অত্যাচাৰ

0

-“মাৰ্বলসোপা পেলালিনে? পেলা সেইসোপা ৷ সময়-অসময় নাই, মাৰ্বল খেলি দিন কটাবলৈ আহিছ ৷” দেউতাৰ ধমক ৷

-“আজিৰপৰা সময়মতে খেলিম ৷ পঢ়াৰ সময়ত পঢ়িম ৷” তলমূৰ কৰি উত্তৰ দিলোঁ ৷

-“নহ’ব ৷ এতিয়াই পেলা ৷ পেলা বুলিছোঁ নহয় ৷” দেউতা যেন অধৈৰ্য হৈ পৰিছে ৷

খং, ভয় ৷ ক্ষীণ প্ৰতিবাদ অথলে যোৱাৰ পথত ৷ নিৰ্বলীৰ ওপৰত বলীৰ অত্যাচাৰ ৷ বেয়া কথা হেনো এনেকুৱা অত্যাচাৰ ৷ এটা এটাকৈ মাৰ্বলকেইটা মই জানি-বুজিয়েই পথাৰত ঘাঁহ খাই থকা গৰুজনীৰ গালৈ বুলি দলিয়াই দিলোঁ ৷ দেউতাৰ খহটা হাতৰ এটা চৰ ৷ এতিয়াহে মনটো ভাল লাগিছে ৷

– মৃণাল কুমাৰ বৰা

অন্যান্য লেখা :

Share.

Leave A Reply