এই পতংগ ২০০৮ চনৰ জুলাই মাহত তামিলনাডুৰ কইম্বাটুৰ নামৰ ঠাইত পোন প্ৰথমবাৰলৈ চিনাক্ত কৰা হয়৷ এই অনিষ্টকাৰী পোকবিধ যাতায়ত তথা অন্যান্য কাৰকৰ দ্বাৰা সমগ্ৰ ভাৰততে বিয়পি পৰিছে৷ এতিয়া কেৰেলা, কৰ্ণাটক, মহাৰাষ্ট্ৰ, ত্ৰিপুৰাৰ লগতে ২০১১ চনৰ শেষ ভাগত অসমতো এই পতংগৰ অপকাৰী প্ৰাদুৰ্ভাৱ পৰিলক্ষিত হৈছে ৷ পৰৱৰ্তী সময়ত বেংগালুৰুস্থিত “নেশ্চনেল ব্যুৰু অফ এগ্ৰিকালচাৰেলি ইম্পৰটেন্ট ইনচেক্ট” নামৰ প্ৰতিষ্ঠানৰ নেতৃত্বত এই পতংগৰ সমস্যা বহু পৰিমানে নিৰ্মূল কৰিবলৈ সক্ষম হৈছে ৷ বিভিন্ন মাধ্যমেৰে এই পতংগ বৰ্তমান অসমতো প্ৰবেশ কৰিছে ৷ কপাহী পোক আক্ৰমনৰ ফলত অমিতা গছৰ পাতবোৰ সোতোৰা-মোতোৰা হৈ পৰে ৷ প্ৰথমাৱস্থাত এই পোকে অমিতাৰ পাতৰ তলফালে একগোট হৈ থাকি সময়ৰ ব্যৱধানত অমিতাৰ ফলক আক্ৰমণ কৰে৷ ইয়াৰ ফলত, অমিতাৰ ফলত কলা বৰণীয়া দাগ পৰি খাদ্যৰ অনুপযোগী কৰি তোলে৷ মিলিবাগে আক্ৰান্ত কৰাৰ বাবে ৬০ ৰ পৰা ১০০ শতাংশ পৰ্যন্ত অমিতা গছ অনিষ্ট হোৱা পৰিলক্ষিত হয়৷ পুৰঠ নোহোৱা অমিতাগছত মিলি বাগৰ প্ৰাদুৰ্ভাৱ অধিক হয় আৰু এই পতংগই ক্ষৰণ কৰা বিষাক্ত দ্ৰব্যৰ প্ৰভাৱত গছবিলাক মৰি যায়৷ তাৰোপৰি, এই পোকে নিঃসৰণ কৰা মধু কনা বা “হনি দিউ”ৰ বাবে অমিতাৰ পাত, গা-গছ আৰু ফলবোৰক ক’লা ভেঁকুৰৰ আচ্ছাদন বা “চুটি ম’ল্ড”এ ঢাকি ধৰে ৷ আক্ৰমন বাঢ়ি যোৱাৰ লগে লগে পাতৰ সালোক সংশ্লেষণ বাধা প্ৰাপ্ত হয় আৰু উদ্ভিদ জোপা মৰহি যাবলৈ ধৰে ৷ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত গছৰ তলত ঠিয় হ’লে মধুকনা সৰি পৰা পৰিলক্ষিত হয় ৷ অৱশ্যে সামান্য ক্ষতিকাৰী অৱস্থাত পাত, ফুল আৰু ফলত পতংগ অৱস্থিতি পৰিলক্ষিত হয় ৷

কপাহী পোকৰ মতা আৰু মাইকী পতংগৰ আকৃতি ভিন্ন ভিন্ন হয় ৷ অধিক উষ্ণতাত ইহতৰ বংশ বৃদ্ধি দ্ৰুত হয় ৷ এই পতংগই পৰুৱাৰ জড়িয়তে চলাচল কৰা দেখা যায় ৷ “নেশ্চনেল ব্যুৰু অফ এগ্ৰিকালচাৰেলি ইম্পৰটেন্ট ইনচেক্ট” নামৰ প্ৰতিষ্ঠানে চলোৱা এক সমীক্ষা মতে মিলি বাগৰ আক্ৰমনৰ ফলত ভাৰতীয় হিছাপত প্ৰতি বছৰে প্ৰায় ১৫০০ কোটি টকাৰ অপচয় হয় ৷ উক্ত প্ৰতিষ্ঠানে মিলিবাগৰ নিয়ন্ত্ৰণৰ বাবে “এচাৰ’ফেগাচ পাপায়ি” নামৰ এক সুক্ষ্ম পৰজীৱি মেক্সিক’ৰ পৰা আমদানি কৰি ভাৰতত মেলি দিয়ে ৷ এই কাৰ্যসূচী কিছু পৰিমানে সফল হৈছে যদিও ৰাসায়নিক কীটনাশকৰ দ্বাৰা তেনেই নাম মাত্ৰ সফলতাহে পোৱা গৈছে ৷ কিয়নো ৰাসায়নিক কীটনাশকে মিলি বাগ পতংগৰ প্ৰাকৃতিক শত্ৰুবোৰক নষ্ট কৰাৰ ফলত দীৰ্ঘদিনীয়া নিয়ন্ত্ৰণ অসম্ভৱ হৈ পৰে৷ যাতায়াত ব্যৱস্থাই এই পতংগ এঠাইৰ পৰা আনঠাইলৈ বিয়পি যোৱাত সহায় কৰে ৷ নতুন খেতিত ব্যৱহৃত পুলিবোৰ পতংগমুক্ত হোৱা উচিত ৷ ৰোগাক্ৰান্ত উদ্ভিদৰ অৱশিষ্ট অংশত এই পোক বাহ লৈ অন্য নিৰোগী গছলৈ বিয়পিবলৈ সুবিধা পায় ৷ সাময়িক সকাহৰ বাবে “প্ৰফেন’ফচ” নামৰ ৰাসায়নিক কীটনাশক প্ৰতিলিটাৰ পানীত দুই মিলি লিটাৰকৈ মিহলাই ছটিয়াব লাগে৷ অৱশ্যে খুব জোৰেৰে দৰৱ নিমিহলোৱাকৈ পানী চটিয়ালেও সুফল পাব পাৰি৷

“এচাৰ’ফেগাচ পাপায়ি”ৰ ওপৰিও “ছিউড’লেপ্টমেষ্টিক্স মেক্সিকানা (Pseudoleptomastix mexicana)” আৰু “এনাগাইৰাচ লকি (Anagyrus loecki) ” নামৰ আন দুবিধ সুক্ষ্ম পৰজীৱিয়েও মিলি বাগ পতংগ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম৷ ইয়াৰোপৰি পখিলাজাতীয় পৰভোজী পতংগ, স্পেলজিচ এপিয়াচ (Spalgis epius) ৰ পলুৱে কপাহী পোকক ভক্ষণ কৰে ৷ “নেশ্চনেল ব্যুৰু অফ এগ্ৰিকালচাৰেলি ইম্পৰটেন্ট ইনচেক্ট” নামৰ জৈৱিক নিয়ন্ত্ৰণৰ সৰ্বভাৰতীয় প্ৰতিষ্ঠানটিয়ে কৃষকৰ মাজত বিনামুল্যে এই উপকাৰী পৰজীৱী পতংগ প্ৰজাতিক যোগান ধৰে৷ এনে ৫০০ পৰজীৱীক এবাৰত মুকলি কৰিলে, অমিতা পৰিবেশতন্ত্ৰত খাপ খাই পৰে বাবে পুনঃপুনঃ প্ৰয়োগ বা মুকলি কৰাৰ প্ৰয়োজন নহয়৷ বৰ্তমান, অসম কৃষি বিশ্ববিদ্যালয়ৰ জৈৱিক নিয়ন্ত্ৰণ বিভাগৰ জৈৱিক গৱেষণাগাৰত এনে পৰজীৱী পতংগক কৃত্ৰিমভাৱে উৎপাদন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে৷

ৰুদ্ৰ নাৰায়ণ বৰকাকতি,
বিজ্ঞানী , AICRP on Biological Control
পতংগ বিদ্যা বিভাগ, অসম কৃষি বিশ্ববিদ্যালয়
যোৰহাট- ৭৮৫ ০১৩
৯৪০১৩২০৫১২(মবাইল)

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.