অন্ধবিশ্বাসৰ যাত্ৰা.. উলংগ অৱস্থাৰ পৰা ৰেম্পত খোজ দিয়ালৈ…

0

(১)
 

বিকাশ শিলচৰৰ আই টি আইৰ কাৰিকৰী বিভাগৰ ছাত্ৰ ৷ ভবিষ্যতৰ সুদক্ষ ইঞ্জিনিয়াৰ ৷ দেশৰ মেৰিট ৷ দেশৰ সম্পদ ৷ বিজ্ঞানৰ উচ্চ প্ৰযুক্তিৰ শিক্ষা আহৰণ কৰিব পৰাকৈ চোকা বুদ্ধি- বৃত্তিৰ গৰাকী ৷ দেশে ভবিষ্যতৰ মানৱ সম্পদ হিচাপে ভৰসা কৰিব পৰা ছাত্ৰজনে বিশ্বাস কৰে “ডাইনী” সচাঁকৈয়ে আছে ৷ বিশ্বাস কৰে এজন মানুহে মন্ত্ৰ কৰি গাঁৱৰ মানুহক অন্যায় কৰিব পাৰে; অথবা বলিলৈ আগবঢ়োৱা ছাগলীটোৱে মানুহৰে শুভ ফল আৰ্জিব পাৰে ৷

অৰ্থাৎ এনে বিশ্বাস ছাত্ৰজনৰ চোকাবুদ্ধিৰো অন্তৰ্গত ৷

(২)
 

জ্যোতিমান ৰাজস্থানৰ কোটাৰ মেডিকেল কোচ্চিঙৰ ছাত্ৰ ৷ সৰুৰে পৰা নব্বৈ উৰ্ধ্ব শতাংশৰে প্ৰগ্ৰেচিভ ৰিপৰ্ট গধুৰ কৰি ৰখা ল’ৰাক লৈ মাক দেউতাক গৌৰবান্বিত হোৱাৰে কথা ৷ কঠোৰ শ্ৰম তথা অধ্যাৱসায় কৰিও পৰীক্ষাত ভাল ফলাফলৰ বাবে কষ্টোপাৰ্জিত ধনেৰে ৭৫/৮০ হাজাৰ টকীয়া শুভ আঙুঠী পৰিধানত বিশ্বাসী মাতৃ-পুত্ৰ ৷ চোকা ল’ৰাজনৰ উগ্ৰ হিন্দুত্ববাদী সংগঠনৰ প্ৰতি আনুগত্যই জীৱনৰ আদৰ্শ ৷ দেশৰ ভবিষ্যত চিকিৎসকজনে বিশ্বাস কৰে আৰু সপোণ দেখে হিন্দুত্বৰ জয় হওঁক !

৯০ শতাংশ মেৰিটৰ ওজনত এনে বিশ্বাস আৰু আদৰ্শৰো ওজন আছে ৷

(৩)

প্ৰিয়ংকা ছোবালীজনী পঢ়াতো ভাল ; সংগীত আৰু নাটকতো পাৰদৰ্শী ৷ সাংস্কৃতিক পৰিয়ালৰ, স্বভাৱতে নিৰ্জু ছোৱালীজনীয়ে সিদিনা হোষ্টেলৰ খানাচানা হৰেণৰ সৈতে কাজিয়া কৰিবলগীয়া কথাৰ ওৰহী গছৰ ওৰ এই যে -পৰীক্ষাৰ দিনা সি কণী আৰু আলু ৰান্ধিছিল ৷ তাই দস্তুৰমত ভয় খালে ; কণী -আলু কেইটা যদি পৰীক্ষাৰ বহীখনত বহি যায় !!

এই অনুকৰণমূলক অন্ধবিশ্বাসৰ বলি অশিক্ষিত হৰেণ নহয়; সংস্কৃতিবান সিক্ষিত পৰিয়ালৰ ছোৱালী প্ৰিয়ংকাহে ৷

(৪)

স্নেহাই গ্লেমাৰ জগতত লাহে লাহে পৰিচিতি লাভ কৰিব ধৰিছে ৷ কথা বতৰা, পিন্ধন উৰণত বেচ স্মাৰ্ট ছোৱালীজনীয়ে মডেল হিচাপে ভাল নাম কৰিছে ৷ শেহতীযা ফেশ্যনেৰে আধুনিক জীৱন শৈলীত অভ্যস্ত স্নেহাই ৰেম্পত খোজ দিওতে হাতত পিন্ধা তাবিজটো ককাঁলত লুকুৱাই পিন্ধি লয়; বেয়া দেখায় বাবে ৷

আধুনিকতা স্নেহাৰ মনত নহয় ; দেহত ৷

চকুৰ আগত দেখি থকা উল্লিখিত এই চৰিত্ৰবোৰে আমাক আচৰিত নকৰে ৷ নৱপ্ৰজন্মৰ এনে চিন্তা-চেতনাই আমাৰ মনক আলোড়িতও নকৰে ৷ কাৰণ এনেকৈয়ে অগ্ৰজসকলে প্ৰতিটো প্ৰজন্মক গঢ়ি-পিটি তুলিছে ৷ গঢ় দিছে আমাৰ শিক্ষা ব্যৱস্থা- যি শিক্ষা ব্যৱস্থাই আমাক ভাটৌ হবলৈ, য্ন্ত্ৰ হবলৈ শিকায় ৷ বিজ্ঞানক পুথিগত শিক্ষাত বন্দী কৰা আমাৰ শিক্ষাব্যৱস্থাত নিজশ্ব চিন্তা -চেতনা, ব্যতিক্ৰমী সৃষ্টি -ভাৱনা হ্য় অচল টকা ৷ অচল মানবীয় যুক্তিপূৰ্ণ মানসিকতা, সূচল অযুক্তিকৰ ঠেক মানসিকতা ৷ কিয়নো আজিৰ শতিকাত যে “অন্ধবিশ্বাস”ৰ বজাৰ মূল্য বহুত ! দুখ-সুখ, হাঁহি-কান্দোন, প্ৰেম বিৰহ, সাহিত্য কলা সকলোৱে পণ্য হোৱাৰ যুগত অন্ধবিশ্বাসবোৰকো নতুন সাজ -পাৰ পিন্ধোৱা হৈছে পুজিবাদী ৰাষ্ট্ৰই বিচৰা ধৰণে ৷ সৌৱা উচ্চশিক্ষাৰ সৈতে জড়িত বিশিষ্ট অভিনেত্ৰীয়ে অহৰহ আহ্বান জনাব ধৰিছে— সন্তানটো যদি শিক্ষালাভত ব্যৰ্থ, বিবাহত যদি বিলম্ব তেন্তে তুৰন্তে অমুকাৰ পৰা হাজাৰ/ লাখটকীয়া শুভ আঙুঠী ধাৰণ কৰক আৰু সফলতাৰ হাঁহি মাৰক ৷ আকৌ একেগৰাকীয়েই উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ হৈ আহ্বান জনাই কৈছে — আত্মবিশ্বাসেই সফলতাৰ মূল কথা .. !!!

এনে আহ্বানত আপুনি/মই বিভ্ৰান্ত হোৱাৰ প্ৰয়োজন নাই ; কিয়নো — তেখেতৰ মুখ নিসৃত বাণীবোৰ—আচলতে কোনো কোম্পানী বা প্ৰতিষ্ঠানৰ স্বাৰ্থত বিক্ৰীহে হৈছে অৰ্থাত এই সকলোৱে পণ্য ৷ সৌ কলেজৰ আগত আঁৰি থোৱা কোনো শিক্ষা প্ৰতিষ্ঠানৰ বিজ্ঞাপনৰ ডাঙৰ ডাঙৰ হাৰ্ডিংবোৰত সফলতাৰ সুউচ্চ শিখৰ বগোৱা সকলৰ ৰঙা সূতা বন্ধা হাত কেইখনে আত্মবিশ্বাসৰ হাঁহিবোৰ ম্লান পেলাব নোৱাৰে বুলি জানিও সৌন্দৰ্য্য ম্লান পেলায় বুলি অনুভৱ কৰো ৷ সেই সৌন্দৰ্য্য নিজস্ব চিন্তা-চেতনা আৰু বুদ্ধিদীপ্ততাৰ সৌন্দৰ্য্য ৷

আচলতে অনুসন্ধিৎসু মন, বিশ্লেষণধৰ্মী পাৰদৰ্শিতা, পৰম্পৰাগত বিশ্বাসক নিৰপেক্ষ বিচাৰ বুদ্ধিৰে গ্ৰহণ কৰাৰ আগ্ৰহ – এই সকলো মিলিয়েই বিজ্ঞানমনস্কতা তথা যুক্তিবাদী ধাৰণাৰ বুনিয়াদ গঢ়ি উঠিব পাৰে ৷ আমাৰ চাৰিওফালৰ প্ৰকৃতি জৈৱ-বৈচিত্ৰ, মানবীয় আবেগ-অনুভূতি সুখভাৱে পৰ্য্যবেক্ষণ কৰিলেও পৰম্পৰাগতভাৱে চলি অহা বহু পায়-নাপায়ৰ ৰহস্য উদঘাটন কৰিব পাৰো ৷ চিনেমাৰ ৰিলৰ দৰেই পাৰ হৈ যায় মানৱ জীৱনৰ সভ্যতাৰ ইতিহাস ৷সেই চিকাৰ কৰি কেঁচা মঙহ খোৱাৰ পৰা জুইৰ আৱিস্কাৰ, খেতি, পশুপালন, ধৰ্ম, ৰজা, গণতন্ত্ৰ-প্ৰজাতন্ত্ৰ, গাড়ী, লাইট, টিভি, কম্পিউটাৰ, ৰবট, মহাকাশ যাত্ৰা, কৃত্ৰিম অংগ, ক্ল’ন, কৃত্ৰিম তেজ আবিস্কাৰলৈকে সভ্যতাৰ প্ৰতিটো স্তৰ, প্ৰতিটো সফলতাই কঢ়িওৱা মানৱ জীৱনৰ এই সুদীৰ্ঘ পৰিক্ৰমা ….. !!! উলংগ অৱস্থাৰ পৰা গছৰ বাকলি, গছৰ বাকলিৰ পৰা ফেশ্যন ডিজাইনাৰে ডিজাইন কৰা বাকলি সদৃশ নামমাত্ৰ বস্ত্ৰৰে ৰেম্পত খোজ দিয়ালৈকে; স্বাভাৱিক উলংগ অৱস্থাৰ পৰা ইচ্ছাকৃত উলংগ সৌন্দৰ্য্যৰ সন্ধানলৈকে সুদীৰ্ঘ সময়ৰ বোৱতী নৈত অজ্ঞানতাৰ ফলত ভুল বিশ্বাসবোৰ, অমানবীয় নিয়মবোৰ উটি যাব লাগিছিল; পিছে নগ’ল ৷ যাবলৈ দিয়াও নহ’ল ৷ মানুহ নামৰ প্ৰাণীটো যিমানেই বুধিয়ক হৈ আহিল সিমানেই শিকিলে শোষণ কৰাৰ নিজ-নতুন কিটিপ ৷ আন অৰ্থত বুদ্ধিয়ে অজ্ঞানতা নাশ কৰি অহাৰ লগে লগে অজ্ঞানতাও বুধিয়ক শ্ৰেণীৰ বাবে লাভদায়ক হৈ পৰিল ৷ মানুহে জ্ন্তুক ঘৰচীয়া কৰাৰ কৌশল আয়ত্ব কৰাৰ দিনাৰে পৰা মানুহে পৃথিৱীত অকলে শাসন কৰাৰ অধিকাৰ লাভ কৰিলে ৷ অৰ্থাৎ জন্তুক নিজৰ স্বাৰ্থত ব্যৱ্হাৰ কৰি নিজৰ ইচ্ছাধীন কৰাৰ দিনটোৱেই মানুহৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্নৰ দিন ৷ ক্ৰমাত জন্তু খাদ্যৰ উপৰিও উৎপাদন আৰু বিনোদনৰ আহিলা হিচাপে ব্যবহৃত হ’ল ৷ ঠিক এনেদৰে একশ্ৰেণী কমবুদ্ধিসম্পন্ন, দুৰ্বল মানুহো জন্তুৰ দৰে বুদ্ধিমান মানুহৰ শোষণৰ বলি হ’ব ধৰিলে ক্ৰমশঃ ৷ তাৰ বাবে প্ৰয়োজন হ’ল অজ্ঞতাৰ ফলশ্ৰুতিত সৃষ্ট ঈশ্বৰ আৰু শৃংখলিত জীৱন; মানসিক প্ৰয়োজনত উদ্ভূত ধৰ্মৰ ৷ অপৰিহাৰ্য্য হৈ পৰিল বিভিন্ন বিশ্বাসৰ ৷ অদৃষ্ট ভাগ্য, ইহুজনম-পৰজনম, জন্মফল-কৰ্মফল ইত্যাদিবোৰ হ’ল শোষণৰ প্ৰধান আহিলা ৷ কেবল হিন্দুৱেই নহয়, বিভিন্ন ধৰ্মই ঈশ্বৰ আৰু পৃথিৱীসৃ ষ্টিৰ নিজ নিজ বাখ্যাৰে নিজৰ শ্ৰেষ্ঠত্ব আৰু সত্যতা প্ৰমাণত অৱতীৰ্ণ হ’ল ৷ তাৰে মাত্ৰ এটা আমোদজনক উদাহৰণ এই যে – বাইবেলৰ মতে অৰ্থাৎ খ্ৰীষ্টধৰ্মৰ মতে খ্ৰীষ্টপূৰ্ব ৪০০৪ চনৰ ২৬ অক্টোবৰ দেওবাৰে পুৱা ৯ বজাত বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছিল অৰ্থাৎ পৃথিৱীৰ বয়স মাত্ৰ ছয়্হাজাৰ বছৰ; কিন্তু ভাৰতীয় সভ্যতা আকৌ আঠ হাজাৰ বছৰ পুৰণি ৷ এচাম ধৰ্মীয় গুৰুৱে ইহজনমৰ সমস্ত ভোগ আৰু ক্ষমতা নিজৰ হাতত ৰাখিবলৈ নিজক ঈশ্বৰৰ প্ৰতিনিধি বুলি ঘোষণা কৰি তলৰ শ্ৰেণীৰ পৰা শাৰীৰীক শ্ৰম আদায় কৰা নীতি নিৰ্দেশনাৰে নিজে আনৰ ভাগ্য নিৰ্ণায়কৰ ভূমিকাত অবতীৰ্ণ হ’ল ৷ ক্ৰমাৎ অনুসন্ধিৎসু মগজুৰে বিজ্ঞানৰ জ্ন্ম হোৱাৰ পাছতো ধৰ্ম আৰু বিজ্ঞানৰ সংঘাত সৃষ্টিৰ সময়তো এইটো শ্ৰেণীয়ে সত্যক ঢাকি ৰখাৰ অহোপুৰুষাৰ্থ চলাই গ’ল ৷ অমানবীয় বিশ্বাসৰ ৰক্ষণাবেক্ষণেৰে শোষণ, নিৰ্যাতন চলাই গ’ল ৷ কালক্ৰমত বিজ্ঞানৰ পোহৰে বহু অজ্ঞানতা নাশ কৰাৰ পাছতো এটা শ্ৰেণীৰ শোষণ, সুৰক্ষাৰ স্বাৰ্থত শুভ-অশুভ বিশ্বাসৰ প্ৰয়োজনীয়তাই নতুন সময়ত,নতুন পৰিবেশত, নতুন মাত্ৰা লাভ কৰিলে ৷ তাহানিৰ ৰঙালাওৰ খোলাত সোমাই থকা অন্ধবিশ্বাসখিনি এতিয়া বিজ্ঞানৰ সামগ্ৰী কম্পিউটাৰটোৰ ভিতৰত সোমাইছেহি ৷ তাবিজ মাদুলীৰ পৰা ফেংছুইৰ দামী চাইনীজ সামগ্ৰীলৈকে, টিকনী বা ধূতি পিন্ধা গণকৰ পৰা ষ্টেজফিট দামী কূৰ্তা পিন্ধা, লেপটপত ভাগ্য গণনা কৰা জ্যোতিষ সম্ৰাটলৈ, বাটকুৰি বাই পুজা দিয়াৰ সলনি কম্পিউটাৰৰ যোগেদি পূজাভাগ আগবঢ়াব পৰা ব্যৱ্স্থাটোলৈ, অৰ্ধাউলংগ হৈ জন্তুৰ কটামূৰ লৈ নৃত্য কৰা গুহামা নৱৰ পৰা কঁকালত মাদলি পিন্ধি ৰেম্পত খোজ দিয়া আধুনিকালৈ …অনেক যাত্ৰা, অনেক পৰিৱৰ্তন ৷ এককথাত মান্ধাতাযুগৰ পৰা উলিয়াই অন্ধবিশ্বাসবোৰক বিজ্ঞানৰ ৰংচঙীয়া পোচাক পিন্ধাই “গ্লেমাৰচলুক” দিয়াৰ চেষ্টা চলিছে অহৰহ ৷ এনে বিশ্বাসৰ মূল্য যে আকাশলঙ্ঘী ৷ আজিৰ তাৰিখত অন্ধবিশ্বাসৰ উৎস অজ্ঞতা নহয় …; অন্ধবিশ্বাসৰ উৎস পুজিবাদী সমাজব্যৱস্থা বুলি ক’লেও বঢাই কোৱা নহ’ব ৷
অথচ মানবীয়তাৰ পাঠ শিকিবলৈ নিজক প্ৰকৃতাৰ্থত শিক্ষিত আৰু আধুনিক ৰূপত গঢ়িবলৈ, পুঁজিপতি শ্ৰেণীটোক শোষণৰ সুবিধা নিদিবলৈ আজিৰ প্ৰজন্মই নিজক প্ৰশ্ন কৰিব পাৰে —

আমাৰ চিন্তা চেতনাক আনৰ ওচৰত বিক্ৰী কৰিম নে ? অমানবীয়, অযুক্তিকৰ বিশ্বাসৰ ওজন বাদ দি নিৰ্ধাৰিত হ’ব জানো উচ্চশিক্ষাৰ মান ? আধুনিকতাৰ সুগন্ধিত পোচাকৰ আঁৰৰ মনটোক অন্ধবিশ্বাসৰ দুৰ্গন্ধৰে মেৰিয়াই ৰাখিমনে ? তাহানিৰ অসহায়, অজ্ঞ উলংগ মানুহক আমি সহানুভূতিৰ পোচাক পিন্ধাব পাৰো | পিছে আজি শুভ অশুভ বিশ্বাসত মজ্জিত মানুহবোৰ দামী অলংকাৰ, বিলাসী পোচাকেৰেও দেখোন উলংগ !!!!

পোচাক ক’ত…. ?

ফোন: (৮৮৭৬৫২৯৯৪৮)

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.