অপ্ৰত্যাশিত

0

xondhan-story-aug2013গাৰুটোৰ পৰা অলপ মূৰটো দাঙি বাসন্তীয়ে কাণ দিলে, হয়- দঁভূইৰ দলঙৰ ওপৰেৰে সেয়া গাড়ী পাৰ হৈ যোৱাৰ শব্দ ৷ তাই অনুমানতে গণিবলৈ চেষ্টা কৰিলে এখন, দুখন, তিনিখন… ৷

মানুহটো বাহিৰত থাকিলে বাসন্তীয়ে সদায় এনেদৰে পৰুৱাই পোৱা মানুহৰ দৰে ছটফটাই থাকিব লাগে ৷ বহু চেষ্টা কৰিও তাই ৰাতি শুব নোৱাৰে ৷ ক’ৰবাত যেন কিবা এটা হৈ যাব- তেনেকুৱা এটা আশংকাই সেই কেইদিন তাইক খুন্দিয়াই থাকে ৷ নৈমিত্তিক কাম-বনৰ মাজতে মানুহটোলৈ মনত পেলাই এপৰমান বিছনাত বাগৰি থকাটো সেইকেইদিনত তাইৰ অভ্যাসেই হয় ৷ আচলতে, ঘৰত নাথাকিলেহে মানুহটোৰ প্ৰতি বেছি মৰম জাগি তাই বলিয়াৰ দৰে হয় ৷ ক’ব নোৱাৰাকৈয়ে সেই নীৰস-উদাসীন দিনকেইটাত বাসন্তীৰ গোপালৰ প্ৰতি খিয়ালটো বাঢ়ি যায় ৷

মানুহটোৰ অবিহনে সিয়ে তাইৰ আশা-ভৰষাৰ থল ৷ একমাত্ৰ সাৰথি ৷

কিন্তু যেতিয়া নিৰ্দিষ্টদিনৰ মূৰত তাইৰ সকলো আশংকাৰ অন্ত পেলাই বুঢ়া চাইকেলখনত যজমানিৰ এসোপা টোপোলা লৈ আহি মানুহটোৱে তাইৰ ফালে চাই হাঁহি এটি মাৰে, আনন্দত তাইৰ কান্দি দিবৰ মন যায় ৷ তাইৰ অসংযত আশংকা-ভাৱনাৰ বাবে নিজৰ ওপৰতে ধিক্কাৰ জন্মে ৷

বিয়াৰ পিছত মানুহটোৱে তাইক অকলে এৰি সকাম-নিকাম কৰিবলৈ যোৱা নাছিল ৷ গ’লেও দিনতে উভতি আহিব পৰা সকামলৈহে গৈছিল ৷ কিন্তু গোপাল পাঁচ বছৰীয়া হোৱা দিনৰে পৰা মানুহটোৱে তাইক অকলে এৰি যাবলৈ সাহ কৰা হ’ল ৷ নগ’লেও পেটত গাঁঠি দিব লগাহে হ’ব ৷ বিয়া পাতি দিয়েই চাকৰিয়াল ককায়েকহঁতে বেলেগ কৰি দিলে, পিছলৈ খুওৱা-পিন্ধোৱাৰ ভয়ত ৷ সম্পত্তি বুলিবলৈ মাটিবাৰীতো নায়েই, লোটা এটাও ঘৰৰ পৰা নানিলে ৷ বুঢ়াৰ দিনত যি অলপ মাটিবাৰী আছিল তাকো ডাঙৰ কেইজনাৰ চাকৰি যোগাৰ কৰোঁতে বিক্ৰী গ’ল ৷ থাকিলেও যিকন ভাগত পালে, তাৰে কিটোনো হ’লহেঁতেন? নিজেতো হাল-কোৰ বাব নোৱাৰেই ৷ ধৰ্মৰ বাধা ৷ আধি দিওতে কেৰেলাতকৈ গুটিহে দীঘল হ’লহেঁতেন ৷ স্কুললৈ নগৈ বাপেকৰ লগত যজমানত ঘূৰি ঘূৰি যিখিনি আৰ্জিলে তাৰেই সৎ ব্যৱহাৰ কৰি জীৱ দুটা এতিয়া চলাই আছে ৷

বাসন্তীয়ে পুনৰ উমান ল’বলৈ মূৰটো দাঙিলে ৷ নাই, কোনো সাৰশব্দ নাই ৷ আৰ্মিৰ গাড়ীবোৰ যোৱাও চাগে বন্ধ হ’ল ৷ জপনাখন খোলাৰ শব্দ শুনে নেকি তাই কিছুপৰ কাণ পাতি ৰ’ল ৷ নাই, কেৱল গভীৰ নিস্তব্ধতা ৷

তাই গোপাললৈ চালে ৷ সি লালকাল দি শুই আছে ৷ তাৰ দেহাটো খাবলৈ নেপালেও ভাললগা হৈ উঠিছে ৷ গাঁৱৰ তিৰোতাবোৰে কেনেকৈ যে কয়, যেন সি ক’ৰবাত অমৃতহে খাবলৈ পাইছে ৷ কেনেদৰে বোলে আঠিয়া কলটোৰ দৰে বাঢ়ি গৈ আছে ৷ সিহঁতৰ চকুত পৰি তাৰ কিবা এটা হয় বুলি বাসন্তীৰ বৰ ভয় লাগে ৷ তাৰ গাটো জৰাই-ফুকাই দিবলৈ সেইবাবেই বাসন্তীয়ে মানুহটোক কয় ৷ দুখীয়াৰ ঘৰ বাবেই মানুহবোৰে সিহঁতক বেয়া চকুৰে চোৱা যেন লাগে ৷ গোপালক স্কুলত দিব পৰাও হ’ল ৷ তাক মানুহ কৰাৰ ইচ্ছা ৷ সেয়েহে তাই মানুহটোক সদায় কয়- তাক স্কুলত নাম লিখাই দিবলৈ ৷ কিন্তু নাম লিখাই লোৱা মানেই খৰচৰ বাট মুকলি কৰা ৷ মানুহটোৱে চাৰিওপিনে জোৰা-টাপলি মৰা টান হৈ পৰিছে ৷

বাসন্তীৰ ভাব হয় উপাৰ্জনৰ বাটটো যদি দুয়োটাই ভগাই ল’ব পাৰিলেহেঁতেন ৷ পিছে যজমানি কৰা জগন্নাথ ঠাকুৰৰ তিৰোতা হৈ তাই কাৰ কাপোৰ ধুই দিব, কাৰ বাচন ধুই দিব, কাৰ ভুঁই ৰুই দিব? এইবোৰ কৰিলে মানুহটোৱে বেয়া নাপায় ৷ মানুহটোৰ নাক কটাও নাযায়, যাব সিহঁতৰ- ভাই বোৱাৰীয়েকে লোকৰ ঘৰে ঘৰে কাম কৰি ফুৰিলে ৷ সেয়ে মানুহটোৱে তাইক একো কৰিব নিদিয়ে ৷ সিহঁতৰ নহ’লেও মানুহটোৰ ককায়েকহঁতলৈ মৰম শ্ৰদ্ধা আছে ৷ সিহঁতৰ সন্মানৰ প্ৰতি সদায় সচেতন ৷ সেয়েহে ‘যি পাইছোঁ সিয়েই যথেষ্ট’ ৷

বাসন্তীয়ে গোপালৰ মূৰত হাত বুলাই আছিল ৷ গাজনিৰ শব্দ শুনি কাণ পাতি ৰ’ল ৷নহয় ৷ দভূঁইৰ দলঙত সেয়া আকৌ আৰ্মিৰ গাড়ী উঠাৰহে শব্দ ৷ দলংখনৰ অৱস্থা যি হৈছে, সামান্য গৰুগাড়ী এখন গ’লেই বুঢ়া মানুহৰ দাঁত লৰাদি লৰি থাকে ৷ তাতে দিন নাই, ৰাতি নাই আৰ্মিৰ গাড়ীৰ যিহে পিপৰাৰ দৰে লানি; দলংখন নাথাকিবগৈ ৷

মানুহটোৱে ৰাতি কৰিলেও আগতে বাসন্তীৰ ভয় নেলাগিছিল ৷ এতিয়া লাগে ৷ চাৰুলতাৰ উকা কপালখনৰ কথা মনত পৰি তাই শিয়ৰি উঠে ৷

ৰাস্তাৰে শাৰী পাতি গৈ থকা আৰ্মিৰ গাড়ী সেইদিনা ৰাতি সিহঁতৰ গাঁৱৰ এচুকত ৰোৱা হয়তো কোনেও মন কৰা নাছিল ৷ কিন্তু অলপ সময়ৰ পাছতে গিৰিপ্-গাৰাপ্ জোতাৰ শব্দ সকলোৱে শুনিবলৈ পাইছিল ৷

দ্বিবনক বিচাৰি চাৰুলতাহঁতৰ ঘৰত সোমাইছিল সিহঁত ৷ দ্বিবনক নেপাই বন্দুকৰ গুলিৰে থকাসৰকা কৰিছিল ককায়েক বীৰেন্দ্ৰক ৷ চাৰুলতাই চিঞৰত গগণ ফালিছিল ৷ কোদোৰ বাহক জোঁকাই ল’বলৈ কোন যাব? সকলোৱে ভয়তে তাপ মাৰিছিল ৷ এটা সময়ত চাৰুলতাৰ সংজ্ঞাহীন দেহটোৰ ওপৰত অত্যাচাৰ কৰি গুচি গৈছিল সিহঁত ৷ ৰাতি তেতিয়া পুৱাবলৈ বহুত বাকী ৷

চাৰুলতা বিধবা হ’ল ৷

চাৰুলতাৰ উকা কপালখনলৈ বাসন্তীয়ে চাব নোৱাৰে ৷ বুঢ়াগোঁসাই ঘৰৰ সমুখৰ বিৰাট আঁহতজোপা উভালি পৰিলে ঠাইখন যেনেকুৱা লাগিব ঠিক তেনেকুৱা লাগে চাৰুলতাৰ কপালখন ৷ এফালে বিৰহৰ বেদনা, আনফালে আকৌ লোকৰ নিন্দা ৷ চাৰুলতাক চাই সেয়েহে বাসন্তীৰ বুকুখন ধানবনা কলটোৰ দৰে ধপধপাই উঠে ৷ ঘটনাটোনো ঘটিবলৈ কিমাননো দিন হ’ল? এতিয়া চাৰুলতাই এজন ল’ৰাৰ লগতো কথা হ’ব নোৱাৰে ৷ কুৎসা ৰটনাই তাইক বেৰি ধৰে ৷ অথচ গাঁৱৰ কেইজনী সধৱা অসংযত অবৈধ কাৰ্যত লিপ্ত সেয়া বাসন্তীয়ে নেলাগে গাঁৱৰ বহুতেই জানে ৷ কিন্তু তাৰ বিষয়ে মাত মাতিবলৈ হ’লে তেওঁলোক দেশৰ কামত আৰু নিজৰ কামত ইমানেই ব্যস্ত হৈ পৰে যে সেইবিলাক তেতিয়া নগণ্য কথা হৈ পৰে ৷ মাথোন চাৰুলতাৰ জীৱনটো দু:সহ কৰি তোলাৰ প্ৰচেষ্টা ৷ বাতৰি কাকতত বোলে তাইৰ ফটো উঠিল- টকা পাব বুলি ৷ টকাকেইটা আনি দিয়াৰ ব্যৱস্থা কৰিব কোনেও নোৱাৰে ৷ বাসন্তীয়ে জানে যে চাৰুলতাই সেই টকা ল’ব নোৱাৰে ৷ নলয় ৷ তাই বুজি নাপায়, এজন মাতৃৰ সতীত্বক মানুবোৰে কিয় টকাৰে জুখিবলৈ যায়?

আশংকাই বাসন্তীক বেৰি ধৰে ৷ দেশত চাৰিওপিনে জুই লাগিছে ৷ যাকে য’তে পাই ধৰি নি শাস্তি দিছে ৷ জেৰেঙাৰ শাস্তি ৷ কোনে কাক কিয় শাস্তি দিছে কোনেও নাজানে ৷ কেৱল মৃত্যুৰেই খবৰ ৷ চাৰিওপিনে যেন ক’লা ক’লা ভূত কিছুমানে জুইৰ দৰে জিভা মেলি দেশখন ছাৰখাৰ কৰিব খুজিছে ৷ বাসন্তীয়ে পানীৰ ঘাটত নাইবা গোসাঁই ঘৰত কথাবোৰ শুনে ৷ দুগুণে আশংকিত হৈ তাই জগন্নাথ ঠাকুৰক যজমানলৈ যাবলৈ বাধা দিয়ে ৷ ‘চলিব কিবা কৰি, সেইবুলি জীৱনটোৰ টনাটনি কৰি.., বাটত যদি..’

উচ্চস্বৰে হাঁহি মানুহটোৱে কেৱল এটা কথাকেই কয়, ‘ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে ৷’- বাসন্তী নিশ্চুপ হৈ ৰয় ৷

এটা সোঁ-সোঁৱনি শুনা যেন লাগিল বাসন্তীৰ ৷ হয় ৷ বতাহ বলিছে খুব জোৰেৰে ৷ মানুহটো আহি পায় বুলি তাই চাকিটি জ্বলাই থৈছিল ৷ হালধীয়া অকণ পোহৰেৰে সৰু পঁজাটো গভীৰ অন্ধকাৰতো কিছু উজ্জ্বল কৰি ৰখা চাকিটি বতাহৰ কোবত নুমাই গ’ল ৷ বাসন্তীয়ে আৰু উঠিবলৈ ইচ্ছা নকৰিলে ৷ তাই জোৰেৰে গোপালক সাবটি ধৰিলে ৷ বাহিৰত তেতিয়া বিজুলী ঢেৰেকণিৰে প্ৰচণ্ড বৰষুণ ৷ বতাহৰ বেগ ক্ৰমাৎ বাঢ়িবলৈ ধৰিলে ৷

হঠাৎ যেন পাহাৰ এখনহে খহি পৰিল ৷ বিৰাট শব্দ কৰি গোটেই পৃথিৱীখন কঁপি উঠিল ৷ বৰষুণৰ টোপালবোৰ বেৰৰ ফাঁকেৰে তাইৰ গাত টপাটপ পৰিবলৈ ধৰিলে ৷ বতাহৰ হোঁ-হোৱনিটো পাকঘূৰণি খাই ঘূৰি থকা যেন লাগিল ৷ বাসন্তীৰ সৰু ঘৰটো থক্ থক্ কৈ কঁপিবলৈ ধৰিলে- ‘হে ভগৱান ! মানুহটো যদি আহি আছিল !’ কাণ তাল মৰা শব্দত একো নুশুনা হ’ল ৷

বাসন্তীয়ে গোপালক জগাই দি দুয়ো বিছনাৰ তলত সোমাই পৰিল ৷ কাক মাতিব? কোনে শুনিব? সকলোৱে নিজক লৈ টনাটনি কৰি থাকিল ৷ বিছনাৰ তলত গোপালক সাবটি থাকি তাইৰ ভাব হ’ল- এইমাত্ৰ যেন ঘৰটো ভাঙি পৰিব আৰু সিহঁতক হেঁচা মাৰি ধৰিব ৷

তাই ভবা মতে একো নহ’ল ৷

বহুপৰৰ মূৰত ধুমুহা-বৰষুণে শাম কাটিলে ৷ বস্তু-বেহানিলৈ মন নকৰি বিছনাখন অলপ জোঁকাৰি লৈ বাসন্তীয়ে পুনৰ গোপালক সাবটি ধৰি শুই থাকিল ৷

কাৰোবাৰ চিঞৰ-বাখৰত পুৱাতে বাসন্তীয়ে সাৰ পালে ৷ জীৱনটো লৈ ৰাতিটো টনাটনি কৰি অকণমান শোৱাৰ পিছত জলঙাৰে সোমাই অহা পুৱাৰ শীতল বতাহে তাইৰ ভাগৰুৱা দেহ-মন কোমলতাৰে ভৰাই তুলিলে ৷ ধুমুহাৰ অত্যাচাৰৰ বাবেই নেকি বেজাৰতে বেলিটোৱে ডাৱৰ ফালি ওলাব খোজা নাই তেতিয়াও ৷

চোতালত থিয় হৈ বাসন্তীয়ে কাণ কৰিলে ৷ মহাজনী বুঢ়ীয়ে পুৱাতে কাৰোবাৰ জাতত ধৰি গালি-শপনি পাৰিছে… ‘এনেয়ে আৰমিয়ে গাঁও ওলট-পালট কৰি গৈছে ৷ তাতে ক’ৰ পৰা জানো আপদীয়া ধুমুহাজাকে ভুতৰ ওপৰত দাহন পৰাদি পৰিল আহি? মোৰ আটাইকেইজোপা কলগছ ভাঙি নিচে ঐ চুৱাখোৱা দেৱতাই ৷’

বুঢ়ীৰ অইন একো হোৱা নাই ৷ মাথোন কলকেইজোপামান ভাঙিল ৷ তাতে হাঁহাকাৰ ৷

বুঢ়ীৰ বকনি শুনি থাকিলে বাসন্তীৰ চাউল নিসিজিব ৷ তাতে মানুহটোও পুৱাৰ ভাগতে ওলাবহি লাগে ৷ যোৱাকালি ক’ৰবাত থাকিল নিশ্চয় ৷ মানুহটো আহি পোৱাৰ আগতে সৰা-মোচা কৰি ৰন্ধা-বঢ়াত সোমাব লাগিব ৷

খৰখেদাকৈ মাটিৰ কলহটো লৈ তাই পুখুৰীলৈ খোজ দিলে ৷

গোঁসাই ঘৰৰ ওচৰ পাই বাসন্তী এক বিৰূপ অৱস্থাৰ সন্মুখীন হ’ল ৷ এক অজান আশংকাত তাইৰ বুকুখন চিৰিংকৈ গ’ল ৷ বিয়া হৈ এইখন গাঁৱলৈ আহিবৰ দিন ধৰি ধীৰে-স্থিৰে ৰৈ থকা বুঢ়া আঁহতজোপা তাই দেখি আহিছিল ৷ গোটেই ঠাইখনকে গম্ভীৰ কৰি ৰখা গছজোপা সকলোৰে বৰ মৰমৰ আছিল ৷ আজি সেইটো ঘটনাই ঘটিল যিটো কল্পনা কৰি বাসন্তীয়ে চাৰুলতাৰ কপালখনৰ সৈতে ৰিজাই চাইছিল ৷ গভীৰ অৱসাদত যেন গছজোপা উবুৰি হৈ পৰি আছে ৷ সঁচাকৈয়ে, গোটেই আকাশখনেই যেন উকা হৈ গ’ল ৷ চাৰুলতাৰ কপালখনৰ দৰেই ৷ হঠাতে বুকুখন বৰ গধুৰ হৈ পৰিল বাসন্তীৰ ৷ গছজোপা এবাৰ চুই চাবলৈ মন গ’ল তাইৰ ৷

দুখোজ দিয়েই পুনৰ বাসন্তীয়ে যি দেখিবলৈ পালে সেয়া আছিল তাইৰ সম্পূৰ্ণ অপ্ৰত্যাশিত ৷ তাই চকুৰে সৰিয়হ ফুল দেখিবলৈ ধৰিলে ৷ বাগৰি পৰা বুঢ়া আঁহতজোপাৰ তলত চাইকেলৰ সৈতে চেপেটা খাই পৰি আছে তাইৰ মানুহটো ৷

বাসন্তী আৰু থিৰ হৈ থাকিব নোৱাৰিলে ৷ হাত পিছলি তাইৰ কলহটো সুলকি পৰিল- থেকেচ!

–  ৰূপালীম দত্ত, গুৱাহাটী

অন্যান্য লেখা :

Share.

Leave A Reply